হেৰাই যাবলৈ ধৰা শস্যবোৰ


Image Description

ধানবোৰ কেনি গ'ল

সেউজ বিপ্লৱৰ আগলৈকে ভাৰতৰ খেতিয়েক লাখ লাখ প্ৰজাতিৰ শস্যৰ খেতি কৰি তাৰ বীজ সংৰক্ষণ কৰি আহিছিল। হাজাৰ হাজাৰ বছৰ ধৰি গজাই অহা এই শস্যবোৰৰ প্ৰাকৃতিক, ভৌগলিক, সামাজিক, সাংস্কৃতিক মূল্য আছিল অপৰিসীম।

পিচে এই ‘সেউজ’ বিপ্লৱৰ পাছত আমাৰ দেশত তথাকথিত ‘অধিক উৎপাদনশীল’ প্ৰজাতিৰ কৃত্ৰিম শস্যৰ খেতিত অধিক গুৰুত্ব দিবলৈ লোৱা হ’ল। ফলত অচিৰেই এনে হাজাৰ-বিজাৰ থলুৱা প্ৰজাতিৰ শস্য খেতিপথাৰৰ পৰা অদৃশ্য হৈ পৰিল।

কৃষি বিজ্ঞানীয়ে কয় যে ১৯৭০ চনলৈকে কেৱল ভাৰতীয় উপমহাদেশতেই প্ৰায় ১,১০,০০০ প্ৰজাতিৰ ধানৰ খেতি হৈছিল। সেউজ বিপ্লৱৰ পাছত ইয়াৰে নব্বৈ শতাংশৰো অধিক প্ৰজাতি পাবলৈ নাইকিয়া হৈ পৰিল। আজি গোটেই ভাৰতবৰ্ষত মাথোঁ ৬,০০০ বিধ ধানৰহে খেতি কৰা হয়। অৰ্থাৎ, আমাৰ মানুহে হাজাৰ হাজাৰ বছৰ ধৰি গজাই অহা এক লাখৰো অধিক বিধ ধান মাথোঁ ত্ৰিছ-ছল্লিছ বছৰৰ ভিতৰতে নাইকিয়া হৈ পৰিল।

ভাৰতৰ ‘ৰাইচ ৱাৰিঅৰ’ বুলি জনাজাত বিশিষ্ট পৰিৱেশ-সংৰক্ষণবিদ ডঃ দেবল দেবে তেখেতৰ এক গৱেষণা-পত্ৰত উল্লেখ কৰিছে যে ১৯৭০ চনত পশ্চিম বংগত মুঠ ৫,৫৫৫ প্ৰজাতিৰ ধানৰ খেতি হৈছিল। এই তথ্য পশ্চিম বংগৰ ‘ষ্টেইট ৰাইচ ৰিচাৰ্চ চেণ্টাৰ’ত সংৰক্ষিত হৈ আছে। ১৯৭৫ চনৰ পৰা ১৯৮৩ চনৰ ভিতৰত ইয়াৰে ৩,৫০০বিধ ধান ফিলিপাইনছত অৱস্থিত ‘ইণ্টাৰনেছনেল ৰাইচ ৰিচাৰ্ছ ইন্সটিটিউট’লৈ পঠিওৱা হৈছিল। একেদৰে অসমৰো ৫,০০০ প্ৰজাতিৰ ধান সেই সময়তে এই কেন্দ্ৰটোলৈ পঠিওৱা হৈছিল।

পিচে আজিৰ তাৰিখত অসম তথা বংগৰ কোনো ঠাইতে এই ধানবোৰৰ খেতি হোৱা দেখা নাযায়। যোৱা ছয় বছৰত মোৰ নিজৰ ক্ষেত্ৰ অধ্যয়নৰ পৰা দেখিবলৈ পাইছোঁ যে অসমৰ প্ৰায় ৯০-৯৫ শতাংশ কৃষকে এতিয়া থলুৱা প্ৰজাতিৰ আহু ধানৰ খেতি নকৰে। শালি আৰু বাও ধানৰ ক্ষেত্ৰতো প্ৰায় একেই অৱস্থা। প্ৰায়ভাগ খেতিয়কে এতিয়া ৰঞ্জিত, বাহাদুৰ, বাইছমুঠি, আইজং আদি ‘অধিক উৎপাদনশীল’ প্ৰজাতিৰ ধানৰ খেতি কৰে। নামনি অসমতো এতিয়া বহু খেতিয়কে গভীৰ নলীনাদৰ পানীৰে এনে হাইব্ৰিড ধানৰ খেতি কৰিবলৈ ধৰিছে।


হেৰাই যাবলৈ ধৰা বিভিন্ন প্ৰজাতিৰ থলুৱা মাকৈ। কিচেতং গাঁও, কিফিৰে, নাগালেণ্ড।


একেডৰা ঝুমখেতিতে উৎপন্ন বিবিধ শস্যৰ একাংশ। জলিয়ান গাঁও, কাৰ্বি আংলং।


পৰম্পৰাগত পদ্ধতিৰে ধোঁৱা চাঙত থলুৱা প্ৰজাতিৰ মাকৈৰ বিধান সংৰক্ষণ। কিচেতং গাঁও, কিফিৰে, নাগালেণ্ড।

থলুৱা শস্যৰ উপকাৰিতা

আমাৰ দেশত প্ৰাকৃতিকভাৱে পোৱা থলুৱা প্ৰজাতিৰ শস্যবোৰৰ যি উপকাৰিতা, তাৰ লেশমানো এই হাইব্ৰিড প্ৰজাতিবোৰত পোৱা নাযায়। থলুৱা শস্যবোৰৰ সুগন্ধ, সোৱাদ, ঔষধি গুণ, সুগভীৰ পানী অথবা শুকান ঠাইতো জীয়াই থকাৰ যি ক্ষমতা, তাৰ সৈতে এনে হাইব্ৰিড প্ৰজাতিসমূহে কোনোফালৰ পৰাই ফেৰ মাৰিব নোৱাৰে।

সাম্প্ৰতিক গৱেষণাই দেখুৱাইছে যে এনে থলুৱা প্ৰজাতিবোৰত থকা পুষ্টিকৰ উপাদান, যেনে, ভিটামিন, খনিজ পদাৰ্থ আদিৰ পৰিমাণো কৃত্ৰিম সঁচবোৰতকৈ বহুগুণে বেছি। সেয়েহে বহুমূত্ৰ, মেদবহুলতা, উচ্চ ৰক্তচাপ, হৃদৰোগ আদিতো এনে বহুতো থলুৱা প্ৰজাতিৰ শস্য খুবেই উপকাৰী।

উদাহৰণ স্বৰূপে, হিমাচল প্ৰদেশৰ ‘মাতালি’ আৰু ‘লালধান’ নামৰ ধান ক্ৰমে জ্বৰ আৰু উচ্চ-ৰক্তচাপৰ উপশমৰ বাবে ব্যৱহাৰ হয়। তেনেকৈ কেৰালাৰ ‘কাৰিঞ্জন’ আৰু ‘কাৰিমালাকৰণ’ নামৰ ধানৰ চাউল ডায়েবেটিছ-প্ৰতিৰোধী গুণৰ বাবে জনাজাত। উত্তৰ-পূব ভাৰতৰ ক'লা চাউলতো কেতবোৰ কেঞ্চাৰ-প্ৰতিৰোধী গুণ দেখিবলৈ পোৱা গৈছে।

ইয়াৰ উপৰিও পাহাৰীয়া আৰু শুকান মৰুপ্ৰায় ঠাইবোৰত পোৱা মাকৈ, জোৱাৰ, বজ্ৰা, ৰাগি আদি থলুৱা শস্যবোৰৰ পোক-পৰুৱাৰ আক্ৰমণ, বেমাৰ-আজাৰ আদি প্ৰতিহত কৰাৰ ক্ষমতা আৰু খৰাং আদি প্ৰতিকূল অৱস্থাতো জীয়াই থকাৰ ক্ষমতা এই হাইব্ৰিডবোৰতকৈ যথেষ্ট বেছি। এনে থলুৱা প্ৰজাতিবোৰৰ খেতিৰ বাবে পানীও বৰ বেছি নালাগে। এই শস্যবোৰৰ কৃষি-পদ্ধতি স্থানীয় পৰিৱেশৰ অনুকূল, ধাৰণ-সক্ষম আৰু সেই ঠাইৰ সংস্কৃতিৰ সৈতে সাঙোৰ খোৱা। কেৱল সেয়াই নহয়, তাৰ উৎপাদন প্ৰক্ৰিয়াও অতি কম খৰচী।

হাইব্ৰিড আগ্ৰাসন

চিন্তাৰ কথাটো হৈছে যে ইমানবোৰ উপকাৰিতা থকাৰ পিছতো এনে থলুৱা বীজসমূহক আমি বিলুপ্তিৰ মুখলৈ ঠেলি দিছোঁ, আৰু তাৰ ঠাইত বিভিন্ন কৃত্ৰিম প্ৰজাতিৰ শস্যক আঁকোৱালি লৈছোঁ। পশ্চিমীয়া দেশবোৰৰ অনুকৰণত আজি ভাৰতকে আদি কৰি সকলো উন্নয়নশীল দেশতে কৃত্ৰিম প্ৰজাতিৰ শস্যৰ খেতি দ্ৰুতগতিত বৃদ্ধি পাইছে। এই দেশবোৰত কেৱল চৰকাৰেই নহয়, বিভিন্ন আন্তৰ্জাতিক উন্নয়ন সংস্থা বেচৰকাৰী সংস্থা আদিয়েও হাইব্ৰিড প্ৰজাতিৰ শস্যৰ বিস্তাৰতহে গুৰুত্ব দিয়া দেখা গৈছে।

কিন্তু এনে হাইব্ৰিড শস্যৰ খেতিত আয়তকৈ ব্যয়ৰ পৰিমাণহে বেছি। কাৰণ সিবোৰৰ উৎপাদনত প্ৰয়োজন প্ৰচুৰ পৰিমাণৰ ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য, ব্যয়বহুল জলসিঞ্চন ব্যৱস্থা ইত্যাদিৰ। পঞ্জাৱ-হাৰিয়ানা আদি ৰাজ্যৰ ভূগৰ্ভৰ অধিকাংশ পানী এনে হাইব্ৰীড ধানৰ খেতিতেই খৰচ হয়। ইয়াৰ ফলত তাৰ খেতিপথাৰবোৰত ভূগৰ্ভৰ পৰা উঠি অহা নিমখৰ পৰিমাণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আৰু লগতে ভূগৰ্ভৰ পানীৰ স্তৰ চিন্তনীয়ভাৱে তললৈ নামি গৈছে। তাৰোপৰি মানুহৰ স্বাস্থ্য আৰু প্ৰাকৃতিক পৰিৱেশৰ ওপৰত এনে কীটনাশক দ্ৰব্য আৰু কৃত্ৰিম সাৰবোৰৰ কুপ্ৰভাৱৰ কথা আমি জানোৱেই।

বৰ্তমান গোটেই পৃথিৱীতে ক্ষুধা, পুষ্টিহীনতা, দাৰিদ্ৰ্য, জলবায়ু পৰিৱৰ্তন আদিয়ে অতি গুৰুতৰ সমস্যা হিচাবে দেখা দিছে। বতৰৰ অনিশ্চয়তা, অতিবৃষ্টি, অনাবৃষ্টি, পোক-পৰুৱাৰ আক্ৰমণ আদিয়ে এক বৃহৎসংখ্যক মানুহৰ খাদ্য-সুৰক্ষাৰ প্ৰতি এক গভীৰ ভাবুকিৰ সৃষ্টি কৰিছে। তাৰোপৰি খেতিয়কসকলেও দ্ৰুত গতিত শস্য উৎপাদনৰ সকলো ক্ষেত্ৰতে আনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিব ধৰিছে।

এই আটাইবোৰ সমস্যা আৰু ভাবুকিৰ পৰিপ্ৰেক্ষিতত প্ৰাকৃতিকভাৱে পোৱা, অলেখ গুণ-বিশিষ্ট থলুৱা শস্যবোৰৰ বৈচিত্ৰ ৰক্ষা কৰাতো বৰ প্ৰয়োজনীয় কথা হৈ পৰিছে।

(প্ৰৱন্ধটোত ব্যৱহৃত ফ'টবোৰ লিখকে DST-NMSHEৰ অধীনৰ 'জলবায়ু পৰিৱৰ্তন আৰু পূৰ্ব-হিমালয় অঞ্চলৰ কৃষিৰ ধাৰণশীলতা' নামৰ প্ৰজেক্টৰ ক্ষেত্ৰ-অধ্যয়নত লোৱা। লিখক DST-NMSHE আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ওচৰত কৃতজ্ঞ।)