সেউজ অৰ্থনীতিৰ সোপান:
কৃষি অৰ্থনীতিৰ সম্ভাৱনা আৰু সংশয়
[দ্বিতীয় খণ্ড]


Image Description

(২৩ ফেব্ৰুৱাৰী সংখ্যাৰ পৰা)

গতানুগতকিতাৰ পৰিধি এৰি নতুন কৃষিকৰ্মৰ উদ্যোগ কৃষকৰ জীৱিকা নিৰ্বাহৰ বাবে ধান খেতিয়েই একমাত্ৰ উপায় নহয়৷

১৯৯৯ চনত ভাৰত চৰকাৰৰ বায়’টেকন'ল'জি বিভাগৰ এক প্ৰকল্পৰ অধীনত গুৱাহাটীৰ পশ্চিমে বঙৰা অঞ্চলৰ কিছুসংখ্যক কৃষকে বাণিজ্যিক চাহিদা থকা ফুলৰ খেতি কৰিবলৈ লয়৷ নতুন কৃষিকৰ্মৰ বাবে প্ৰথমে কিছু ইতঃস্তত কৰিলেও অতি সোনকালে অন্য গতানুগতিক খেতি [ধান, সৰিয়হ, শাকপাচলি আদি] তুলনাত চাৰিগুণ পৰ্য্যন্ত লাভ অৰ্জন কৰি উৎসাহিত হৈ এই নতুন কৃষিকৰ্মক প্ৰধান জীৱিকা হিচাবে বাচি ল’লে৷

বৃহত্তৰ হাজো অঞ্চলৰ বহুলোকে বহুদশক ধৰি নাৰ্জি ফুলৰ খেতি কৰি গুৱাহাটী ফুলৰ বজাৰৰ চাহিদা পূৰণ কৰি আহিছে আৰু নিজেও স্বাৱলম্বী৷ তেওঁলোকৰ এই উদ্যমিতা প্ৰশংসনীয় আৰু তেওঁলোকক স্বাৱলম্বনৰ নীতি শিক্ষাৰ প্ৰয়োজন নাই৷

গোৱালপাৰা জিলাৰ দুধনৈৰ সমীপৰ দৰংগিৰি নামৰ সৰু ঠাই পূৰ্বে অপৰিচিত আছিল৷ কিন্তু বিগত দুই দশকৰো অধিক কালৰ পূৰ্বে কলৰ এখন বিস্তৃত পাইকাৰী বজাৰ গঢ় লৈ উঠাৰ ফলত সমীপৱৰ্তী অঞ্চলৰ কৃষি অৰ্থনীতিৰ চমকপ্ৰদ উত্থান ঘটিছে৷

পূব কামৰূপ জিলাৰ বকোৰ পৰা পশ্চিমে গোৱালপাৰা জিলাৰ দুধনৈ আৰু সমীপৱৰ্তী মেঘালয়ৰ গ্ৰাম্য অঞ্চলৰ হাজাৰ হাজাৰ কৃষকে বজাৰৰ চাহিদা পূৰণ কৰিবলৈ কলৰ খেতি কৰি আৰ্থিকভাৱে স্বাৱলম্বী হৈছে৷

এওঁলোকৰ মাজত শতাধিক শিক্ষিত যুৱকো আছে যিসকলে চৰকাৰী চাকৰিৰ মৰীচিকা নেখেদি বাণিজ্যিক ভিত্তিত কলৰ খেতি কৰি সংস্থাপিত হোৱাৰ উপৰিও বহুজনক জীৱিকাৰ অৱলম্বন দিছে৷ প্ৰায় সকলো ফলমূল নিৰ্দিষ্ট বতৰত এমাহ বা অতি বেছি দুমাহৰ বাবে হয়; ইয়াৰ বিপৰীতে কলৰ উৎপাদন কৰি মাহেই লাভ হয় আৰু ফলত কলৰ এই পাইকাৰী বজাৰখন বাৰমাহেই সক্ৰিয় ।প্ৰতি সপ্তাহৰ সোমবাৰ আৰু বৃহস্পতিবাৰে এই বজাৰ অনুষ্ঠিত হয়৷

যুগ যুগ ধৰি অসমৰ মানুহে মূলত ঘৰুৱা চাহিদা পূৰণৰ বাবে বাৰীৰ চুকত কলগছ ৰোপণ কৰিছিল৷ পূৰ্বে কল, ফুল সকাম-নিকাম, পূজা-পাতল আদিৰ বাবেহে বুলি ভবা হৈছিল৷ এতিয়া পৰিস্থিতি সলনি হৈছে আৰু পৰিৱৰ্তনে আনি দিয়া সুযোগৰ সদ্ ব্যৱহাৰ কৰিব লাগে৷

মানসিক প্ৰাচীৰ : কৃষিৰ উত্তৰণৰ অন্তৰায়

ৰাষ্ট্ৰীয় অৰ্থনীতিত কৃষিৰ অংশ হ’ল ১৫ শতাশ । কৃষিখণ্ডই দেশৰ ৫০ শতাংশৰো অধিক জনসাধাৰণক জীৱিকাৰ সংস্থাপন দিছে৷ সৰল ভাষাত ৰাষ্ট্ৰীয় অৰ্থনীতিৰ সকলো খণ্ডই সন্মিলিতভাৱে দেশবাসীৰ বাবে যি কৰিছে, কৃষিখণ্ডৰ অকলেই ততোধিক অৱদান হ’লেও কৃষিখণ্ড সদায়ে এলাগী হৈ ৰৈছে৷ ইয়াৰ প্ৰতিফলন ঘটিছে কৃষক ৰাইজৰ মানসিকতাত৷ কিছু বছৰ আগতে হাৰিয়ানাত এটা সমীক্ষাত জনা গৈছিল যে বিকল্প জীৱিকা বা উপাৰ্জনাৰ পথ পালে ৮০ শতাংশৰো অধিক কৃষকে কৃষিকৰ্ম এৰিবলৈ আগ্ৰহী। অসমতো সম্ভৱ পৰিসংখ্যাটো একে হ’ব বা ততোধিক হ’ব৷

সাধাৰণতে কোনো ল’ৰা বা ছোৱালীয়ে পঢ়া-শুনাত শোচনীয় ফল দেখুৱালে বা আগ্ৰহৰ অভাৱ হ’লে খেতিয়ক হ’বলৈ অভিশাপ দিয়াটো এক পৰম্পৰা৷ কৃষিকৰ্মত জড়িত লোকসকলৰ প্ৰতি এনে তুচ্ছ-তাচ্ছিল্য আৰু সিবিলাকৰ শ্ৰমৰ সামাজিক মৰ্য্যাদা অবিহনে কৃষি অৰ্থনীতিৰ উত্তৰণ কেনেকৈ হ’ব?

মানসিক প্ৰাচীৰখন ভঙাটো দুৰূহ। অতি সম্প্ৰতি এই পৰিস্থিতিৰ কিচু ইতিবাচক পৰিবৰ্তন দেখা গৈছে৷ কিছু বছৰ আগলৈকে উচ্চ শিক্ষিত, উচ্চখাপৰ চাকৰি কৰা যুৱক-যৱতীয়ে কৃষি বা কৃষি আনুষাঙ্গিক কামত নিয়োজিত হোৱাটো অকল্পনীয় আছিল৷

এতিয়া কম্পিউটাৰ প্ৰযুক্তিৰ ডিগ্ৰীধাৰী ৰাষ্ট্ৰীয়কৃত বেঙ্কৰ উচ্চখাপৰ বিষয়া, স্নাতক স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱক - যুৱতীয়ে এনে কামত সফলতাৰে হাত দি এক নতুন ধাৰাৰ সৃষ্টি কৰিছে৷

যেনে, কণী উৎপাদনৰ ক্ষেত্ৰত যোৰহাটৰ সমীপৰ আকাশজ্যোতি গগৈ, গাহৰি পালনত তেজপুৰৰ মনোজ বসুমতাৰী, কণী উৎপাদনত তিনিচুকীয়াৰ প্ৰসেনজিৎ মৰাণ, কলৰ খেতিত দৰংগিৰিৰ দেৱব্ৰত ৰাভা ইত্যাদি৷ প্ৰথম দুজনক ২০২২ চনৰ আৰম্ভণিতে অসম চৰকাৰে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছে৷ প্ৰভাৱশালী ব্যক্তি, বিভিন্ন ক্ৰিয়াকৰ্মত সুনাম অৰ্জন কৰা, ৰাষ্ট্ৰীয় বঁটা পোৱা ব্যক্তিক ফুলৰ মালা, গামোছা পিন্ধাবলৈ হেতাওপৰা লাগে৷ কিন্তু বিভিন্ন দল সংগঠনৰ এনে উদ্যমী যুৱক -যুৱতীক পিন্ধাবলৈ একোখন গামোছাৰ অভাৱ দৃষ্টিকটু৷

হ’লেও এনে উদ্যমী লোকৰ তালিকাখন ক্ৰমাৎ দীঘল হৈ আহিছে আৰু সেয়া সমাজ আৰু জাতিৰ বাবে শুভলক্ষণ৷।