এক অৰ্থনৈতিক সংগ্ৰাম


Image Description

২০১১ চনৰ কথা৷ অসমৰ অন্যতম এক ব্যক্তিগত প্ৰচেষ্টাত গঢ়ি উঠা পুথিভঁৰাল ‘নন্দ তালুকদাৰ ফাউনণ্ডেচন'ত মোৰ অংশগ্ৰহণৰ সময়৷ অতিৰিক্ত অধ্যয়নৰ অভ্যাস সৰুৰে পৰা নাছিল যদিও কিতাপৰ লগতেই ক্ৰমাগতভাৱে জড়িত হৈ পৰিলোঁ৷ ফাউনণ্ডেচনৰ লগত জড়িত হোৱাৰ সুযোগত অসমৰ বহুকেইজন গুণী'জ্ঞানী ব্যক্তিৰ সান্নিধ্য লাভ কৰিলোঁ । এই সান্নিধ্যই নিজৰ লগতে আন দহজনৰ বাবে কিবা এটা কৰাৰ ইচ্ছাক নিজৰ মন -মগজুত জাগৃত কৰিলে ।

মৃণাল তালুকদাৰ আৰু কিশোৰ কুমাৰ কলিতাই ৰচনা কৰা অসমৰ ৫০ বছৰীয়া ইতিহাসৰ ‘অসম’ প্ৰকল্পটোত যেতিয়া সহকাৰী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়াই অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক তথা সামাজিক প্ৰেক্ষাপটৰ এক আভাস পাবলৈ সক্ষম হ’লোঁ৷ জীৱনৰ প্ৰায় ২টা বছৰ অসমৰ বিভিন্ন পুথিভঁৰাল আৰু আন আন সংগ্ৰহালয়ৰ পৰা তথ্যসমূহ দায়িত্বসহকাৰে সংগ্ৰহ কৰিছিলোঁ আৰু এই তথ্য সমূহৰ আধাৰতে ১৯৪৫ চনৰ পৰা ২০০০ চনৰ সময়ছোৱাৰ বুৰঞ্জী ৰচনা কৰা হৈছিল ৷

এনে এক প্ৰকল্পত জড়িত হোৱাৰ আনন্দ হয়তো সমগ্ৰ জীৱন উজ্জীৱিত হৈ থাকিব৷ ২০১৪ চনৰ এপ্ৰিল মাহৰ কথা৷ আমাৰ ফাউনণ্ডেচনৰ দায়িত্ব আছিল অসম চৰকাৰৰ গ্ৰমোন্নয়ন বিভাগৰ আঁচনিসমূহৰ এক তথ্যভিত্তিক বিশ্লেষণ কৰাৰ৷ SIRD (এতিয়া SIPRD)ৰ পৰিচালক আৰু মৃণাল তালুকদাৰৰ পৰিকল্পনাত আৰম্ভ হৈছিল সেই প্ৰকল্প৷ আৰু সেই প্ৰকল্পৰ আলমতেই জীৱনৰ প্ৰায় ৬টা বছৰ অসমৰ উজনিৰ পৰা নামনিলৈ প্ৰায়বোৰ গাঁৱে-ভূঁঞে ঘূৰি গঞা ৰাইজৰ সফলতা আৰু বিফলতাৰ কাৰণবোৰৰ লগত চিনা-পৰিচয় হৈছিল৷

এই অভিজ্ঞতাৰ পৰা এটা কথাই বুজিছিলোঁ যে অসম আৰু অসমীয়াৰ একমাত্ৰ উন্নয়নৰ পথেই হ’ল কৃষি৷ শদিয়াৰ পৰা ধুবুৰীলৈকে হোৱা জীৱনৰ এই যাত্ৰাত কেবাজনো উদ্যোগী অসমীয়াৰ সংস্পৰ্শলৈ আহিলোঁ৷ আৰু তেওঁলোকৰ প্ৰভাৱতেই ঘূৰি আহিছোঁ নিজৰ অঞ্চললৈ, কিবা এটা কৰাৰ মানসেৰে৷

২০১৯ চন, গহপুৰ৷ মোৰ জন্মস্থান গহপুৰৰ বালিজান৷ ঘৰলৈ ঘূৰি আহি এইবাৰ মোৰ যাত্ৰা সুদূৰ বিহাৰৰ লফিচৰাইৰ চিচিমালৈ৷ মোৰ বন্ধু পুৰুষোত্তম সিঙে আৰম্ভ কৰা মৎস উৎপাদনৰ এক নতুন প্ৰকল্প ‘Biofloc Technology’ ৰ বিষয়ে জানিবলৈ তালৈ গৈছিলোঁ৷ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু মৎস্যজীৱি কৃষকৰ সহযোগ আৰু পুৰুষোত্তম সিঙৰ উৎসাহত ঘৰলৈ ঘূৰি আহি নিজা ঘৰতেই আৰম্ভ কৰো বায়ফ্ল'ক মাছৰ পামখন৷ আজি দুবছৰে এই প্ৰকল্পত জড়িত হৈ সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সমাধান বিচাৰি কাম কৰি আছোঁ৷

২০২১ চনৰ কথা৷ আমাৰ গহপুৰ অঞ্চলৰ গৌৰৱ তথা সফল ব্যৱসায়ী শ্ৰদ্ধাৰ উদয়াদিত্য গোস্বামীৰ সান্নিধ্যলৈ অহাৰ পাছত মন মেলিছিলোঁ আমাৰ অঞ্চলৰ বানপীড়িত অঞ্চল কাৱৈমাৰী, বাকৰিদলনীত এক সন্নিহিত কৃষি পাম খোলাৰ৷ এই কাৱৈমাৰী অঞ্চলৰ গাতে লাগি আছে ভলোকাগুৰি ঘাট৷ এই ভলোকাগুৰি ঘাটৰ প্ৰাকৃতিক সৌন্দৰ্য্যই ইতিমধ্যে অঞ্চলটোক অসমৰ অন্যতম এক পৰ্য্যটন স্থলীলৈ ৰূপান্তৰিত কৰিছে৷ প্ৰতিবছৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে অঞ্চলটোক কেবাবাৰো ধুই যায় বাবে এই অঞ্চলৰ কৃষকৰ অৱস্থা বৰ শোচনীয় ৷ প্ৰতিবাৰে ব্ৰহ্মপুত্ৰৰ পানীয়ে নিৰূপণ কৰে প্ৰায় ১০০০ হেক্টৰ কৃষিভূমিৰ লগত জড়িত কৃষকৰ ভৱিষ্যত ৷

এইবাৰ আমি কৰিছোঁ এক দুঃসাহস৷ এই বানপীড়িত অঞ্চলটোত পৰিত্যক্ত হৈ থকা ৩৫ বিঘা ভূমিত অতীতত হৈ যোৱা বানৰ উচ্চতাৰ পৰীক্ষা-নিৰীক্ষা কৰি প্ৰায় ১৪ ফুট উচ্চতালৈ বান্ধ বান্ধি মৎস্য উৎপাদনত মনোনিবেশ কৰিছোঁ৷ বিগত মাহবোৰৰ অভিজ্ঞতাৰে আমি এতিয়া আশাবাদী৷ কাজিৰঙাৰ বন্যহস্তীয়ে উপদ্ৰৱ চলোৱা এই অঞ্চলত ওচৰ-চুবুৰীয়া গাঁৱৰ প্ৰায় ২০ জন কৃষকৰ সংস্থাপনেৰে তেওঁলোকৰ সহযোগত বন্যহস্তীৰ সৈতে সহবাস কৰাৰ কৌশলেৰে আমি কেবাটাও কৃষিকৰ্ম হাতত লৈছোঁ৷ ইতিমধ্যে আমি প্ৰায় ৪০ বিঘা মাটিত অসমৰ বানপীড়িত অঞ্চলৰ বাবে বিশেষ থলুৱা বাও ধানৰ খেতি সফলতাৰে কৰিলোঁ৷

বিশ্বনাথ কৃষি বিশ্ববিদ্যালয় আৰু অসমৰ কেইজনমান অভিজ্ঞ কৃষকৰ সহযোগত ককোঁৱা আৰু তুলঁসী বাওৰ বীজৰোপণ কৰাৰ ফলত বিগত প্ৰায় ১২ বছৰে পৰিত্যক্ত হৈ থকা এই কৃষিভূমি যেন পুনৰ প্ৰাণ পাই উঠিছে৷ এই এহেজাৰ হেক্টৰ কৃষিভূমিত কোনো জলসিঞ্চনৰ ব্যৱস্থা বা কৃষিকাৰ্য্যৰ বৈদ্যুতিক সঁজুলি নাই যদিও অন্য কৃষকৰ সৈতে কান্ধত কান্ধ থৈ ১২০ বিঘা ভূমিত বৈজ্ঞানিক পদ্ধতিৰে সৰিয়হৰ খেতি কৰাত মনোনিবেশ কৰিছোঁ৷

পুখুৰীৰ সোঁমাজতে গড়া মিচিং চাংঘৰটিলৈ বিভিন্ন কৃষিপ্ৰেমী ৰাইজৰ আগমনে আমাক উৎসাহিত কৰি তুলিছে ৷ থলুৱা গুটিআলু আৰু অসমীয়া গাঁৱলীয়া পিয়াজৰ সংৰক্ষণৰ বাবে কৰা প্ৰায় ৬ বিঘা ভূমিয়ে লৈছে এক সেউজ আচ্ছাদন । কৃষকৰ সমস্যাৰ লগত আত্মীয়তা নথকাসকলেও আমাৰ কৃষিকৰ্মত সহযোগ কৰিছে৷

আমি গঢ়া ‘‘শৈলজা সংযোগ’’ গোষ্ঠীৰ এই অৰ্থনৈতিক সংগ্ৰাম ভৱিষ্যতলৈও অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতিৰে সকলো কৃষিপ্ৰেমী ৰাইজক আমাৰ কৃষি পামলৈ নিমন্ত্ৰণ জনালোঁ৷