মাছ পোহাৰ বায়’ফ্ল’ক প্ৰযুক্তি


Image Description

আধুনিক মৎস্যপালনৰ বাবে বায়’ফ্ল’ক প্ৰযুক্তি এক উৎকৃষ্ট মাধ্যম।

ন্যূনতম কৃষিভূমিৰ প্ৰয়োগ আৰু সীমিত পানীৰ ব্যৱহাৰ এই দুটা প্ৰধান কাৰণৰ বাবেই এই বায়’ফ্ল’ক প্ৰযুক্তিৰ গ্ৰহণযোগ্যতা কৃষকৰ মাজত দেখিবলৈ পোৱা গৈছে৷ ইজৰাইলৰ প্ৰসিদ্ধ বিজ্ঞানী Yoram Avnimelach হৈছে এই পদ্ধতিৰ জন্মদাতা৷

এজন সাধাৰণ মৎস্যপালকৰ ভাষাত 'biofloc' হৈছে ‘এক সীমিত পৰিসৰৰ পানীৰ পৰিমাণত, কৃত্ৰিম প্ৰকাৰে অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰি সেই পৰিসৰৰ পানীত মেলি দিয়া মাছৰ পোনাই গ্ৰহণ কৰিব নোৱৰা অতিৰিক্ত আহাৰ আৰু মাছে ত্যাগ কৰা মলৰ মাজত প্ৰ’বায়’টিকৰ প্ৰয়োগে সেই অৱশিষ্টখিনি পুনৰ খাদ্যলৈ ৰূপান্তৰিত কৰায়েই হৈছে এক পুনৰ ব্যৱহাৰ কৰা প্ৰক্ৰিয়া৷

বায়’ফ্ল’ক প্ৰযুক্তিৰ প্ৰধান সুবিধাসমূহ:

[১] প্ৰায় ১৪৪ বৰ্গ ফুটৰ এক স্থানত ১০,০০০ লিটাৰ পানীৰ পৰিসৰত বছৰি ৫১ৰ পৰা ৬ কুইণ্টল মাছৰ উৎপাদন পাব পাৰি৷

[২] ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত সকলো জনগোষ্ঠীৰে প্ৰিয় মাগুৰ, শিঙি আৰু কাৱৈ মাছৰ অধিক উৎপাদন এই বায়’ফ্ল’ক প্ৰযুক্তিৰে পাব পাৰি৷

[৩] শ্ৰমিকৰ ওপৰত ন্যূনতম নিৰ্ভৰশীলতা।

[৩] কম পৰিসৰৰ পানীত হোৱা উৎপাদন প্ৰক্ৰিয়াৰ বাবেই মাছত দেখা দিয়া বীজাণু আদি সহজতে নিয়ন্ত্ৰণ কৰিব পৰা যায়৷

বায়’ফ্ল’ক প্ৰযুক্তিৰ প্ৰধান অসুবিধাসমূহ:

[ৰ] যিহেতু কম পৰিসৰৰ পানীত বেছি ঘনত্বত মাছ উৎপাদন কৰা হয়, সেয়েহে কৃত্ৰিম অক্সিজেনৰ প্ৰয়োগৰ বাবে ২৪ ঘণ্টাই বিদ্যুতৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়৷

[২] উৎপাদন প্ৰক্ৰিয়াটো সুচাৰুৰূপে চলাই থাকিবলৈ অসমত সকলো সময়তে পাব লগা পোনাৰ অভাৱ৷

[৩] প্ৰয়োজনীয় অক্সিজেন পাম্পৰ সৰহভাগ চীন দেশৰ পৰা অহা বাবে, সেই পাম্পৰ মেৰামতি কৰিবলৈ অসুবিধা হয়৷

[৪] ৰৌ, মিৰিকা ইত্যাদি থলুৱা প্ৰজাতিৰ খেতিৰ বাবে আৰু অধিক গৱেষণাৰ প্ৰয়োজন৷।