পুৰণি অসমত সোণ


Image Description

(দ্বিতীয় খণ্ড)
উত্তম ধাতু
উৎস: পুৰণি অসমৰ কাৰিকৰী শিল্প
প্ৰকাশ: অসম বিজ্ঞান সমিতি
সোণৰ এটা ডাঙৰ গুণ এয়ে যে, ৰ’দ, বতাহ বা পানীৰ সংশ্ৰৱত ই ক্ষয় নেযায়৷ অন্য ধাতু বিবিধ দ্ৰৱণত গলি যায়৷ কিন্তু সোণ সহজে নগলে৷ সোণ গলাবলৈ এবিধ মিশ্ৰিত আৰক প্ৰস্তুত কৰি লোৱা হয়৷ তেনে মিশ্ৰিত দ্ৰাৱকক ভাৰতীয় সোণাৰিসকলে ‘অমলৰাজ আৰক’ বোলে৷ তেনে আৰক প্ৰস্তুত কৰিবলৈ চাৰিভাগ হাইড্ৰ’ক্ল'ৰিক এছিডৰ লগত শতকৰা দুভাগ ছাইট্ৰিক এছিড মিলহোৱা হয়৷ সাধাৰণতে সুৱগাৰ [borax] সহযোগত জুইৰ উত্তাপত সোণ গলোৱা হয়৷

অসমত সোণ কমোৱাৰ প্ৰাচীন পৰম্পৰা

অসমত যি প্ৰণালীৰে নৈৰ বুকুৰপৰা সোণ আহৰণ কৰা হৈছিল সেই প্ৰণালীক ‘সোণ কমোৱা’ অথবা ‘সোণ খপা’ বোলা হৈছিল৷ যি সম্প্ৰদায়ৰ লোকে সোণ সংগ্ৰহক জীৱননিৰ্বাহৰ বৃত্তি স্বৰূপে গ্ৰহণ কৰিছিল সেইসকলক পুৰণি অসমত সোণোৱাল বুলিছিল৷

এই সোণাৱালসকল অসমৰ বৃহৎ কছাৰী জাতিৰে এটা ঠাল৷ সেয়েহে, বহুতে এই সম্প্ৰদায়ৰ লোকক মূল জাতিৰে চিহ্নিত কৰি সোণোৱাল কছাৰী বোলে৷ মন কৰিবলগীয়া কথা যে সোণ আৰু ৰূপ এই দুবিধ মহাৰ্ঘ ধাতু সংগ্ৰহকাৰী সোণোৱাল আৰু ৰূপোৱাল অথবা ঠেঙাল নামৰ মানুহখিনি একে কছাৰী জাতিৰ দুটা ঠাল৷ সম্ভৱতঃ অতি পুৰণিকালৰে পৰা এওঁলোক ধাতুৰ সংগ্ৰহ আৰু প্ৰস্তুতিকৰণত সিদ্ধহস্ত আছিল৷

পুৰণি অসমত সোণোৱালসকলেই পৰ্বতীয়া নৈৰ সোঁতত উটি অহা সোণৰ কণিকা সংগ্ৰহ কৰি সোণ উৎপন্ন কৰিছিল৷ মধ্য যুগত আহোম ৰজাঘৰৰপৰা এই সোণ সংগ্ৰহ আৰু তাক গোটা সোণলৈ ৰূপান্তৰ কৰাৰ কাৰণে সোণোৱালসকলৰ একো একোটা খেল পাতি দিছিল৷ সোণোৱাল খেলত অন্য সম্প্ৰদায়ৰ লোক থকাৰ কথা জনা নেযায়৷ যদিওবা ক’ৰবাত কোনোবা আছিল, সেইসকল সোণোৱাল কছাৰী খেলতেই জাহ গৈছিল৷

সোণ কমাবলৈ যো-জা কৰোঁতে সোণোৱালসকলৰ মাজৰ ৮-১০জনমান অভিজ্ঞ নেতা, আৰু বাকীবোৰ সহকাৰী আৰু বনুৱা আছিল৷ নেতাজনক ‘ওজা’ আৰু সহকাৰীসকলক ‘পালি’ বোলা হৈছিল৷ ওজাজনৰ নিৰ্দেশতে সোণ কমোৱাসকলে কাম কৰিছিল৷ একোটা গোটত মানুহৰ সংখ্যা বেছি হৈ দলটো ডাঙৰ হ’লে, একাধিক ওজাৰ বাব সৃষ্টি হৈছিল৷

তেওঁলোকৰ ঘাইজনক ‘বৰ ওজা’ আৰু বাকীকেইজনক ‘ডেকা ওজা’, ‘সৰু ওজা’ বোলা হৈছিল৷ ওজা একাধিক হ’লে ওজাৰ দায়িত্বৰো ভাগ হৈছিল৷ যেনে, এদলে বালি ধুব, এদলে সৰু সৰু পাত্ৰত, অৰ্থাৎ কাঠৰ দুৰুণিত বালি ধুই সোণৰ চেঁকুৰা গোটাব, এদলে সোণৰ চেঁকুৰাবোৰ গলাই লদা সোণ প্ৰস্তুত কৰিব, ইত্যাদি৷

সোণ কমোৱাৰ প্ৰস্তুতি

সোণ কমাবলৈ ওলোৱা গোটটোৱে কোনো নৈৰ পাৰত উপস্থিত হয়গৈ৷ সাধাৰণতে সোঁত থকা নৈতহে সোণ কমায়৷ প্ৰথমতে ওজাজনে ভলুকা বাঁহৰ সেঁওতা [bamboo shovel] এখনেৰে বালিত খোঁচ মাৰি বালি অলপ তুলি আনি বালিখিনি পৰীক্ষা কৰি চায়– বালিত সোণৰ কণিকাৰ পৰিমাণ কিমান৷ যদি ওজা সোণৰ কণিকাৰ পৰিমাণত সন্তুষ্ট হয়, তেন্তে সেই ঠাইতে সোণ কমোৱাৰ প্ৰস্তুতি কৰে৷

তেওঁলোক থাকিবলৈ সেই নৈৰ পাৰতে এটা অস্থায়ী ঘৰ সাজি লয়৷ সোণ কমাবলৈ কেইটিমান লাগতিয়াল বস্তুৰ প্ৰয়োজন হয়, যেনে, দুখনমান গুটীয়া নাও, দুখনমান জাঙৰ দুৰণি [ডাঙৰ দুৰণি নামৰ পাত্ৰটো আগ নথকা নাৱৰ আকৃতিৰ কাঠৰ মিহি দীঘল পাত্ৰ], কেইখনমান মাটি খন্দা কোৰ, আৰু কেইখনমান চিপ্ৰাং, কেইটামান চৰিয়াৰ আকৃতিৰ কাঠৰ দুৰণি, কেইটামান ভাল মজবুত মাটিৰ চৰু, কেইডালমান আগলি বাঁহৰ সৰু চুঙা, কিছুমান কৌপাত, এখন জুহালৰ সকলো সামগ্ৰী, কেইখনমান পানী সিঁচা কাঠৰ লেহেতী, নিৰ্দিষ্ট পৰিমাণৰ ৰস বা ‘পাৰা’ [mercury]৷

সোণ কমোৱা প্ৰণালী

প্ৰথমতে বনুৱাসকলে নৈৰ বালি খান্দি একে ঠইতে থূপ খুৱায়৷ এভাগ পালিয়ে সেই বালিৰ লগত মিহলি হৈ থকা কাঠ-বাঁহৰ টুকুৰা, শিল, আদি আঁতৰাই, বালিখিনি নিকা কৰে৷ এভাগ পালিয়ে বালি ধোৱাৰ কাৰণে পানী যুঁৱলিত কেইখনমান মজবুত বাঁহৰ চাং সাজে৷ তাতে বহি এভাগ পালিয়ে কাঠৰ দুৰুণিত তাকৰ তাকৰকৈ বালি ধোৱে৷ এভাগ পালিয়ে বালি খান্দি থূপ খুৱাই থোৱা ঠাইৰপৰা বালি ধোৱা ঠাইলৈ লেহেতীৰে বালি কঢ়িয়ায়৷ লেহেতীবোৰত ৰচী লগাই নৈৰ বালিৰ ওপৰেৰে চোঁচৰাই নিয়ে৷

প্ৰথমতে কেইজনমান পালিয়ে নাৱৰ আকৃতিৰ দুৰুণিখনত বালি ভৰাই, পানী নিগৰাই নিগৰাই বালিখিনি ধোৱে৷ কেইবাবাৰো এই পদ্ধতিৰে বালিখিনি ধোৱাৰ পাছত সোণৰ চেঁকুৰাবোৰ দুৰণিৰ তলত জমা হয়গৈ, আৰু চকুৰে মণিব পৰা হয়৷

ইয়াৰ পাছত কেইজনমান পালিয়ে সেই বালিখিনি সৰু সৰু দুৰুণিত অতি সাৱধানে পানী নিগৰাই নিগৰাই, সোণৰ চেঁকুৰাবোৰ একেলগ কৰে৷ শেহত সোণৰ চেঁকুৰাৰপৰা বালি সম্পূৰ্ণকৈ আঁতৰাই, সোণৰ চেঁকুৰাবোৰ একেলগ কৰি, সৰু সৰু বাঁহৰ চুঙাত ভৰাই টানকৈ ঠিলা মাৰি থয়৷ চুঙাবোৰ কৌপাতেৰে বান্ধি থয়৷

এনেকৈ বহুত চুঙা গোট খালে এটা মাটিৰ ‘মুহি’ত থৈ তাত অলপ পাৰা ঢালি দিয়ে৷ পাৰাৰ সংযোগত সোণৰ চেঁকুৰাবোৰ একেলগ হৈ পৰে৷ মাটিৰ মুহিটো জুহালৰ তাপত দিলে পাৰাখিনি ‘উভি’ [evaporate] যায়৷ তেতিয়া সোণৰ চেঁকুৰাবোৰ গলি, একোটুকুৰা সোণ হৈ পৰে৷ তেনে সোণৰ সৰু সৰু টুকুৰা একেলগ কৰি, সুৱগাৰে গলাই একোটা ডাঙৰ টুকুৰা কৰি সাৱধানে থৈ দিয়ে৷ সোণৰ টুকুৰা প্ৰয়োজনীয় পৰিমাণে গোট খালে সোণ সংগ্ৰহৰ দায়িত্বত থকা ৰজাঘৰীয়া বিষয়াৰ হাতত জমা দিয়ে৷ এয়ে থূলমূলকৈ সোণ কমোৱা প্ৰণালী৷

অসমত উৎপন্ন সোণেৰে মধ্য যুগত অসমত সোণৰ চাহিদা পূৰণ হোৱা নাছিল৷ সেয়ে সেই সময়ত অসমত সোণ বেহাবলৈ কেইবাটাও পথেৰে সোণৰ মুদৈসকল আহিছিল৷ সেইসকলৰ ভিতৰত ঘাইকৈ চিংফৌ মুদৈসকলে অসমত লদা সোণষ পাত সোণ, আৰু সোণৰ গুড়ি বেহাইছিলহি৷ ইয়াৰ বাহিৰে উত্তৰৰ খামটিলুৎ বা বৰখামটি এলেকাৰপৰা খামটি মুদৈ, মিচিমি, নৰা, টাংচা, নিৰেপ, ভুটীয়া, তীব্বতীয় মুদৈ সদাগৰসকলে অসমত সোণ বেহাইছিলহি৷।

(সমাপ্ত)