সাধাৰণ উদ্ভিদৰ অসাধৰণ গুণ, বিলুপ্তিৰ পথত চোৰাত


Image Description

চোৰাত এবিধ সৰু জোপোহা উদ্ভিদ৷ সচৰাচৰ চোৰাত গছ কোনেও বাৰীত সংৰক্ষণ কৰি নথয়৷ বাৰীত গজা দেখিলে তাক উভালি সমুলাংশে নষ্ট কৰি দিয়া হয়৷

এতিয়া কেৱল হাবি-জংঘল বা ৰেললাইনৰ কাষে-কাষে মাজে-মাজে ক'ৰবাত দেখা পোৱা যায়৷ ইয়াৰ গুণাগুণ সম্পৰ্কে সম্যক জ্ঞান নথকাৰ বাবে এইবিধ মূল্যবান চোৰাত গছ আজি বিলুপ্তিৰ পথত৷

International Union for Conservation of Nature (IUCN) বা আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থাই চোৰাত উদ্ভিদক ৰঙা তালিকাত অন্তৰ্ভুক্ত কৰিছে৷ ৰঙা তালিকাত অন্তৰ্ভুক্ত হোৱা মানে এইবিধ উদ্ভিদ বিলুপ্তিৰ পথত। এই বিলুপ্তিৰ কাৰণে আমিও কিছু পৰিমাণে দায়ী৷

কাৰণ এইবিধ উদ্ভিদক আমি সদায় অদৰকাৰী উদ্ভিদ বুলিয়েই গণ্য কৰি আহিছোঁ৷ অৱশ্যে জ্ঞানৰ অভাৱ ইয়াৰ আন এটা কাৰণ হ’ব পাৰে৷ চোৰাতৰ বৈজ্ঞানিক নাম'আৰ্টিকা ডায়োকা' (Urtica dioica) ইংৰাজীত ইয়াক 'ষ্টিংগিং নেটল' (stinging nettle) বোলে৷

এছিয়া মহাদেশ, আফ্ৰিকা, উত্তৰ আমেৰিকা আৰু ইউৰোপ মহাদেশত এই উদ্ভিদ পোৱা যায়৷ ইয়াৰ ঔষধীয় গুণ যথেষ্ট আছে৷ ইয়াত থকা খনিজাত পদাৰ্থ বিশেষকৈ লো, কেলছিয়াম, মেগনেছিয়াম আৰু পটেছিয়াম মানুহৰ শৰীৰৰ কাৰণে অতি প্ৰয়োজনীয় মৌলিক উপাদান৷

এই উপাদানসমূহৰ অভাৱত মানুহ নানা ৰোগৰ সন্মুখীন হ’ব লগা হয়৷ এই চাৰিবিধ উপাদান পাবলৈ মানুহে ঔষধত হাজাৰ হাজাৰ টকা খৰচ কৰিব লগা হয়৷

চোৰাত গছত এই সকলো মৌলিক উপাদান সহজতে পোৱা যায় কাৰণে ইয়াক দুখীয়া মানুহৰ ঔষধালয় বুলিও কোৱা হয়৷

চোৰাতৰ শিপাৰ পৰা আৰম্ভ কৰি সকলো অংশই ঔষধ হিচাবে ব্যৱহাৰ হয়৷ পাৰম্পৰিক খাদ্য হিচাবে চোৰাতৰ কোমলীয়া পাত ভাজি বা চুপ বনাই খোৱা অভ্যাস বহুতো জনগোষ্ঠীৰ মাজত আজিও দেখা যায়৷ নেপালত ইয়াক মূল্যবান শাক হিচাবে গণ্য কৰে৷

চোৰাতৰ শুংবোৰত ‘হিষ্টামিন’ নামৰ ৰসায়ন পদাৰ্থ থকাৰ বাবে চোৰাত গাত লাগিলে ছালত প্ৰতিক্ৰিয়া হয় আৰু জ্বলা-পোৰা কৰে৷ ইয়াৰ উপৰিও আৰু কেইটামান ৰাসায়নিক পদাৰ্থই ছালত ক্ৰিয়া কৰে। সেইবোৰ হ’ল এছিটাইলক'লিন, ফৰ্মিক এছিড আৰু ছিৰ'ট'নিন৷

বিদেশত আজি-কালি প্ৰায়বোৰ দেশতে চোৰাত পাতৰ চাহ পোৱা যায়৷ চোৰাতৰ গা-গছৰ তন্ত্ৰৰ পৰা সূতা উলিয়াই কাপোৰ তৈয়াৰ কৰা হয়৷ প্ৰথম বিশ্বযুদ্ধৰ সময়ত কপাহৰ নাটনি হোৱাত সৈনিকসকলক পোছাকৰ যোগান ধৰিবলৈ বস্ত্ৰশিল্প উদ্যোগত চোৰাত গছৰ সূতা ব্যৱহাৰ হৈছিল৷ আজি-কালি উন্নত দেশবোৰত বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে বনত চোৰাত গছ লগোৱা হয়৷

জাৰ্মান দেশত চোৰাতৰ চাহ বিশেষভাৱে গাঁঠিৰ বিষ বা বাত বেমাৰৰ বাবে ব্যৱহাৰ হয়৷ অষ্ট্ৰিয়াত কেঁচা পাতৰ ৰস খাই বৃক্কৰ ৰোগ নিৰাময় কৰা পদ্ধতি এতিয়াও চলি আছে৷ কেতিয়াবা শৰীৰত ইউৰিক এছিডৰ মাত্ৰা বাঢ়ি যায় আৰু ইউৰিক এছিড স্ফটিক ৰূপত গাঁঠিবোৰৰ চাৰিওফালে জমা হয় আৰু গাঁঠিবোৰ ফুলি যায় ইয়াকে গাউট বুলিও কোৱা হয়৷

চোৰাতৰ চাহ দিনত ২-৩ বাৰকৈ খালে এইবোৰ বেমাৰৰ পৰা উপশম পোৱা যায়৷ চোৰাত পাতৰ নিয়মীয়া সেৱনে নখৰ বেমাৰ ভাল কৰে আৰু শৰীৰৰ হাড়বোৰো মজবুত কৰি ৰাখে৷ বিশেষকৈ ৰক্তহীনতাত ভোগা ৰোগীয়ে চোৰাত ব্যৱহাৰ কৰাৰ মুঠেই ৭ দিনৰ ভিতৰতে শৰীৰত ৰক্ত জমা হ’বলৈ আৰম্ভ কৰে৷ ইমান কম দিনৰ ভিতৰত শৰীৰত ৰক্তসঞ্চালন কৰিব পৰা উদাহৰণ বোধকৰো দ্বিতীয়এটা নোলাব৷

বহাগ-জেঠ মাহত যেতিয়া অন্য বাৰী-পাচলিৰ নাটনি হয়, সেই সময়ত চোৰাত পাত শাক হিচাবে ব্যৱহাৰ কৰিব পাৰি৷ তৰকাৰী বনোৱাৰ আগতে পাতবোৰ পানীত কিছু সময় ডুবাই ৰাখিব লাগে নতুবা অলপ সময় গৰম পানীত সিজালেও শুংবোৰৰ বিষক্ৰিয়া নাইকিয়া হয়৷

পৰাপক্ষত কোমলীয়া পাতহে ব্যৱহাৰ কৰিব লাগে৷

সাহিত্যৰ ক্ষেত্ৰতো বহুতো কবি, সাহিত্যিকে চোৰাত গছজোপাক স্থান দিছে৷ নেপালৰ মহাকবি লক্ষীপ্ৰসাদ দেৱকোটাৰ দ্বাৰা ১৯৩০ চনত মহাকাব্য ‘মুনামদন’ত চোৰাতৰ বিষয়ে উল্লেখ আছে৷

এ ই হাউছমেন নামৰ কবিজনে 'stinging nettle' কবিতাটোত চোৰাতৰ বিষয়ে বৰ্ণনা কৰিছে৷ চোৰাতৰ অধ্যয়ন বহু আগৰে পৰাই চলি আহিছে । কিন্তু আমিহে এই উদ্ভিদৰ প্ৰতি মুঠেই গুৰুত্ব দিয়া নাই৷ বাৰীৰ এচুকত সহজতে কৰিব পৰা খেতি৷ মাত্ৰ লাগিব আমাৰ সজাগতা আৰু সচেতনতা৷

ঔষধৰ অতিপাত মূল্যবৃদ্ধিয়ে দুখীয়া ৰাইজক ইতিমধে কোঙা কৰি পেলাইছে৷ ভেজাল শাক-পাচলিয়ে মানুহৰ শৰীৰত নানা ধৰণৰ ৰোগৰ সৃষ্টি কৰিছে৷ তেনেক্ষেত্ৰত সময় থাকোঁতে আমি অলপ সজাগ হোৱা ভাল৷ সপ্তাহত কমেও এদিন বনশাক খোৱা অভ্যাস কৰিব পাৰিলে ভাল৷

চোৰাতৰ কোনো অংশই পেলাব নোৱাৰি৷ জংঘলৰ পৰা আনি ৰ'দত শুকুৱাই গুৰি কৰি সংৰক্ষণ কৰি থ'ব পাৰি৷ অসমৰ নিচিনা পিছপৰা আৰু দুখীয়া ৰাজ্যৰ কাৰণে চোৰাত সংৰক্ষণ অতি প্ৰয়োজনীয় হৈ পৰিছে৷ ইয়াৰ কাৰণে লাগিব চোৰাত সচেনতা অভিযান৷ ৰাইজ এবাৰ সজাগ হ’লে চোৰাতক বিলুপ্তিৰ পথৰ পৰা ৰক্ষা কৰিব পৰা যাব৷।