ডিগবৈ মহাবিদ্যালয়ৰ জৈৱ-বৈচিত্ৰ্য


Image Description

ডিগবৈৰ নান্দনিক প্ৰাকৃতিক পটভূমিত অৱস্থিত ডিগবৈ মহাবিদ্যালয়৷ সম্প্ৰতি এখন উচ্চখাপৰ শৈক্ষিক প্ৰতিষ্ঠান হিচাপে ডিগবৈ মহাবিদ্যালয়ে বিদ্বৎমহলৰ সমাদৰ লাভ কৰিছে৷ অসমৰ এগৰাকী ধীমান সাহিত্যিক, কথাশিল্পী তথা অধ্যাপক পণ্ডিত ডক্টৰ নগেন শইকীয়া ছাৰে মহাবিদ্যালয়ৰ শৈক্ষিক আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰশংসা কৰিছে৷

ডিগবৈ মহাবিদ্যালয়ৰ পাৰিপাৰ্শ্বিকতা কেৱল অসমৰে নহয়, ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ পৰিৱেশবিদসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ ডিগবৈ মহাবিদ্যালয় পৰিয়ালৰ সদস্যসকলৰ বাবে এইয়া উৎসাহ আৰু আনন্দৰ বাৰ্তা৷ প্ৰকৃতি-পৰিৱেশবিষয়ক বিভিন্ন তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণ আৰু সাক্ষাৎকাৰ গ্ৰহণ কৰিবলৈ ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ তথ্যচিত্ৰ নিৰ্মাতা ডিগবৈ মহাবিদ্যালয়লৈ আহে৷ আমেৰিকান ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ প্ৰবক্তা ৰেণ্ডেল ডি কাইছে মহাবিদ্যালয়ৰ প্ৰাকৃতিক পৰিৱেশ আৰু অনন্য জৈৱ-বৈচিত্ৰ্যৰ ভূয়সী প্ৰশংসা কৰি গৈছে৷

ডিগবৈ মহাবিদ্যালয় উত্তৰ-পূব ভাৰতৰ জৈৱ-বৈচিত্ৰ্যৰ আশীৰ্বাদ স্বৰূপ ইণ্ড'-বাৰ্মা জৈৱ-বৈচিত্ৰ্য হটস্প'টৰ অন্তৰ্ভুক্ত ৷ উল্লেখযোগ্য এই অঞ্চল জৈৱ-বৈচিত্ৰ্যৰ উষ্ণমণ্ডল স্বৰূপ৷ মহাবিদ্যালয়ৰ সীমাই উজনি দিহিং হস্তী সংৰক্ষিত অঞ্চলক স্পৰ্শ কৰিছে৷

কোনো এখন ঠাইৰ জৈৱ-বৈচিত্ৰ্যৰ চমু আলোচনা কৰিবলৈ হ’লে ঠাইখনৰ অণুজীৱৰ পৰা বিৰাটাকায় স্তন্যপায়ী বন্যজীৱৰ বিবিধতা সম্পৰ্কে আলোচনা কৰাটো বাঞ্ছনীয়৷ জৈৱ-বৈচিত্ৰ্য বুলি ক’লে কোনো এখন ঠাইৰ সকলো প্ৰকাৰৰ উদ্ভিদ, প্ৰাণী আৰু সিহঁতৰ মাজত থকা বিবিধতা আৰু সিবোৰৰ সংমিশ্ৰণত গঢ়ি উঠা পৰিৱেশতন্ত্ৰক সাঙুৰি লোৱা হয়৷ এই প্ৰৱন্ধটোত ডিগবৈ মহাবিদ্যালয়ৰ অনন্য জীৱ-বৈচিত্ৰ্য সম্পৰ্কে চমু আলোচনা আগবঢ়াবলৈ যত্ন কৰা হৈছে৷

চলিত বৰ্ষৰ ১৯ ছেপ্তেম্বৰত ভাৰতবৰ্ষৰ আগশাৰীৰ কাকত 'ইণ্ডিয়ান এক্সপ্ৰেছ'ৰ ডিজিটেল সংস্কৰণত প্ৰকাশিত এক প্ৰতিবেদনত সাংবাদিক নবাৰুণ গুহই ইয়াৰ অনন্য আৰু একক পৰিৱেশৰ বিষয়ে উল্লেখ কৰিছে৷ ইয়াত ১৯ প্ৰজাতিৰ স্তন্যপায়ী, ১৮০ প্ৰজাতিৰ পখী, ৩৩ প্ৰজাতিৰ সৰ্প, ১২ প্ৰজাতিৰ জেঠীসদৃশ প্ৰাণী, ১৬৭ প্ৰজাতিৰ পখিলা, ৭ প্ৰজাতিৰ বেং, ৩০০তকৈও অধিক প্ৰজাতিৰ চকৰী আৰু বিবিধ ৰকমৰ মকৰা আৰু পতঙ্গ পোৱা যায়৷

ডিগবৈ মহাবিদ্যালয় অনেক সেউজীয়াৰ সংমিশ্ৰিত ভঁৰাল৷ ইয়াত বিভিন্ন গছ-লতিকা, তৰু-তৃণ, গুল্ম আদি উপলব্ধ৷ কেইবিধমান উল্লেখযোগ্য উদ্ভিদ প্ৰজাতি হৈছে- অৰ্জুন, নাহৰ, হোলোং, কদম, আমলখি, শিলিখা, ভোমোৰা, সোণাৰু, কৃষ্ণচুড়া, গুলঞ্চ, পনিয়ল, একেছিয়া, বৰ্হমথুৰি, চেংমৰা, কেচেৰু, বাঘ-আঁচোৰ, গছ ঢেঁকীয়া, টিকনীবৰুৱা, তৰা, কৌপাত, নেফাফু, বাঁহ আদি৷

জীৱ-জন্তুৰ বাবে সংৰক্ষিত ফলৰ বাগিছাত আছে নেমু, মধুৰিকে আদি কৰি নানান ফল৷ ইয়াৰোপৰি প্ৰকৃতিৰ বৈভৱস্বৰূপ অ'ৰ্কিডৰ বিভিন্ন প্ৰজাতিৰ Rhychostylis retusa, Cymbidium aloifolia, Dendrobium lituiflorum, Dendrobium transparence, Dendrobium moschatum আদিৰে সমৃদ্ধ৷

মহাবিদ্যালয়ত লেপিড'প্টেৰা গোত্ৰৰ পতঙ্গৰ বিবিধতা বিশেষভাৱে উল্লেখনীয়৷ পোষক উদ্ভিদৰ বিচিত্ৰতাই ইয়াৰ অন্যতম কাৰণ৷ ইয়াত দৃষ্টিগোচৰ হোৱা কেতবোৰ পখিলা হৈছে: Common pierrot, Yamfly, Chesnut Angle, Yellow Hellen, Punchinello আদি৷ প্ৰধানতঃ নিশাচৰ উৰণক্ষম পতঙ্গ চকৰীৰ ৩০০তকৈও অধিক প্ৰজাতিৰ উপস্থিতি মন কৰিবলগীয়া৷ ইয়াৰে Northern dark-green Hawk Moth, Assam Hawk Moth, Yam Hawk Moth আদি উল্লেখযোগ্য৷

মহাবিদ্যালয়ত পোৱা কেতবোৰ উভচৰ আৰু সৰীসৃপৰ ভিতৰত গুৰুত্বপূৰ্ণ হ’ল বামুণ ভেকোলা, পাতবেং, তেজপিয়া, মনিকিৰা, গুই, ঢোৰা সাপ, ধুন্দুলি গোম, মচোৱা গোম, কাৰ্শলা, ৰজা ফেঁটী, চকৰী ফেঁটী, শঙ্খচূড়া, বাটচুপা আদি৷

মহাবিদ্যালয়ৰ গছ-লতিকাত ডেও দি ফুৰা প্ৰকৃতিৰ অনন্য সৃষ্টি চৰাইৰ ১৮০ প্ৰজাতিৰ উপস্থিতি ইতিমধ্যেই ধৰা পৰিছে৷ সেইবোৰৰ ভিতৰত পাকৈ ঢেঁৰা, মৌ-পিয়া, কলাখাতী, চেকচেকী, ফেঁচু আদি৷ এইবোৰৰ উপৰিও কিছুমান দুৰ্লভ পখী প্ৰজাতিৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷ সেইবোৰ হ’ল Chestnut-backed Laughing Thrush, Rusty-bellied Short Wing, Grey-bellied Tesia, Rufous-necked Laughing Thrush, Collared Treepie, Grey-throated Babbler, SIberian Ruby Throat, Himalayan Thrush, Orange-headed Thrush আদি৷

এইবোৰৰ উপৰিও শীতকালত মহাবিদ্যালয়লৈ গজৰাজ আহে৷ ফলৰ বাগিছাত সুগৰি পহুৰ বিচৰণ লক্ষ্য কৰা হৈছে৷।