মাইক্ৰ' ফাইনেন্স, গ্ৰাম্য–অৰ্থনীতিৰ ভেটি আৰু ৰাজনীতি


Image Description

মাইক্ৰ' ফাইনেন্স বা ক্ষুদ্ৰ ঋণৰ ধাৰণা (concept) এতিয়া বহু চৰ্চিত বিষয় হৈ পৰিছে । এই ধাৰণাটো ভাৰতত ১৯৮৬-৮৭ চনত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক (NABARD)য়ে সূচনা কৰিছিল। সমান্তৰালভাবে কৰ্ণাটকৰ বেচৰকাৰী সংস্থা ময়ৰ্ডা (MYRADA)ই ব্যৱহাৰিকভাৱে ধাৰণাটোত গতি প্ৰদান কৰিছিল। ৯০ৰ দশকৰ পৰা এই ধাৰণাই পৰ্য্যায়ক্ৰমে এক প্ৰকাৰ অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰে। মাইক্ৰ' ফাইনেন্স বা মাইক্ৰ' ক্ৰেডিটৰ এই ধাৰণাটো আত্ম-সহায়ক গোটৰ লগত সম্পৰ্কিত বিষয় হিচাপে ৯০ দশকত গৰীৱ শ্ৰেণীৰ লোকৰ মাজতহে চৰ্চিত হৈছিল। কিন্তু সম্প্ৰতি ই বহুল চৰ্চিত বিষয় হৈ পৰিছে। বিশেষকৈ দুখীয়া মহিলাসকলৰ লগত সম্পৰ্কিত এই বিষয়টোৱে শেহতীয়াভাৱে ৰাজনৈতিক ক্ষেত্ৰখনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছে। মাইক্ৰ' ফাইনেন্সৰ বিষয়টোৱে ৰাজনৈতিকভাৱে সমস্যাৰ সৃষ্টি কৰিছে। সাধাৰণতে মাইক্ৰ' ফাইনেন্সৰ ধাৰণাটোৱে ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰি সমস্যাৰ সৃষ্টি কৰিব বুলি ভবা হোৱা নাছিল । কিন্তু অৱশেষত নভবা ঘটনাবোৰে ঘটিবলৈ লয়। অপ্ৰিয় হ'লেও ক'ব লাগিব যে ৰাজনৈতিক মুনাফা বা ক্ষমতা লাভৰ বাবে একাংশ ৰাজনৈতিক নেতাৰ পূৰ্ব পৰিকল্পিত উদেশ্য উন্মোচিত হৈছে। শেহতীয়াভাৱে ঋণ ৰেহাইৰ প্ৰসংগই এনে পৰ্য্যায় পালে গৈ যে কৰ্মোদ্যমী ঋণ গ্ৰহণকাৰী মহিলাসকলে ৰাজপথত আন্দোলন কৰাৰ হুংকাৰ দিবলৈও কুন্ঠাবোধ নকৰিলে। যিটো গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ পৰিপন্থী। তেনে ধৰণে এই সন্দৰ্ভত ৰাজনৈতিক নেতাবোৰে যি বোৰ মন্তব্য প্ৰদান কৰি সিদ্ধান্ত প্ৰকাশ কৰিলে সেয়াই মাইক্ৰ' ফাইনেন্সৰ ধাৰণাটো ৰাজনীতিকৰণৰ দিশটোকে উন্মোচিত কৰিলে। ইয়াৰ পৰা সচেতন লোক সকলৰ বুজিবলৈ বাকী নাথাকিল যে ৰাজনৈতিক ক্ষেত্ৰখনত দপদপাই থকা নেতাসকলৰ গ্ৰাম্য অৰ্থনীতিৰ ওপৰত জ্ঞানৰ গভীৰতা কিমান।

এনে পৰিস্থিতিৰ মাজেৰে দেশৰ গ্ৰাম্য অৰ্থনৈতিক উন্নয়নে ভৱিষ্যতে কিমানখিনি আশাৰ ৰেঙনি কঢ়িয়াব চিন্তনীয়। ইয়াৰ উদ্দেশ্য কি হ'ব লাগিছিল আৰু কি হ'বলৈ গৈ আছে এতিয়া নিৰ্মোহ বিশ্লেষণৰ প্ৰয়োজন আহি পৰিছে। অনুমেয় যে ৰাজনৈতিক ক্ষুদ্ৰ স্বাৰ্থৰ বাবে ইতিবাচক ভৱিষ্যতৰ সম্ভাৱনাময় ধাৰণা এটা নিঃশেষ হবলৈ গৈ আছে। মাইক্ৰ' ফাইনেন্স বা মাইক্ৰ'ক্ৰেডিটৰ ইতিহাসৰ পাত লুটিয়ালে বাংলাদেশৰ কথা প্ৰসংগলৈ আহি পৰিব। সত্তৰৰ দশকত প্ৰথম বাংলাদেশত এই ধাৰণাটো সূচনা কৰা হৈছিল যদিও ইয়াৰ আগতেই অসংগঠিত ৰূপত ইয়াৰ কিছু আভাষ পোৱা যায়। ক্ষুদ্র বিত্তীয় ব্যৱস্থাক গ্রাম্য অর্থনৈতিক বিকাশ ঘটোৱাৰ উপাদান বুলি ধাৰণা কৰিব পাৰি ৷ গ্রাম্য দাৰিদ্ৰতা দূৰীকৰণৰ বাবে গ্রামীণ বেংক বা ক্ষুদ্ৰ বিত্তীয় অনুস্থানে ক্ষুদ্র পৰিমাণত ঋণ দিয়াৰ ব্যৱস্থা কৰাটো মাইক্ৰ' ফাইনেন্সৰ পাতনি আছিল। দৰিদ্র জনসাধাৰণৰ মাজত বিত্তীয় সেৱাৰ ব্যৱস্থাটো নতুন নহয়৷ নাইজেৰিয়া, আফ্রিকাৰ দৰে সৰু-বৰ ৰাষ্ট্ৰত পোন্ধৰশ শতিকাৰ আৰম্ভণিতে অনানুষ্ঠানিকভাৱে বিত্ত যোগান ধৰা প্রতিষ্ঠান কিছুমান গঢ় লৈ উঠিছিল৷ দৰিদ্ৰতা দূৰীকৰণৰ বাবে চীনত হু’ই (Hui), ভাৰতবর্ষত চিটফাণ্ড (Chit Fund), ইণ্ডোনেছিয়াত আৰিছান (Arisan) আদি কিছুমান প্রতিষ্ঠানে ভুমিকা লৈছিল ৷ ১৭২০ চনতে আয়াৰলেণ্ডতো দৰিদ্রসকলক ঋণ প্রদান কৰাৰ উদ্দেশ্যে কিছু পুঁজি গঠন কৰা তথ্য পোৱা যায়। বহুতে মাইক্ৰ' ফাইনেন্সৰ আৰম্ভণি জার্মান দেশৰ সমবায় আন্দোলন বুলিও ক'ব খোজে। ১৯৪০ চনৰ এই বিপ্লৱে সমবায় ভিত্তিত ঋণ প্রদান ব্যৱস্থা প্রৱর্তন কৰাইছিল ৷ ভাৰতবর্ষতো সমান্তৰালভাৱে সমবায় ঋণদান সমিতি গঠন কৰা হৈছিল৷ তদুপৰি ১৯২১ চনত দৈনিক বা সাপ্তাহিক ভিত্তিত চিন্ডিকেট বেংকৰ জৰিয়তে ক্ষুদ্র জমা আঁচনি প্রৱর্তন কৰি জমাকাৰীক ঋণ দিয়াৰ ব্যৱস্থা কৰা হৈছিল ৷ আমাৰ দেশত ১৯২৮ চনত সমবায় ঋণদান প্রতিষ্ঠান গঢ়ি তুলি দৰিদ্র কৃষকসকলক কৃষিকাৰ্য্যত বিনিয়োগ কৰিবৰ বাবে ঋণ প্রদান কৰিছিল যদিও সফল হোৱা নাছিল।

প্রকৃততে ১৯৯০ চনৰ পৰাহে মাইক্র’ ফাইনেন্স ব্যৱস্থাটো ভাৰতবর্ষত কাৰ্য্যকৰী হৈ উঠিছিল আৰু দৰিদ্র জনসাধাৰণেও যথেষ্ট উপকৃত হোৱাৰ আশাৰ ৰেঙনি দেখা গৈছিল ৷ অন্ধপ্ৰদেশ, কৰ্ণাটক আদি ৰাজ্যসমূহৰ অৰ্থনৈতিক ভেটিৰ উদাহৰণ প্ৰসংগলৈ আনিব পাৰি। সত্তৰৰ দশকৰ বাংলাদেশৰ অৰ্থনৈতিক ছবিখনলৈ দৃষ্টি নিক্ষেপ কৰিলে বোধগম্য হয় যে তাত পৰিস্থিতি কিমান ধূসৰ আছিল। লগতে মাইক্ৰ' ফাইনেন্সৰ প্ৰাসংগিকতা আৰু প্ৰভাৱ কেনে ধৰণে প্ৰতিফলিত হৈছিল । বাংলাদেশ দক্ষিণ–পূব এছিয়াৰ ৰাষ্ট্ৰ । ইয়াৰ উত্তৰ, পূব আৰু পশ্চিম সীমাত ভাৰত আৰু দক্ষিণ-পূব সীমাত ম্যানমাৰ।ইয়াৰ ঐতিহাসিক নাম “বঙ্গ” বা “বাংলা”। দেশ বিভাজনৰ সময়ত বৰ্তমানৰ বাংলাদেশ পাকিস্তানৰ অন্তৰ্ভুক্ত হৈছিল। কৃষিপ্ৰধান বংগৰ মৰাপাট খেতি আছিল অৰ্থনীতিৰ মূল ভেটি। কিন্তু লাভজনক মৰাপাট উদ্যোগৰ কল-কাৰখানাসমূহ ভাৰতবৰ্ষৰ পশ্চিম বংগত থাকি যোৱাত তাৰ কৃষি অৰ্থনীতিৰ ভেটি বিধ্বস্ত হৈ পৰে ।এই পৰিস্থিতি চম্ভালিবলৈ এটা দশকতকৈও অধিক কাল সময়ৰ প্ৰয়োজন হৈছিল । আনহাতে ১৯৭১ চনৰ ৰক্তক্ষয়ী যুদ্ধৰ পৰিণতিত স্বাধীন ৰাষ্ট্ৰ হিচাবে বাংলাদেশৰ অভ্যুত্থান ঘটিছিল। । তদুপৰি দেশখনত মৌচুমী বতাহৰ প্ৰকোপত হোৱা বানপানী, ঘূৰ্ণীবতাহ আৰু ধুমুহাইও প্ৰতিবছৰে অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাইছিল। পৃথিৱীৰ গৰীৱ ৰাস্ট্ৰসমূহৰ ভিতৰত বাংলাদেশ আছিল অন্যতম। বাংলাদেশৰ অৰ্থনীতি এটা সময়ত এনে ধৰণে ভাঙি পৰিছিল যে দূৰৈত কোনো জুপুৰিত ধোঁৱা ওলালে পেটৰ ভোকত থকা দৰিদ্ৰ লোকসকলে দৌৰি গৈছিল ৰন্ধা ভাত কাঢ়ি খাবলৈ।চাৰিওফালে এক হাঁহাকাৰ পৰিস্থিতি। এমুঠি অন্নৰ বাবে হাবাথুৰি খোৱা লোকসকল ওচৰচুবুৰীয়া ৰাস্ট্ৰসমূহলৈ ঢাপলি মেলিবলৈ বাধ্য হৈ পৰিছিল । ফলশ্ৰুতিত বাংলাদেশী ভগনীয়াৰ চাপ সহ্য কৰিব লগা হয় ভাৰতেও । বিশেষকৈ প্ৰাকৃতিক সম্পদেৰে ভৰা অসমৰ ভূমিত প্ৰৱেশ কৰে জাকে জাকে বাংলাদেশী।

দাৰিদ্ৰতাৰ বোজাত ভাৰাক্ৰান্ত দেশখনৰ অৰ্থনীতি যে এদিন ঠন ধৰি উঠিব কল্পনাৰ অতীত আছিল। সাধাৰণতে অৰ্থনীতি উন্নয়নত দৰিদ্ৰসকলকে প্ৰতিবন্ধকতা বুলি ধাৰণা কৰা হয়। দৰিদ্ৰলোকৰ ভোগ প্ৰৱণতা অধিক বাবে সঞ্চয়ৰ অভ্যাস সহজে গঢ়ি নুঠে! তথাপিও বাংলাদেশৰ ভাঙি পৰা অৰ্থনীতি উজ্জীৱিত কৰি তুলিবলৈ পৰিকল্পনা কৰিছিল এগৰাকী শিক্ষকে। শিক্ষকজনে দৰিদ্ৰলোকৰ শ্ৰমেৰে দেশখনৰ অৰ্থনীতিৰ আমোল পৰিৱৰ্তন কৰি বিশ্বৰ অৰ্থনীতিবিদসকলৰ চকু থিয় কৰাইছিল। ১৯৪০ চনত জন্ম লাভ কৰা অধ্যাপক ডঃ মহম্মদ ইউনিছ নামৰ চট্ৰগ্ৰাম বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক এগৰাকীয়ে ক্ষুদ্ৰ ঋণৰ ধাৰণাৰে দেশখনৰ অৰ্থনীতিৰ আমূল পৰিৱৰ্তন সাধন কৰিছিল। তেওঁ ১৯৭৬ চনত এটা ক্ষুদ্ৰ ঋণ প্ৰদানকাৰী সংস্থা (Micro-credit) গ্ৰামীন বেংক নামেৰে এটা সামাজিক উন্নয়ন বেংক প্ৰতিষ্ঠা কৰিছিল। ১৯৮৩ চনত এই বেংকটোৱে বৈধ্যতাৰ স্বীকৃতি লাভ কৰি স্বতন্ত্ৰ বেংক হিচাপে কাম আৰম্ভ কৰিছিল। গ্ৰামীণ বেংকে মূলত ভূমিহীন দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলৰ পাঁচজনীয়া গোট গঠন কৰি ঋণ প্ৰদান কৰিছিল। বাংলাদেশৰ দৰিদ্ৰ মহিলাসকলে এই ঋণ লৈ নিজৰ নিজৰ কৰ্মদক্ষতা বৃদ্ধি কৰি সঞ্চয়ৰ অভ্যাস গঢ়ি তুলিছিল। ঋণ লাভ কৰা মহিলাসকলৰ শতকৰা ৯৮ গৰাকীয়ে ঋণ পৰিশোধ কৰিছিল, যিটো দেশৰ অৰ্থনীতিত ইতিবাচক দিশ হিচাপে উন্মোচিত হৈছিল, যাৰ বাবে ভাঙি পৰা বাংলাদেশৰ অৰ্থনীতি ঠন ধৰি উঠিছিল।দেশখনৰ ক্ষুদ্ৰ ঋণ গ্ৰহণকাৰীসকলক প্ৰয়োজনৰ তাগিদাতহে ঋণ প্ৰদান কৰা হৈছিল। যি গৰাকী যি কামৰ বাবে যোগ্য আছিল সেই গৰাকীক সেই কামৰ বাবেহে ঋণ প্ৰদান কৰা হৈছিল। ঋণ গ্ৰহণকাৰীসকলেও ঋণ লৈ জধে মধে উৎপাদনমূলক কামত নিয়োজিত হোৱা নাছিল।বজাৰৰ দাবীত পৰিকল্পিতভাৱে উৎপাদন কাৰ্য্যত জড়িত হৈ পৰিছিল।

বাংলাদেশৰ অৰ্থনীতি ঘাইকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল। দেশৰ ৪১% লোক কৃষিজীৱী। বাকী ৫৯% লোক শিল্প বা অন্যান্য সেৱাত জড়িত। দেশখনৰ প্ৰধান কৃষিজাত উৎপাদিত সামগ্ৰী হৈছে ধান, মৰাপাট আৰু চাহ।

২০২০ চনৰ তথ্য অনুসৰি বাংলাদেশৰ জনমূৰি আয় ২০৬৭ আমেৰিকান ডলাৰ। বিভিন্ন অৰ্থনৈতিক সূচাংকত বিশ্বব্যাপী বাংলাদেশৰ স্থান একেবাৰে শেষত। কিন্তু বিশ্ব বেংকৰ ২০১০ চনৰ দেশভিত্তিক এক বিশ্লেষণত এই দেশৰ শিক্ষা, জনসংখ্যা নিয়ন্ত্ৰণ আৰু অন্যান্য সামাজিক ক্ষেত্ৰত হোৱা উন্নয়ন প্ৰশংসিত হয়।

১৯৯০ চনৰে পৰা প্ৰতিবছৰে বাংলাদেশত গড়ে ৫% বৃদ্ধি আৰু ২০০৫ চনৰ পৰা ৬% দেখা গৈছে। মধ্যবিত্ত আৰু উপভোক্তা শ্ৰেণীৰ প্ৰসাৰণ ঘটিছে। ২০০৫ চনৰ ডিছেম্বৰ মাহত গ'ল্ডমেন চেক্সৰ বিশ্লেষণত বাংলাদেশক 'অগ্ৰণী ১১ দেশ'ৰ মাজত ধৰা হৈছে। ২০০৫ চনৰ ডিছেম্বৰ মাহত বাংলাদেশ বেংকে ৬.৫% মুঠ ঘৰুৱা উৎপাদন (GDP) বৃদ্ধিৰ পূৰ্বানুমান কৰিছিল। সেই অনুসাৰে বাংলাদেশৰ অৰ্থনীতিৰ উন্নয়ণৰ গতি ক্ৰমান্বয়ে তৰান্বিত হৈ উঠে। বাংলাদেশৰ সামাজিক উন্নয়ন আৰু দাৰিদ্ৰ নিৰ্মূলত গুৰুত্বপূৰ্ণ ভূমিকা লয় দেশত প্ৰচলিত ক্ষুদ্ৰ ঋণ কৰ্মসূচীয়ে। ক্ষুদ্ৰ ঋণৰ প্ৰবক্তা, গ্ৰামীন বেংকৰ প্ৰতিষ্ঠাতা তথা শান্তিৰ ন'বেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ প্ৰচেষ্টাত দাৰিদ্ৰতাৰ কৱলৰ পৰা দেশখনৰ অৰ্থনীতিৰ আমূল পৰিৱৰ্তন সাধন সম্ভৱ হয় । উল্লেখযোগ্য যে অতি সম্প্ৰতি বিশ্ব অৰ্থনীতি ভাঙি পৰিবলৈ ধৰাৰ সময়তো বাংলাদেশৰ অৰ্থনীতিয়ে ক্ৰমবৰ্ধমান গতিৰে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে । ক'ৰনা মহামাৰীৰ সময়ছোৱাত থমকি ৰোৱা নাই বাংলাদেশৰ অৰ্থনীতি। ২০২০ চনত দেশখনে ৪৩ বিলিয়ন ডলাৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰি ২০২১ চনৰ ১৭ জুনলৈ বৈদেশিক মুদ্ৰাৰ বৃদ্ধিৰ পৰিমাণ হয় গৈ ৯.৪২ বিলিন আমেৰিকান ডলাৰলৈ। স্বাধীনতাৰ পিছত বাংলাদেশৰ বৈদেশিক মুদ্ৰাৰ পৰিমাণ বৃদ্ধিৰ সৰ্বাধিক হাৰ বুলি জানিব পৰা গৈছে। এতিয়া বাংলাদেশৰ বেংকত বৈদেশিক মুদ্ৰা ৪৬০০ কোটি ডলাৰ সংখ্যা অতিক্ৰম কৰিছে। বাংলাদেশৰ মুদ্ৰাৰ হিচাপত ৩ লাখ ৯১ হাজাৰ কোটি টকা এই বৰ্ষলৈ বেংকত বৈদেশিক মুদ্ৰা জমা হৈছে।

ভাৰততো ৮০ দশকৰ শেষৰ ফালে মাইক্ৰ' ফাইনেন্স ধাৰণাটো আত্মসহায়ক গোটৰ ৰূপত প্ৰয়োগ কৰা হয়। ভাৰতৰ আত্মসহায়ক গোটত প্ৰথমে সঞ্চয় পিছত ঋণ ব্যৱস্থা কৰা হয়। কিন্তু বাংলাদেশৰ সৰু সৰু গোটবোৰক প্ৰথমতে ঋণদান, তাৰ পিছত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা হৈছিল।স্বাৱলম্বনৰ লক্ষ্যৰে গঠন কৰা আত্মসহায়ক গোটসমূহে প্ৰথমে এটা পুঁজি গঠন কৰে। দহৰ পৰা বিশজনীয়া গোটৰ নিৰ্দ্ধাৰিত সদস্যৰ বৰঙণিৰে গঠিত পুঁজিৰ ধনৰাশি বেংকৰ লগত সম্পৰ্ক ৰক্ষাৰ বাবে গোটৰ সভাপতি আৰু সম্পাদকৰ নামত যুটীয়া একাউন্টত জমা ৰখা হয় । পুঁজিৰ ধন বৃদ্ধি পালে অতি কম হাৰৰ সুদত আভ্যন্তৰীণ ঋণ (অকল গোটৰ সদস্যৰ মাজত) প্ৰৱৰ্তন কৰিব পাৰে। এই আভ্যন্তৰীণ ঋণ লৈ কোনো সদস্যই ব্যক্তিগতভাবে উৎপাদনমূলক কামত জড়িত হ'ব পাৰে। আত্মসহায় গোটৰ আভ্যন্তৰীণ ঋণৰ ব্যৱস্থা হৈছে আটাইতকৈ ইতিবাচক দিশ। ইয়াৰ দ্বাৰা সুদখোৰ মহাজন নিৰ্মূল, পুঁজিৰ ধন বৃদ্ধি, সদস্যসকল আৰ্থিকভাৱে লাভান্বিত হয়। আভ্যন্তৰীণ ঋণৰ পিচত গোট এটাই বেংকৰ লগত যোগসূত্ৰ স্থাপন বা ঋণ লাভ কৰিব পাৰে। গোটে উমৈহতীয়া বা ব্যক্তিগত উৎপাদনমূলক কামৰ বাবে বেংকৰ পৰা ঋণ ল'ব পাৰে। গোটৰ কৰ্ম-আঁচনি অনুসৰি জমা টকাৰ ওপৰত ভিত্তি কৰি বেংকে গোটসমূহক ১:১, ১:২, ২:৪ অনুপাতত ঋন প্ৰদান কৰিব পাৰে।

আত্মসহায়ক গোটৰ বাবে কোনো পঞ্জীয়নৰ প্ৰয়োজন নাই।

গোট এটাত ২০ গৰাকী সদস্যতকৈ অধিক হ'লে কোম্পানীৰ অধীনত ১৯৫৬ আইনৰ ১১নং ধাৰাত পঞ্জীয়নৰ প্ৰয়োজন হয় বাবে সদস্য সংখ্যা বিশজনতে সীমাবদ্ধ কৰা হয়। আত্মসহায়ক গোটৰ উদেশ্যৰ নাৰীসবলীকৰণ, অন্ধবিশ্বাস দূৰীকৰণ, স্বাবলম্বিতা , নিৰক্ষৰতা দূৰীকৰণ, সমাজত একতাৰ সৃষ্টি কৰা, সামাজিক উন্নয়ন, দৰিদ্ৰতা দূৰীকৰণ, বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়োৱা, কৰ্মদক্ষতা বৃদ্ধি কৰা আদি ইতিবাচক দিশ। উল্লেখযোগ্য যে ২০০০ চনৰ পৰা ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো এক বিপ্লবৰ সূচনা হৈছিল। বিভিন্ন চৰকাৰী-বেচৰকাৰী সংস্থাৰ উদ্যোগত আত্মসহায়ক গোট গঠন কৰি বেংকৰ লগত যোগসূত্ৰ স্থাপন কৰি বিভিন্ন উৎপাদনমূলক কামত গোটসমূহৰ সদস্যসকল জড়িত হৈ পৰিছিল । একোটা আত্মসহায়ক গোটৰ পুজি ইমানে শক্তিশালী হৈ পৰিছিল যে ৰাজহুৱা পথ পৰ্য্যন্ত নিৰ্মাণ কৰি সামাজিক কাম কৰা নিদৰ্শন দাঙি ধৰিছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকেও আত্মসহায়ক গোটসমূহক বেংকৰ ঋণৰ আমানতৰ ক্ষেত্ৰত ২৪ জুলাই ১৯৯১ জাননী অনুসৰি ৰেহাই প্ৰদান কৰে। আনহাতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২ এপ্ৰিল ১৯৯৬ ৰ পৰিপত্ৰ অনুসৰি ঋণৰ বাবে এটা গোটে অভ্যন্তৰ গঠন চুক্তিপত্ৰ, গোটৰ নিয়মাৱলী, ঋণৰ আবেদনপত্ৰ, আৰু গোটৰ সাধাৰণ প্ৰস্তাৱ এটায়ে যথেষ্ট। একাউন্ট খোলাৰ ক্ষেত্ৰত বেংকৰ সেৱা-সীমাও অনিৰ্ধাৰিত ।

আত্মসহায়ক গোট গঠন, পালন আৰু বেংকৰ লগত সংযোগ স্থাপন কৰাৰ বাবে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক, চমুকৈ ‘নাবাৰ্ডে’ বিশেষ ভুমিকা লয়। নাবাৰ্ডে বেংক সংযোগ কাৰ্য্যক্ৰমণিকা (Bank Linkage programme) ৰে এই পৰ্য্যন্ত যথেষ্ট পৰিমাণ ঋণ প্ৰদান কৰি আছে। তদুপৰি ভাৰতৰ গ্ৰাম্য দৰিদ্ৰতা দূৰীকৰণৰ বাবে ১৯৯৯ চনৰ প্ৰথম এপ্ৰিলত স্বৰ্ণজয়ন্তী স্বৰোজগাৰ যোজনা নামেৰে এখন আচনি ৰূপায়ণ কৰিবলৈ লয়। এই আঁচনিখনে আত্মসহায়ক গোটসমূহক সামৰি ১০,০০০ টকাৰ ৰাজসাহায্যৰ লগতে ৫০শতাংশ পৰ্যন্ত ঋণ ৰেহাই প্ৰদানৰ ব্যৱস্থাও কৰা হৈছিল। ইয়াৰ দ্বাৰা বহু গোট অনুপ্ৰাণিত হৈ উৎপাদমুখী কামত নিয়োজিত হৈ বিভিন্ন প্ৰদৰ্শনী, মেলা আদিত উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ কাৰ্য্যসূচী হাতত লৈছিল। এতিয়াও কিছুসংখ্যক আত্মসহায়ক গোটে পাৰদৰ্শিতা প্ৰদৰ্শন কৰি থকা দেখা যায় যদিও বেছিসংখ্যক গোটে মূল উদেশ্যৰ পৰা ফালৰি কাটি ৰাজসাহায্য (revolving fund)লাভৰ আশাতে বহি ৰয়। সেই সময়ত আত্মসহায়ক গোট গঠন, প্ৰতিপালন প্ৰশিক্ষণ, প্ৰদৰ্শণী আদিৰ বাবে কোটি কোটি টকা ৰাজভঁৰালৰ ধন খৰচ কৰা হৈছিল । কিন্তু গ্ৰাম্য অৰ্থনীতি উন্নয়নত উল্লেখনীয় দিশ উন্মোচিত হোৱা দেখা ন'গল । যিটো মহৎ উদেশ্যৰে বেচৰকাৰী সংস্থাসমূহে গোট গঠন আৰু পালন কৰিছিল বা এতিয়াও কৰি আছে সেইবোৰক ৰাজসাহায্য, ৰাজনৈতিক অনুগ্ৰহ প্ৰদানৰ লোভে গোটসমূহৰ দৰিদ্ৰ সদস্যসকলক দিগভ্ৰান্ত কৰে ।

মন কৰিবলগীয়া যে অসমতো আত্মসহায়ক গোটৰ ঋণ পৰিশোধৰ হাৰ ঠাইবিশেষে ৯৯% লৈ বৃদ্ধি পাইছিল। দেখা গৈছিল গাওঁৰ দৰিদ্ৰ মহিলাসকলৰ মাজত কৰ্মদ্যম আৰু দায়বদ্ধতাৰ আশাৰ ছৱি।

ইয়াৰ বাবে আগবাঢ়ি আহি এক বিপ্লৱৰ সূচনা কৰে ক্ষুদ্ৰ ঋণ প্ৰদানকাৰী সংস্থাসমূহে অসমৰ মহিলাসকলক ঋণ প্ৰদান কৰি। উল্লেখযোগ্য যে ৰিজাৰ্ভ বেংকৰ অনুমোদন পাবলৈ হলে কোনো বেংক বা বিত্তীয় প্ৰতিস্থানে সঞ্চয় আৰু ঋণ প্ৰদানৰ লগতে লাভা-লাভৰ তথ্য বা অভিজ্ঞতা দেখুৱাব লাগে। কিন্তু মাইক্ৰ' ফাইনেন্স কোম্পানী এটাৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকৰ অনুমোদনৰ প্ৰয়োজন নহয়। মাইক্ৰ' ফাইনেন্স কোম্পানী আচলতে বেংক নহয়। ই এটা Non Banking Financial company (NBFC)। এই কোম্পানীয়ে গ্ৰাহকৰ পৰা ধন জমা ৰাখিব নোৱাৰে, মাত্ৰ ঋণহে প্ৰদান কৰিব পাৰে। শেহতীয়াভাৱে অসমত এই ধৰণৰ ভালেমান কোম্পানী ৰঘুমালাৰ দৰে বিয়পি পৰা পৰিলক্ষিত হৈছে। মাইক্ৰ' ফাইনেন্স কোম্পানীসমূহে ইটোৱে সিটোৰ লগত অঘোষিত প্ৰতিযোগিতা মনোভাৱেৰে সম্প্ৰতি জধে-মধে ঋণ প্ৰদান কৰাৰ বাবে ঋণ গ্ৰহণকাৰী মহিলাসকলেও অপৰিকল্পিতভাৱে ঋণ ল’বলৈ আগ্ৰহী হোৱা দেখা যায়। সম্প্ৰতি উৎপাদনমূলক কামৰ আঁচনিৰ ভিত্তিত ক্ষুদ্ৰ ঋণ প্ৰদানকাৰী সংস্থাসমূহে হিতাধিকাৰীসকলক ঋণ প্ৰদান কৰাৰ পৰিৱৰ্তে সুদখোৰ চৰিত্ৰ ধাৰণ কৰাহে পৰিলক্ষিত হৈছে, যাৰ বাবে ঋণৰ টকাৰে বহুতে টিভি, মবাইল স্কুটি আদি ক্ৰয় কৰাৰ সুযোগ গ্ৰহণ কৰাটো নুই কৰিব নোৱাৰি। মাইক্ৰ' ফাইনেন্স কোম্পানীসমুহেও তেওঁলোকে প্ৰদান কৰা ঋণৰ টকা হিতাধিকাৰীসকলে কি কামত ব্যৱহাৰ কৰিছে তাক পৰিদৰ্শন কৰিবলৈ কিমানজন প্ৰশিক্ষণপ্ৰাপ্ত ক্ষেত্ৰসহায়ক নিযুক্ত কৰিছে জনা নাযায়। আজিৰ তাৰিখত যদি চৰকাৰে মাইক্ৰ' ফাইনেন্স সমূহৰ পৰা তেওঁলোকৰ ঋণেৰে কিমানটা ক্ষুদ্ৰ বা কুঁটীৰ শিল্প স্থাপন বা কিমানখিনি উৎপাদনমূলক কাম কৰা হ’ল তাৰ খতিয়ান বিচাৰিলে দাঙি ধৰিব পাৰিব নে সন্দেহ আছে। কিন্তু ক্ষুদ্ৰ ঋণ প্ৰদানকাৰী সংস্থাসমূহৰো গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ প্ৰতি দায়বদ্ধতা থাকিব লাগে । এনে পৰিপ্ৰেক্ষিতত চৰকাৰ বা ৰাজনৈতিক নেতাসকলে চিন্তা কৰা উচিত যে ঋণ ৰেহাইৰ প্ৰসংগ কিমান যুক্তিসংগত।

অসমৰ ঋণ গ্ৰহণকাৰী মহিলাসকলে মাইক্ৰ' ফাইনেন্সৰ পৰা কি পৰিকল্পনা বা উদেশ্যেত ঋণ লৈছিল জনাব পাৰিবনে? যদি উৎপাদনমূলক কামৰ বাবে ঋণ লৈছিল তেতিয়া হ'লে ফলাফল জনাব পাৰিবনে? হয়তো বহুতে নোৱাৰে। এইটোৱে হৈছে অৰ্থনীতি উন্নয়নৰ ডাঙৰ প্ৰতিবন্ধকতা। স্বাবলম্বিতাৰে গ্ৰাম্য অৰ্থনীতিৰ সম্ভাৱনাময় ধাৰণা এটাক একাংশই বিফল হোৱাত অৰিহণা যোগোৱা নাইনে? ইয়াৰ বাবে কিন্তু ৰাজনৈতি নেতা একাংশও কম জগৰীয়া নহয়।ভোটৰ সময়ত একাংশ নেতাই এই গোটসমূহকলৈও ভোটৰ অংক কৰে। গোটৰ সদস্যক হাজাৰ হাজাৰ টকা দি ভোট ক্ৰয় কৰা দেখা যায়। তদুপৰি নেতাসকলে ঋণৰ প্ৰতিশ্ৰুতি দি আশাত বন্দী কৰে দুখীয়া মহিলাসকলক। আমাৰ ৰাজ্যৰ প্ৰায়বোৰ গোটৰ সদস্যই ক্ৰমান্বয়ে পৰনিৰ্ভৰশীল হৈ পৰিব ধৰিছে । শেহতীয়াভাৱে পৰনিৰ্ভৰশীল হৈ পৰিছে মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা একাংশ মহিলা।

যদিহে স্বাবলম্বী হৈ নিজৰ কৰ্মদক্ষতা প্ৰদৰ্শন কৰিব বিচাৰে তেতিয়া হ'লে আনৰ অনুগ্ৰহৰ প্ৰয়োজন কিয় অনুগ্ৰহ লওক কিন্তু পৰিশোধ কৰি এজন সুনাগৰিক হিচাপে গৰ্ব কৰক। নেতাসকলেও দেশৰ অৰ্থনীতিৰ গতিশীলতাত বাধা হ'ব পৰা কামৰ পৰা আঁতৰত থাকক। প্ৰসংগক্ৰমে উল্লেখনীয় যে সম্প্ৰতি চৰকাৰে যি হাৰত হিতাধিকাৰী সৃষ্টি কৰিবলৈ ধৰিছে, ই অৰ্থনৈতিক উন্নয়নত শুভকাৰক বুলি ক'ব নোৱাৰি। পূৰ্বৰ আঁচনিৰ বিফলতাই ইয়াৰ প্ৰমাণ দাঙি ধৰিছে। এতিয়া জোৰ পুৰি হাতপালেহি। কাকো গিনিপিগ সজাই লাভ নাই। অৰ্থনীতিবিদৰ চোলা পিন্ধা একাংশ তোষামোদকাৰীয়ে যিমানে যুক্তি নিদিয়ক কিয়, ভয়ানক বিপদৰফালে গতি কৰিছে কিন্তু আমাৰ দেশ, আমাৰ ৰাজ্য। এটকীয়া চাউল লাভ কৰি কৃষকে কৃষিকাৰ্য্যও বাদ দিবলৈ ধৰিছে। এয়া পৰিতাপৰ কথা। মানুহক অকৰ্মণ্য কৰা আঁচনিৰে দেশৰ অৰ্থনীতিৰ ভৱিষ্যত কি হ'ব পাৰে এবাৰ সকলোৱে চিন্তা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। হিতাধিকাৰী সকলো সজাগ হওক আৰু এইসকল ৰাজনৈতিক নেতাক চিনাক্ত কৰক যিসকলে একমাত্ৰ ক্ষমতাৰ অংকত দেশৰ অৰ্থনৈতিক ভেটি থানবান কৰি শ্ৰেণী বিভাজনেৰে হিতাধিকাৰী সৃষ্টি কৰিবলৈ ধৰিছে ।মনত ৰাখিব নিজৰ শ্ৰমেৰে উপাৰ্জন কৰিব নোৱাৰিলে আনৰ অনুগ্ৰহত জীৱন সুখময় কৰাটো সহজ সাধ্য নহয়।।