এলআইছি-ৰ শ্বেয়াৰ বিক্ৰী (IPO) আৰু ‌কালক্ৰমত ইয়াৰ বেচৰকাৰীকৰণৰ মোদী চৰকাৰৰ পদক্ষেপক ৰাষ্ট্ৰবিৰোধী বুলি ক'লে কি অত্যুক্তি কৰা হয়? নহয়,কাৰণ...


Image Description

১৯৫৬ চনত যেতিয়া ৰাষ্ট্ৰীয়কৃত এলআইছিয়ে যাত্ৰা আৰম্ভ কৰিছিল, তেতিয়া কাৰ্য্যকৰী মূলধন হিচাপে কেন্দ্ৰীয় চৰকাৰে ‌আগবঢ়াইছিল মাত্ৰ ৫ কোটি টকা। ইয়াৰ পিছত আৰু এক পইচাও আগবঢ়োৱা নাই।

কিন্তু সেই ৫ কোটি টকাৰ বিনিময়ত কেৱলমাত্ৰ লাভ্যাংশ হিচাপে আজিলৈকে এলআইছিয়ে চৰকাৰক আগবঢ়াইছে ২৮০০০ কোটি টকাৰো অধিক।২০১৯-২০ চনৰ এটা বছৰতেই আগবঢ়াইছে প্ৰায় ২৬৯৭ কোটি টকা। সেই বছৰটোত বিভিন্ন কৰ বাবদ চৰকাৰক দিছে প্ৰায় ১০২২৫ কোটি টকা। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ জমানতত (securityত) এলআইছিয়ে ২০২১ৰ ৩১ মাৰ্চলৈকে বিনিয়োগ কৰিছে ২৩ লাখ‌ ৭৫ হেজাৰ ৩৬৫ কোটি টকা। দেশৰ আন্তঃগাথঁনিমূলক ক্ষেত্ৰত বিনিয়োগ কৰিছে ৩ লাখ ১১ হেজাৰ ১৬২ কোটি টকা (৩১মাৰ্চ,২০২১)।

যি সংস্থাটোৱে ৫ কোটি টকা পুঁজিৰে যাত্ৰা আৰম্ভ কৰিছিল আজি তাৰ সম্পদৰ পৰিমাণ‌ হৈছে ৩৮ লাখ ৪ হেজাৰ ৬১০ কোটি টকা।এই সমগ্ৰ সম্পদ এলআইছিয়ে আভ্যন্তৰীণভাৱে সৃষ্টি কৰিছে। ইয়াত যিসকলৰ অৰিহণা আটাইতকৈ বেছি তেওঁলোক হৈছে এলআইছিৰ ৪০ কোটি বীমাগ্ৰাহক। তেওঁলোকেই হৈছে এলআইছিৰ মূল মালিক।অথচ তেওঁলোকৰ কোনো সন্মতি নোলোৱাকৈ আজি চৰকাৰে ‌এই অত্যন্ত সফল আৰু লাভজনক ৰাষ্ট্ৰীয়কৃত সংস্থাটোক বিলগ্নীকৰণ আৰু বেচৰকাৰীকৰণ কৰিবলৈ আগবাঢ়িছে।মালিকক সোধ-পোচ নকৰাকৈ মেনেজাৰে সম্পত্তি বিক্ৰি কৰিব‌ ধৰিছে। ইয়াতকৈ অনৈতিক কথা আৰু কি হ'ব পাৰে?

চৰকাৰৰ পদক্ষেপ দেশখনৰ বাবে আত্মঘাতীও। এইটো সাধাৰণ জ্ঞানৰ কথা যে ৰাষ্ট্ৰই ওপৰোক্ত ধৰণে বিপুল পৰিমাণৰ ধন‌ এলআইছিৰ পৰা লাভ কৰিব পাৰিছে সংস্থাটোৰ ৰাষ্ট্ৰীয় মালিকানাৰ বাবেহে। এলআইছিৰ অংশ যদি ক্ৰমাগতভাৱে (যিটো চৰকাৰে ‌কৰিব বিচাৰিছে) ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী হৈ যায় আৰু শেষত ইয়াৰ বেচৰকাৰীকৰণ হয়, তেন্তে ৰাষ্ট্ৰ বঞ্চিত হ'ব এই বিপুল পৰিমাণ সম্পদৰ পৰা। তেতিয়া বীমা গ্ৰাহকৰ সঞ্চয় ৰাষ্ট্ৰনিৰ্মাণ আৰু জনকল্যাণৰ কামত‌ নালাগি ব্যবহৃত হ'ব ব্যক্তিগত পুঁজিৰ মুনাফা বৃদ্ধিৰ কামত। ই যদি ৰাষ্ট্ৰবিৰোধী কাম নহয় তেনেহলে ৰাষ্ট্ৰবিৰোধিতা আৰু কি হ'ব পাৰে।পৰিতাপৰ বিষয় এইটোৱেই যে নিজকে অহৰ্নিশে 'ৰাষ্ট্ৰবাদী' বুলি দাবী কৰা চৰকাৰে এই ৰাষ্ট্ৰদ্ৰোহী কামত লিপ্ত হৈছে। জনগণৰ ঐক্যবদ্ধ হস্তক্ষেপেহে মাথোঁন চৰকাৰক এনে ৰাষ্ট্ৰদ্ৰোহী কাৰ্য্যকলাপৰ পৰা নিৰস্ত কৰিব পাৰে।

কুযুক্তি বনাম বাস্তৱ

আমাৰ দেশত সতীদাহৰ দৰে বৰ্বৰ প্ৰথাৰ সপক্ষেও সমাজৰ ৰক্ষণশীল শক্তিয়ে কিছুমান যুক্তি দাঙি ধৰিছিল । এইবিলাকক যুক্তি নুবুলি কুযুক্তি কোৱাটোহে সমীচিন হ'ব। মোদী চৰকাৰেও এলআইছিৰ অংশ (share) বিক্ৰীৰ সপক্ষে কিছুমান কুযুক্তি আগবঢ়াইছে ৰাইজক বিভ্ৰান্ত কৰিবলৈ। এইবোৰৰ সাৰ কিমান অলপ চালিজাৰি চোৱা যাওঁক।

১) চৰকাৰৰ বক্তব্য,এলআইছিৰ শ্বেয়াৰহে বিক্ৰী হ'ব, বেচৰকাৰীকৰণ নহয়। বাস্তৱটো কি? শ্বেয়াৰ বিক্ৰী হৈছে বেচৰকাৰীকৰণৰ প্ৰথম ধাপ।অলেখ দৃষ্টান্ত, বিপিছিএলৰ দৰে ৰাজহুৱা খণ্ডৰ লাভজনক সংস্থাৰ শ্বেয়াৰ বিক্ৰী কৰি চৰকাৰী অংশীদাৰিত্ব ৫৩ শতাংশলৈ হ্ৰাস কৰাৰ পিছত এতিয়া এই 'মহাৰত্ন' উপাধিধাৰী সংস্থাটোক ব্যক্তিগত খণ্ডৰ কৰ্প'ৰেটৰ হাতত বিক্ৰী কৰাৰ সিদ্ধান্ত চৰকাৰে লৈছে। ৰাষ্ট্ৰীয়কৃত সাধাৰণ বীমা কোম্পানীৰ ক্ষেত্ৰত আইন আছিল যে চৰকাৰী অংশীদাৰিত্ব ৫১শতাংশৰ তললৈ নেযায়।সংসদৰ চলিত অধিৱেশনত বিধেয়ক আনি মোদী চৰকাৰে এই আইন সংশোধন কৰি ৰাষ্ট্ৰীয়কৃত সাধাৰণ বীমা কোম্পানীৰ বেচৰকাৰীকৰণৰ ব্যৱস্থা কৰিছে। ৰাষ্ট্ৰীয়কৃত বেংকৰ ক্ষেত্ৰতো তদ্ৰূপ আইন আছিল। এতিয়া সেই আইন পৰিবৰ্তন কৰি বেংকৰ বেচৰকাৰীকৰণৰ বাট মুকলি কৰাৰ প্ৰস্তুতি চলিছে। কেন্দ্ৰীয় চৰকাৰৰ বিত্ত সচিবে সম্প্ৰতি ৰাজহুৱাভাৱে কৈছে যে আটাইকেইটা ৰাষ্ট্ৰীয়কৃত বেংকৰ পৰ্য্যায়ক্ৰমে বেচৰকাৰীকৰণ কৰা হ'ব।

২) চৰকাৰৰ বক্তব্য,এলআইছিয়ে শ্বেয়াৰ বজাৰত নাম তালিকাভুক্ত কৰিলে পুঁজিৰ বজাৰত সোমাই পুঁজি সংগ্ৰহৰ সুযোগ পাব। সংস্থাটোৰ পুঁজিৰ নাটনি দূৰ হ'ব। বাস্তৱটো কি? এলআইছিৰ পুঁজিৰ বিন্দুমাত্ৰ কোনো নাটনি হোৱা নাই।বৰং পৰিস্থিতি ইয়াৰ সম্পূৰ্ণ বিপৰীতহে।এলআইছি হৈছে দেশৰ সৰ্ববৃহৎ বিনিয়োগকাৰী। সংস্থাটোৰ মুঠ বিনিয়োগৰ পৰিমাণ হৈছে ২৬ লাখ ৮৬ হেজাৰ ৫২৭ কোটি টকা (৩১ মাৰ্চ,২০২১)।এলআইছিয়ে প্ৰতি বছৰ প্ৰায় ৪ লাখ কোটি টকাৰ বিনিয়োগযোগ্য‌ ধন সৃষ্টি কৰে। শ্বেয়াৰ বজাৰৰ পতন ৰোধ কৰাৰ পৰা আৰম্ভ কৰি ,ৰেলৰ উন্নয়ন,নাইবা IDBIৰ দৰে ৰুগ্ন সংস্থাক পুনৰুদ্ধাৰ কৰিবলৈ যেতিয়াই পুঁজিৰ প্ৰয়োজন হয়, তেতিয়াই চৰকাৰে এলআইছিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।আজিৰ তাৰিখত এলআইচিৰ সমুদায় দায় পূৰণ (liability) কৰাৰ পিছতো সংস্থাটোৰ হাতত বুজন পৰিমাণৰ ধন (৩ লাখ ৬৭ হেজাৰ ৯২৪ কোটি টকা) উদ্বৃত্ত থাকিব। ইয়াৰ বাবে বাহিৰৰ পৰা পুঁজিৰ কোনো প্ৰয়োজন নহয়।

৩) চৰকাৰৰ বক্তব্য, শ্বেয়াৰ বজাৰত তালিকাভুক্ত হ'লে এলআইছিৰ প্ৰকৃত মূল্য উন্মুক্ত হ'ব আৰু সৰু-সুৰা খুচুৰা বিনিয়োগকাৰীসকল ইয়াৰ অংশীদাৰ হোৱাৰ সুযোগ পাব। এই বক্তব্য ভিত্তিহীন।এয়া সৰ্বজনবিদিত যে শ্বেয়াৰ বজাৰত একাধিপত্য কৰে বিদেশী পুঁজি, ঘৰুৱা প্ৰাতিষ্ঠানিক বিনিয়োগকাৰী আৰু ধনিক শ্ৰেণীয়ে, অৰ্থাৎ এক কথাত দেশী-বিদেশী কৰ্প'ৰেট গোষ্ঠীবিলাকে। শ্বেয়াৰ বজাৰত খুচুৰা বিনিয়োগকাৰীৰ সংখ্যা হৈছে মাত্ৰ তিনি/চাৰি শতাংশ।এলআইছিৰ শ্বেয়াৰ বিক্ৰী হ'লে আটাইতকৈ লাভবান হব দেশী-বিদেশী কৰ্প'ৰেট গোষ্ঠীবিলাক, খুচুৰা বিনিয়োগকাৰী নহয়। ইয়াৰ অৰ্থ হৈছে, এটি অতি সফল আৰু লাভজনক ৰাষ্ট্ৰীয়কৃত সংস্থাক ব্যক্তিগত খণ্ডৰ দেশী-বিদেশী‌ বৃহৎ পুঁজিৰ মুনাফা'মৃগয়াৰ ক্ষেত্ৰলৈ পৰিণত কৰা আৰু পৰ্য্যায়ক্ৰমে সিহঁতৰ হাততেই তুলি দিয়া।

৪) চৰকাৰৰ বক্তব্য, শ্বেয়াৰ বজাৰত তালিকাভুক্ত ‌হ'লে এলআইছিৰ কাম-কাজ স্বচ্ছ তথা শৃংখলাবদ্ধ হ'ব। এই বক্তব্য হাস্যকৰ।এলআইছিৰ ‌কাম-কাজ এটি সুদক্ষ কমিটীৰে পৰিচালিত। সংস্থাটোৱে প্ৰতি মাহত ইয়াৰ কাম-কাজৰ প্ৰতিবেদন বীমা নিয়ন্ত্ৰক আৰু উন্নয়ন প্ৰাধিকৰণৰ (IRDAI)ওচৰত দাখিল কৰে।এলআইছিৰ সকলো ‌হিচাপ-নিকাচ ৰাজহুৱা নিৰীক্ষণৰ (public scrutiny) বাবে সংসদত নিয়মীয়াকৈ দাখিল কৰা হয়।এয়া যদি স্বচ্ছ আৰু শৃংখলাৱদ্ধ পৰিচালনা নহয় তেন্তে স্বচ্ছতা আৰু শৃংখলাৰ মাপকাঠিনো কি? ব্যক্তিগত খণ্ডৰ কোনটো কোম্পানী (যিবিলাক শ্বেয়াৰ বজাৰত তালিকাভূক্ত) ইমান স্বচ্ছতাৰে পৰিচালিত হয় চৰকাৰে ক'ব পাৰিবনে?

৫) চৰকাৰৰ বক্তব্য, এল‌ি আইছিৰ শ্বেয়াৰ বিক্ৰী হ'লে বীমাগ্ৰাহকসকল উপকৃত হ'ব। এইটো হৈছে গোকাট মিছা কথা। এলআইছিয়ে বীমা গ্ৰাহকসকলৰ সঞ্চয় তথা বিনিয়োগৰ সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰাৰ লগতে তেওঁলোকে বিনিয়োগৰ ওপৰত যাতে উৎকৃষ্ট হাৰত লাভ পায় তাৰ বাবে বোনাচ প্ৰদান কৰে।এলআইছিৰ উদ্বৃত্তৰ (valuation surplus) ৯৫ শতাংশ বোনাচ হিচাপে যায় বীমাগ্ৰাহকলৈ আৰু ৫ শতাংশ যায় কেন্দ্ৰীয় চৰকাৰলৈ লাভ্যাংশ হিচাপে।বিলগ্নীকৰণ বা শ্বেয়াৰ ‌বিক্ৰী হ'লে যেতিয়া নতুন বিনিয়োগকাৰী বা অংশীদাৰসকল এলআইছিৰগ অংশীদাৰ হ'ব তেতিয়া তেওঁলোকৰ ‌লাভৰ প্ৰশ্নটোৱেই গুৰুত্ব আৰু অগ্ৰাধিকাৰ লাভ কৰিব। ক্ষতিগ্ৰস্ত হ'ব বীমাগ্ৰাহকসকল।

সেয়েহে চৰকাৰৰ আটাইবোৰ বক্তব্য ভিত্তিহীন কুযুক্তিৰ বাহিৰে আন একো নহয়।এই কুযুক্তিৰে এটি চৰম জাতীয় স্বাৰ্থবিৰোধী ‌পদক্ষেপ ল'বলৈ মোদী চৰকাৰ আগবাঢ়িছে।ইয়াক প্ৰতিহত কৰাটো এক পৱিত্ৰ দেশপ্ৰেমিক কৰ্তব্য।সৰ্বস্তৰৰ দেশপ্ৰেমিক ৰাইজে ঐক্যবদ্ধ আৱাজ তুলিলে ই প্ৰতিহত হ'ব।

মোদী চৰকাৰৰ অগণতান্ত্ৰিক পদ্ধতি

২ আগষ্টত সংসদত কোনো বিতৰ্ক-আলোচনা অবিহনেই 'সাধাৰণ বীমা ব্যৱসায় ৰাষ্ট্ৰীয়কৰণ (সংশোধন) বিধেয়ক' চৰকাৰে গ্ৰহণ কৰিলে।

কি এই সংশোধন? ইমান দিন আইন আছিল যে শ্বেয়াৰ বিলগ্নীকৰনণ বা বিক্ৰী হ'লেও ৰাষ্ট্ৰীয়কৃত সাধাৰণ বীমা কোম্পানীসমূহৰ ৫১শতাংশ শ্বেয়াৰ চৰকাৰৰ হাততেই থাকিব। এতিয়া ওপৰোক্ত সংশোধনীৰ যোগেদি ইয়াৰ পৰিবৰ্তন কৰি আটাইকেইটা কোম্পানীৰ বেচৰকাৰীকৰণৰ বাট মুকলি কৰা হ'ল। সদ্যহতে ইউনাইটেড ইন্সুৰেঞ্চ কোম্পানীৰ বেচৰকাৰীকৰণ কৰা হ'ব বুলি ঘোষণা কৰা হৈছে।৪ আগষ্টত সাধাৰণ বীমা কোম্পানীসমূহৰ সৰ্বস্তৰৰ কৰ্মচাৰী আৰু বিষয়াসকলে দেশজোৰা এদিনৰ ধৰ্মঘটৰ যোগেদি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।সকলো দেশপ্ৰেমিক মানুহে এই ধৰ্মঘট সমৰ্থন কৰে। যিসকলে ভাবে এলআইছিত চৰকাৰে কিছু শ্বেয়াৰহে মাত্ৰ বিক্ৰী কৰিব, বেচৰকাৰীকৰণ নকৰে,ঌ তেওঁলোকে সাধাৰণ

বীমাৰ ঘটনাৱলী লক্ষ্য কৰা প্ৰয়োজন।...

( পৰৱৰ্তী অংশ ১৫ আগষ্টত)