সাগৰৰ প্ৰদূষণ


Image Description

‘নদী-নলা সাগৰেই গতি’ আক্ষৰিক অৰ্থতেই পৃথিৱীৰ সকলো পেলনীয়া বস্তুৰ সাগৰেই গতি৷ সকলো প্ৰদূষিত সামগ্ৰীৰ শেষ আশ্ৰয় সাগৰ৷ আমি ব্যৱহাৰ কৰা ঔদ্যোগিক, কৃষিজাত আৰু আন সকলো প্ৰদূষিত সামগ্ৰী নলা, নৰ্দমা, নদী আদিৰ সহায়ত শেষত সাগৰত পৰেগৈ৷

পৃথিৱীৰ সকলো পেলনীয়া সামগ্ৰী সাগৰে ধাৰণ কৰে৷ পানী উত্তম দ্ৰাৱক । পানীয়ে বহু পদাৰ্থই দ্ৰৱীভূত কৰে৷ কিন্তু ৰাসায়নিক পদাৰ্থ, প্লাষ্টিকজাত পদাৰ্থ আৰু তৈলজাত পদাৰ্থ সাগৰ মাতৃৰ বুকুত অক্ষয় ভাণ্ডাৰ হৈ গৈ আছে।

কেনেকৈনো সাগৰৰ পানী দূষিত হয়?

খেতি পথাৰত ব্যৱহাৰ কৰা বিভিন্ন ৰাসায়নিক সাৰৰ কিয়দাংশ নাইট্ৰ'জেন আৰু ফছফৰাছ যৌগ হৈ বিভিন্ন উপায়েৰে সাগৰত পৰে৷ সেইবোৰে সাগৰৰ পানী উৰ্বৰ কৰে৷ ফলত শেলাইজাতীয় উদ্ভিদে সাগৰৰ পানীভাগ চানি ধৰে৷ ইয়াৰ ফলত পানীত অক্সিজেনৰ তাৰতম্য ঘটে আৰু সাগৰীয় প্ৰাণী মৃত্যুমুখত পৰে৷

সেইদৰে উদ্যোগ আদিৰ পৰা ওলোৱা পেলনীয়া পদাৰ্থসমূহ শেষত সাগৰত পৰেগৈ ৷ পৃথিৱীখনৰ প্ৰদূষিত বায়ুমণ্ডলৰ বিষাক্ত কণিকাসমূহ বৰষুণৰ লগত মাটিলৈ নামি আহি সাগৰলৈ বৈ যায়৷ এইবোৰে পানীৰ গুণগত মাত্ৰা সলনি কৰে৷ পানী এছিডীয় হয়৷ ফলত সাগৰীয় প্ৰাণী আৰু উদ্ভিদৰ বিস্তৰ ক্ষতি হয়৷ সাগৰীয় জাহাজেও এই ধৰণৰ প্ৰদূষণত অৰিহণা যোগায়৷

আৰু এক ধৰণে সাগৰৰ পানী প্ৰদূষিত হয়। প্লাষ্টিকজাতীয় পদাৰ্থৰ প্ৰদূষণ বিপদজনক হৈ পৰিছে। আমি ব্যৱহাৰ কৰি পেলাই দিয়া প্লাষ্টিকৰ সামগ্ৰীসমূহ সাগৰত ভৰ্তি হ'ব ধৰিছে৷ এইবোৰ সাগৰৰ উপকণ্ঠ বা তীৰক এক প্ৰকাৰ চুৱা-পাতনিলৈ পৰিণত কৰিছে৷ সাগৰৰ মাজত হোৱা ঔদ্যোগিক কাম-কাজে প্ৰদূষণত অৰিহণা যোগাইছে৷ বিশেষকৈ তৈলখনন আৰু খনিজ দ্ৰব্যৰ খননে সাগৰৰ পানী অধিক মাত্ৰাত দূষিত কৰিছে৷

আমি সৰুতে শুনিছিলোঁ যে আফ্ৰিকাৰ বহুত হাবিত এতিয়াও সূৰ্য্যৰ পোহৰ নপৰে৷ কিন্তু আফ্ৰিকা বাদেই, আমাৰ অৰুণাচলতো কিছুমান ঠাই আছে, যাৰ জৈৱ-বৈচিত্ৰ্যৰ এতিয়াও উন্মোচন হোৱা নাই৷ ইমান বিশাল পৃথিৱীখনৰ প্ৰায় ৭১ শতাংশ সাগৰে আগুৰি আছে৷ এই সাগৰৰ ৮০ শতাংশও আমি জানিব পৰা নাই৷

সাগৰৰ যিমান মাটি-কালিৰ মেপিং হৈছে, তাতকৈ বহুগুণে মেপিং হৈছে চন্দ্ৰ আৰু মংগল গ্ৰহৰ পৃষ্ঠ৷ আমি এই বিশাল সাগৰৰ বিষয়ে ন্যূনতম জ্ঞান আহৰণ নোহোৱাকৈয়ে তাক ধবংস কৰিবলৈ ওলাইছোঁ৷ সাগৰ মাতৃৰ বুকুত আছে অগণিত পাহাৰ, পৰ্বত, গহবৰ আৰু সমতল ভূমি৷ তাত আছে অগণিত জীৱ সম্পদ, খনিজ সম্পদ৷ সেইবোৰ মানুহৰ জ্ঞানলৈ অহাই নাই৷ তাৰে আগতে সাগৰক আমি মলিয়ন কৰিছোঁ৷

সাগৰক যথাসম্ভৱ অমলিয়ন কৰি ৰখাৰ উপায় কি?

পৃথিৱীৰ বায়ু, মাটি আৰু পানীৰ প্ৰদূষণ ৰোধ কৰিব পাৰিলে সাগৰৰ প্ৰদূষণ নিজে নিজে নিয়ন্ত্ৰণত আহিব৷ তেতিয়াহে সাগৰ মাতৃ নিৰাপদে থাকিব৷