থলুৱা সামগ্ৰীৰ এখন বিশাল পাইকাৰী বজাৰৰ সপোন!


Image Description

লাহে লাহে অসমৰ বহুসংখ্যক সচেতন লোকে বুজি উঠিছে যে অসম এখন 'উৎপাদক ৰাজ্য' হ'লেহে স্বনিৰ্ভৰশীলভাৱে আমি জীয়াই থাকিব পাৰিম। ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলে নিজৰ ৰাজ্যখনক কেৱল 'উপভোক্তাৰ ৰাজ্য' হিচাপে পৰিচয় দি ভাল পোৱাৰ বিপৰীতে স্বাভিমানী অসমৰ যুৱশক্তিয়ে নিজৰ জন্মভূমিক এখন সমৃদ্ধিশালী, স্বনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ় দিবলৈ হাতে-কামে আগবাঢ়ি অহাটো শুভ লক্ষণ।

আমি 'থলগিৰি: অসমীয়া হোৱাৰ গৌৰৱ'আৰম্ভ কৰাৰ দিন ধৰি অসমৰ পথাৰ আৰু বজাৰ থলুৱা বা খিলঞ্জীয়া মানুহৰ হাতত ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ। আজি বহু শিক্ষিত থলুৱা যুৱকে কৃষি, পশুপালন, মৎস্যপালন, পক্ষীপালন, মৌপালনকে ধৰি বিভিন্ন উৎপাদনমুখী কামত লাগি পৰিছে। আমাৰ পৰ্য্যৱেক্ষণ আৰু অভিজ্ঞতাৰ পৰা এটা কথা বুজি পাইছোঁ যে অসমৰ থলুৱা মানুহে উৎপাদন কৰা সকলোবোৰ পণ্য-সামগ্ৰীৰ বাবে আমি সকলো সা-সুবিধাযুক্ত অত্যাধুনিক এখন পাইকাৰী বজাৰো গঢ়ি তুলিব লাগিব। এইখন বজাৰৰ এশ শতাংশ কৰ্তৃত্ব থলুৱা ব্যৱসায়ীৰ হাতত থাকিব। প্ৰতিগৰাকী থলুৱা কৃষক/উৎপাদকে নিজৰ উৎপাদিত সামগ্ৰীৰ যথোচিত মূল্য পোৱাটো এই পাইকাৰী বজাৰখনে নিশ্চিত কৰিব।

এইটো মোৰ দীৰ্ঘদিনীয়া সপোন: ফাঁচীবজাৰৰ সমান্তৰাল এখন থলুৱা পাইকাৰী বজাৰ! গুৱাহাটীৰ সকলোবোৰ খুচুৰা ব্যৱসায়ীয়ে এইখন বজাৰৰ পৰা থলুৱা সামগ্ৰী কিনিব আৰু গ্ৰাহক ৰাইজক নিয়মীয়াভাৱে যোগান ধৰিব! অসমৰ সৰু-বৰ সকলো চহৰ-নগৰতে একে আৰ্হিৰ একোখন পাইকাৰী বজাৰ গঢ়ি উঠিব, যিবোৰ হ'ল থলুৱা উৎপাদকসকলৰ বাবে আশা আৰু সঞ্জীৱনী!

বন্ধুসকল! মোৰ দৃঢ় বিশ্বাস , এনে এখন বজাৰে অসমৰ অৰ্থনৈতিক সমৃদ্ধিৰ ছবিখনেই সলাই পেলাব। লিপিৱদ্ধ হ'ব অসমৰ অৰ্থনৈতিক বুৰঞ্জীৰ নতুন অধ্যায়!

সংকল্প লওঁ আহক: পথাৰ আৰু বজাৰ দুয়োটাই আমাৰ হাতলৈ নহালৈকে আমি আপোচহীনভাৱে যুঁজি যাম!