সেউজ অৰ্থনীতিৰ সোপান
কৃষি অৰ্থনীতিৰ সম্ভাৱনা আৰু সংশয়


Image Description

পৰিবেশৰ অপূৰণীয় ক্ষতি কৰাৰ পাছত এতিয়া সকলোতে সেউজ ইন্ধন, সেউজ অৰ্থনীতি লৈ আগ্ৰহৰ ধূস উঠিছে৷ উদাহৰণ স্বৰূপে আমাৰ দেশত ৭৫ শতাংশ বিদ্যুৎ শক্তি কয়লা দহনৰ জৰিয়তে উৎপাদিত হয়৷ পৰিণামত বছৰি লাখ লাখ টন এঙাৰ গেছ বায়ুমণ্ডলত সংযোজিত হৈ বায়ুমণ্ডত উত্তপ্ত কৰি তুলিছে৷

আমাৰ ৰাজনীতিবিদ, চৰকাৰ, অৰ্থনীতিৰ পাঠ্যপুথিৰ মাজতে নিজকে আবদ্ধ কৰি ৰখা একাংশ অৰ্থনীতিবিদৰ মতে অৰ্থনৈতিক বিকাশৰ প্ৰধান উপায় হ’ল উদ্যোগীকৰণ, অৰ্থাৎ বিত্তীয় প্ৰতিষ্ঠনৰ পৰা ধন ধাৰে লৈ কৃষিভূমি, চৰণীয়া পথাৰ অৰণ্যৰ ভূমি গ্ৰাস কৰি কল-কাৰখানা স্থাপন কৰিব লাগে৷

কিন্তু নগাওঁ কাগজ কল, কাছাৰ কাগজ কলৰ দৰে লাভদায়ক উদ্যোগৰ কি দশা হ’ল সেয়া সকলোৱে দেখিলে৷ ব্যক্তিগত খণ্ডৰ ছিপাঝাৰস্থিত প্ৰাগ বছ্মি বস্ত্ৰ উদ্যোগ এৰাবাৰীত পৰিণত৷

সেউজ অৰ্থনীতি চিৰ সেউজীয়া৷

২০২০ আৰু ২০২১ চনত দুটা বছৰে ক’ভিড মহামাৰীয়ে অৰ্থনীতি বিধবস্ত কৰাৰ সময়ত কৃষি অৰ্থনীতি আৰু লগতে ঔষধ উদ্যোগ প্ৰায় অমৃত থাকি দেশৰ অৰ্থনীতি সক্ৰিয় কৰি ৰাখিলে৷ কল-কাৰখানা স্থাপনৰ ওকালতি কৰা সকলে প্ৰায়ে এই কথা পাহৰি যায় যে আমাৰ দেশৰ ৬০-৬৫ শতাংশ জনসাধাৰণ কৃষিৰ ওপৰত নিৰ্ভৰশীল৷

ওড়িষ্যা, ঝাৰখণ্ড, বিহাৰ আদিত খনি উদ্যোগকে ধৰি বিভিন্ন কল -কাৰখানা আদি থাকিলেও যিবিলাকৰ অৰ্থনৈতিক অৱস্থা সুষমজনক নহয়; দৰিদ্ৰতাৰ প্ৰকোপ বেছি৷ উদ্যোগসমূহে কিছুমান কৌটিপতিৰ সৃষ্টি কৰিলেও গৰিষ্ঠসংখ্যক জনসাধাৰণৰ আৰ্থিক অস্থা মন্দা।

অভিজ্ঞতাৰ পৰা দেখা গৈছে যে উপযুক্ত পৰিকল্পনা, চৰকাৰী পৃষ্ঠপোষকতা, জন সজাগতা আদিৰ দৰিয়তে কৃষিয়ে একোখন ৰাজ্য, অঞ্চলৰ অৰ্থনীতিৰ ৰূপ সলায় দিব পাৰে আৰু জনসাধাৰণৰ আৰ্থিক অৱস্থা স্বচ্ছল কৰি তুলিব পৰে৷ উদাহৰণ স্বৰূপে, আপেল খেতিয়ে হিমাচল প্ৰদেশৰ অৰ্থনীতিৰ আমূল পৰিৱৰ্তন আনিলে৷

ঐতিহাসিকভাৱে পঞ্জাব, হাৰিয়ানা কৃষিপ্ৰধান ৰাজ্য নাছিল৷ কিন্তু সত্তৰৰ দশকৰ পৰা আধুনিক কৃষিপ্ৰযুক্তি, উন্নত বিপনন আদিৰ জৰিয়তে দেশৰ শীৰ্ষস্থানীয় কৃষিপ্ৰধান ৰাজ্য হৈ পৰে আৰু দেশৰ 'ৰুচিৰ খৰাহী’ ৰূপে খ্যাত হৈ পৰে৷

আশা-নিৰাশাৰ মাজত অসমৰ কৃষিখণ্ডত বিশেষকৈ ধান খেতিৰ ক্ষেত্ৰত আশাব্যঞ্জক দিশটো হ’ল যান্ত্ৰিক সঁজুলিৰ ব্যৱহাৰ৷ কানাডাৰ দৰে দেশত দুই-তিনিজন কৃষকে মিলি শতাধিক হেক্টৰ মাটিত বাণিজ্যিক ভিত্তিত ঘেঁহু, গোমধান আদিৰ খেতি কৰে৷ মাটি চহোৱাৰ পৰা, বীজ সিঁচা, জলসিঞ্চন, খেতি চপোৱা আদি সকলো কাম যান্ত্ৰিক সঁজুলিৰে কৰা হয়৷

সম্প্ৰতি অসমৰ বহু ধাননি পথাৰত গৰুৰে হালবোৱা প্ৰায় নোহোৱাৰ দৰে৷ সামৰ্থ্যবানে মাটি চহাবলৈ পাৱাৰ টিলাৰ ক্ৰয় কৰে আৰু যাৰ সামৰ্থ্য নাই তেওঁলোকে সেয়া ভাড়ালৈ লয়৷ গৰু আৰু মানুহৰ হাড়ভঙা পৰিশ্ৰমেৰে যিযখিনি কাম কৰিবলৈ দহদিন লাগে, এখন পাৱাৰ টিলাৰে সেয়া এদিনতে কৰিব পাৰে৷ ফলত সময় ৰাহি হয়; কষ্টৰ লাঘব হয় আৰু কৃষিকৰ্মৰ প্ৰতি অনীহা দূৰ হয়৷

আহাৰ শাওন মাহৰ প্ৰচণ্ড গৰম আৰু সেমেকা পৰিবেশত দিনৰ পাছত দিন কাম কৰাটো কিমান কষ্টকৰ সেয়া শীত-তাপ নিয়ন্ত্ৰিত ঘৰত থকা ব্যক্তিয়ে উপলব্ধি কৰিব নোৱাৰে৷ শেহতীয়াকৈ বহু অঞ্চলত ধান চপোৱা আৰু মৰণা মৰা কাৰ্য্যতো যান্ত্ৰিক সঁজুলিৰ ব্যৱহাৰ হৈছে আৰু ক্ৰমাৎ ইয়াৰ প্ৰসাৰ ঘটিছে৷

বিপননৰ সমস্যা:

কৃষি অৰ্থনীতিৰ প্ৰধান অন্তৰায়

নবেল বঁটা বিজয়ী এজন অৰ্থনীতিবিদে কৈছিল ‘বজাৰেই সকলোৰে নিয়ন্ত্ৰক’, অৰ্থাৎ বজাৰত যিটোৰ চাহিদা আছে, যিটো বজাৰত লাভদায়ক, সেইয়া অৰ্থনৈতিকভাৱে সফল আৰু প্ৰভাৱী৷

উদাহৰণ স্বৰূপে বৰ্ত্তমান সময়ত কোনোবাই ৰেডিঅ’ বা টাইপ ৰাইটাৰৰ কাৰখানা খুলি ব্যৱসায় কৰিব খুজিলে অচিৰেই সৰ্বস্বান্ত হ’ব৷ আমাৰ কৃষকৰ প্ৰধান সমস্যা হ’ল বিপননৰ সমস্যা আৰু উচিত মূল্যৰ পৰা বঞ্চিত হোৱাৰ সমস্যা।

প্ৰতি বছৰে কৃষকে কোনো কোনো সময়ত শাক-পাচলি, ফল-মূল আৰু আন কৃষিজাত সামগ্ৰী পানীৰ কাষত পেলাই দিয়াৰ সচিত্ৰ প্ৰায়ে বাতৰিকাকতৰ শিৰোনামা দখল কৰে৷ অসম চৰকাৰে ২০২১-২২ বৰ্ষত কৃষকৰ পৰা ১০ লাখ মেট্ৰিক টন ধান কিনাৰ উদ্যোগ লৈছিল৷

শেহতীয়াকৈ চৰকাৰী উৎসৰ উদ্ধৃতি দি সংবাদ মাধ্যমে জনোৱা মতে ২০২২ বৰ্ষৰ জানুৱাৰীলৈ চৰকাৰী সংস্থাসমূহে অসমত ধান ক্ৰয় কৰিছে মাত্ৰ ১৮ হাজাৰ মেট্ৰিক টন, অৰ্থাৎ লক্ষ্যৰ ২ শতাংশই পূৰ হোৱা নাই৷ অথচ কেন্দ্ৰীয় চৰকাৰে ঢাক-ঢোল বজাই কৃষকৰ আয় দুগুণ কৰাৰ কথা কৈছে। তাৰবাবে একো ডোখৰ কৃষি ভূমিত দুই বা ততোধিক ভিন্ন কৃষিকৰ্ম কৰিবলৈ পৰামৰ্শ দিছে৷ কিন্তু দুটা খেতি কৰি দুগুণ বা তিনিটা খেতি কৰি তিনিগুণ উৎপাদন কৰিলেই কৃষকৰ আয় দুগুণ বা তিনিগুণ হ’বনে?

ইয়াৰ পৰা পৰিত্ৰাণৰ বাবে সচেতন মহলত, বৌদ্ধিক মহলত চৰ্চাৰ প্ৰয়োজন। এনে প্ৰেক্ষাপটত গতানুগতিকতাৰ পৰা ফালৰি কাটি নতুনত্বৰ সন্ধান কৰিব লাগিব ৷।

(অহা সংখ্যাত)