দহিছে, খহিছে, বৰষিছে


Image Description

পৃথিৱী বিভিন্ন অঞ্চলৰ সমষ্টি।

প্ৰতিটো অঞ্চলৰ বতৰ ভিন্ন। জলবায়ু ভিন্ন। খেতি-বাতি ভিন্ন। সকলোৰে প্ৰতিফলন ভাষা-সাহিত্য-সংস্কৃতি সুকীয়া।

ইয়াৰ মাজতো মিল আছে। মানুহৰ আৱেগ-অনুভূতি আৰু উপলদ্ধিৰ এনাজৰীডাল একে সূতাৰে গোঁথা।

পৃথিৱীখন এতিয়া যেন বেছি জৰ্জৰিত। প্ৰকৃতি যেন ৰুক্ষ হ'বলৈ ধৰিছে। আচলতে হৈছেই। ক'ৰবাত বানৰ ধল। ক'ৰবাত গৰমৰ দহন। ক'ৰবাত পাহাৰ বাগৰি পৰিছে।

কাৰো বুজিবলৈ টান নহয় যে দুৰ্য্যোগবোৰৰ কাৰক মানুহ বোলা বুধিয়ক প্ৰাণীটো।

বিবেচনাহীনভাৱে গছ কাটিছে। পাহাৰ টকলা কৰিছে। প্লাষ্টিকেৰে নদ-নদী, সাগৰ-মহাসাগৰ পূৰাইছে। চাৰিওফালে কয়লা খান্দিছে আৰু জ্বলাইছে।

বিপদ ভবাতকৈ সোনকালেই আহিল। পৃথিৱীৰ মাটি ত্ৰিছ ভাগ। পানী সত্তৰ ভাগ। পানীভাগ এখন মহাদেশেই। ঠিক যিদৰে বায়ুখিনি এখন মহাদেশ বুলিব পাৰি।

বায়ু আজি প্ৰদূষিত। পানী প্ৰদূষিত। ভাৰসাম্য নোহোৱা হ'ল। মানুহ আক্ৰান্ত হ'বই। ঔষধৰ পাহাৰবোৰও ঠাই লৈ লৈছে। ক'ত, কেতিয়া, কেনেকৈ কোন বেমাৰে মানুহ বোলা প্ৰাণীটোক তহিলং কৰিব কোনেও নাজানে।

মিছা ভেমৰ ভঁৰালীজনো যাব। জ্ঞানীজনো যাব। কলিকালৰ বাবে সুন্দৰ পৰিৱেশ ৰচনা কৰিছে ভোগৰ লালসাই, ক্ষমতাৰ লালসাই। অন্ধ বিশ্বাসৰ সাগৰে।

শিক্ষাই পৃথিৱীখনক উপযোগী কৰি ৰাখিবলৈ সুশাসক গঢ়া নাই। অসমৰ বানপানী সমস্যা হৈ থকাটো এটা উদাহৰণ নহয় জানোঁ? সুশাসকে একোটা সমস্যাৰ সমাধান বিচাৰে। সমাধান উলিয়ায়। প্ৰচাৰে সুশাসকৰ জন্ম নিদিয়ে।।