জলবায়ু পৰিবৰ্তন: জনসাধাৰণৰ ওপৰত প্ৰভাৱ আৰু জনসাধাৰণৰ কৰ্তব্য


Image Description

পৰিবেশ সমস্যা আৰু সামাজিক আন্দোলন

১৯৬২ চনৰ আগষ্ট মাহত আমেৰিকাৰ এগৰাকী মহিলা সামুদ্ৰিক জীৱবিজ্ঞানী ৰাছেল কাৰছনে 'Silent Spring' নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰে৷ ডিডিটি নামৰ সঘনে আৰু অতি ব্যাপকভৱে প্ৰয়োগ কৰা কীটনাশক ৰাসায়নিক পদাৰ্থবিধে কেনে ধৰণে বন্যজীৱ, পক্ষীকুল, মৌ-মাখি, ঘৰচীয়া জীৱ-জন্তু, মানুহৰ স্বাস্থ্যৰ ক্ষতিসাধন কৰিছে, কৃষিক্ষেত্ৰত প্ৰয়োগৰ পাছত মাটি, পানী আৰু সামগ্ৰিক পৰিৱেশত ডিডিটিয়ে দীঘলীয়া সময়ৰ কাৰণে অপৰিবৰ্তিত অৱস্থাত থাকি বিৰাট প্ৰদূষণৰ সৃষ্টি কৰিছে আৰু জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে– ইয়েই আছিল প্ৰায় ৪০০ পৃষ্ঠাৰ এই কিতাপখনত মূল বক্তব্য৷

প্ৰকাশৰ লগে লগে কাৰছনৰ Silent Spring ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছিল৷ ৰাসায়নিক কীটনাশক দ্ৰৱৰ প্ৰভাৱে সমষ্ট জীৱজগতৰ কি ভয়াবহ ক্ষতি সাধিব পাৰে, ইয়াৰ গভীৰ অধ্যয়ন নোহোৱাকৈয়ে কেৱল খেতিপথাৰৰ শস্য আক্ৰমণ কৰা অনিষ্টকাৰী কীট ধবংস কৰিব পৰাৰ হ্ৰস্বম্যাদী সুফল পাবলৈ নাভাবি-নিচিন্তি কৰা ডিডিটি ব্যৱহাৰে প্ৰকৃতি পৰিৱেশৰ কি অপূৰণীয় ক্ষতি সাধন কৰে, এই বিষয়ে ৰাছেল কাৰছনে প্ৰথমবাৰৰ বাবে আঙুলিয়াই দিছিল৷

কিতাপখনত কাৰছনে আন এক অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিছিল৷ তেওঁ প্ৰশ্ন কৰিছিল কেনেকৈ বা কিয় গণতান্ত্ৰিক আৰু উদাৰচিতীয়া সমাজ ব্যৱস্থাত ৰাইজৰ নিৰ্বাচিত চৰকাৰে কোনো ব্যক্তি বা প্ৰতিষ্ঠানক জনসাধাৰণৰ, পৰিৱেশৰ আৰু প্ৰকৃতিৰ অনিষ্ট কৰিব পৰা ৰাসায়নিক দ্ৰব্য প্ৰয়োগৰ অনুমতি দিয়ে? প্ৰকৃতি আৰু পৰিৱেশ সুৰক্ষাৰ বাবে সাম্প্ৰতিক আধুনিক সময়ত এক ব্যাপক সামাজিক আন্দোলনৰ বীজ ৰাছেল কাৰছনৰ এই প্ৰশ্নত নিহিত হৈ আছিল৷

জলবায়ু পৰিৱৰ্তন

১৯৬২ৰ পাছৰ দশককেইটাত একেই অৰ্থনৈতিক লাভ বা মুনাফাৰ বাবে গোটেই পৃথিৱীতে এনে ধৰণৰ কিছুমান কাৰ্য্যকলাপ [উদ্যোগিক কাৰ্য্যকলাপ] অতি ব্যাপকভাৱে চলি থাকিল৷ এনে কাৰ্য্যকলাপৰ বিষময় প্ৰভাৱ পৃথিৱীৰ কেৱল কোনো কোনো বিশেষ প্ৰদূষিত অঞ্চল বা দেশতে সীমিত হৈ নৰ’ল৷ ১৯৭০-৭৩ দশকৰপৰা লাহে লাহে কিন্তু নিশ্চিতভাৱে প্ৰথমে বিজ্ঞানীসকলে আৰু তাৰ পিছত ক্ৰমান্বয়ে প্ৰকৃতি আৰু পৰিৱেশ সচেতন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু শেহতীয়াকৈ গোটেই পৃথিৱীৰ জনসাধাৰণে অনুভৱ কৰিছে যে মানুহৰ বিভিন্ন উদ্যোগিক কাৰ্য্যকলাপে পৃথিৱীৰ জলবায়ুলৈ ব্যাপক পৰিৱৰ্তন আনিছে৷

বিজ্ঞানীসকলে আৰম্ভণিতে ক’বলৈ লোৱা জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাক সাধাৰণতে বহুতেই মানি লোৱা নাছিল৷ কিন্তু যোৱা প্ৰায় দুই দশক ধৰি লক্ষ্য কৰা গোলকীয় উষ্ণতাৰ বৃদ্ধি, বৃষ্টিপাতৰ বাৰ্ষিক পৰিমাণ, প্ৰকৃতি আৰু সময়ৰ তাৰতম্য, অতিবৃষ্টি-অনাবৃষ্টি, প্ৰচণ্ড ধুমুহা, বানপানী, ভূমিস্খলন, জীৱবৈচিত্ৰ্যৰ বিলুপ্তি ইত্যাদি পৰিঘটনাই গোলকীয় জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনা নিশ্চিতভাৱে প্ৰমাণ কৰিছে৷

প্ৰথম আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টা

১৯৮১ চনত আমেৰিকাৰ তেতিয়াৰ উপৰাষ্ট্ৰপতি এল্ গ’ৰে পোন প্ৰথমবাৰৰ বাবে আমেৰিকাৰ প্ৰতিনিধি সদনত [US House of Representatives] মানৱসৃষ্ট গোলকীয় বা ভূমণ্ডলীয় উষ্ণতা বৃদ্ধি সম্পৰ্কে শুনানি অনুষ্ঠিত কৰে৷ ইয়াৰ পাছত ৰাষ্ট্ৰ সংঘৰ উদ্যোগত বিকাশ আৰু উদ্যোগ সম্পৰ্কে 'পৃথিৱী শীৰ্ষ সন্মিলন' ('Earth Summit) আয়োজন কৰা হৈ আহিছে৷

ইয়াৰ উপৰিও জলবায়ু পৰিৱৰ্তন সম্পৰ্কে ৰাষ্ট্ৰ সংঘৰ উদ্যোগত ১৯৯২ চনতে আৰম্ভ কৰা আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ আধাৰত 'United Nations Framework Convention on Climate Change' গঠিত হয়৷ ১৯৯৫ চনত এই চুক্তিত স্বাক্ষৰ কৰা দেশসমূহে গোলকীয় জলবায়ু পৰিৱৰ্তন ৰুধিবলৈ বিস্তৰ আলোচনা-বিলোচনাৰ অন্তত ১৯৯৭ চনত জাপানৰ কিয়’ট চহৰত অনুষ্ঠিত সন্মিলনৰ বিখ্যাত ‘কিয়’ট প্ৰ’ট’কল’ গ্ৰহণ কৰে৷

কিয়’ট প্ৰ’ট’কল অনুসৰি উন্নত দেশসমূহে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ এক মূল কাৰণ গ্ৰীণ হাউছ গেছৰ নিৰ্গমন হ্ৰাস কৰাৰ সিদ্ধান্ত লয়৷

বিভিন্ন উদ্যোগিক শিল্প উদ্যোগত উৎপত্তি হোৱা কাৰ্বন ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ, অক্সাইড, হাইড্ৰ’ক্ল’ৰ’ফ্ল'ৰ' কাৰ্বন, হাইড্ৰ'ফ্ল’ৰ’কাৰ্বন আৰু অ’জন– এইকেইবিধ গেছেই বায়ুমণ্ডলত থাকি ভূমণ্ডলীয় উষ্ণতা বৃদ্ধি কৰে৷ এইবোৰ গেছক গ্ৰীণ হাউছ গেছ বোলে৷

ৰাষ্ট্ৰসংঘৰ Framework Convention on Climate Changeৰ মুখ্য সিদ্ধান্তকাৰী সংগঠন– Conference of the Parties (COP)ৰ উদ্যোগত প্ৰতিবছৰে গ্ৰীণ হাউছ গেছ নিৰ্গমন হ্ৰাসৰ বাবে চিন্তা-চৰ্চা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হৈ আহিছে৷ প্ৰথমখন COP সন্মিলন ১৯৯৫ চনত বাৰ্লিনত অনুষ্ঠিত হৈছিল৷ ২০২২ চনৰ COP-27 ইজিপ্তত অনুষ্ঠিত হৈ যায়৷

COP-27 ত লোৱা মুঠ ৩৫টা সিদ্ধান্তৰ অন্যতম হৈছে যে ২০৩০-২০৫০ৰ ভিতৰত উন্নয়নশীল দেশসমূহে ১০০ শতাংশ নবীকৰণযোগ্য শক্তি ব্যৱহাৰ কৰিব৷

ৰাষ্ট্ৰ সংঘৰ উদ্যোগত যোৱা প্ৰায় তিনিটা দশক ধৰি চলি অহা এই আলোচনা-বিলোচনা, চিন্তা-চৰ্চাৰ মূৰতো আজিও গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ মূল জগৰীয়া আমেৰিকা, ইউৰোপৰ দেশসমূহক গ্ৰীণ হাউছ গেছৰ নিৰ্গমন হ্ৰাস কৰা কিম্বা শূন্য কাৰ্বন নীতি গ্ৰহণ কৰোৱাত সফল হোৱা নাই৷

এই দেশসমূহে বিভিন্ন সময়ত মিছা প্ৰতিশ্ৰুতি আৰু ভুল তথ্য আগবঢ়াই গোলকীয়া জলবায়ু পৰিৱৰ্তনৰ প্ৰতিৰোধৰ বাবে কোনো ধনাত্মক সহাঁৰি দিয়া নাই৷ অলপতে পূৰ্বৰ আমেৰিকাৰ উপৰাষ্ট্ৰপতি এল্‌ গ’ৰেৰ উদ্যোগত পৃথিৱীৰ কোনো কোনো দেশত কি পৰিমাণে গ্ৰীণ হাউছ গেছ নিৰ্গমন হৈছে সঠিকভাৱে ধৰা পেলাবলৈ এক অতি উচ্চ প্ৰযুক্তিভিত্তিক কৌশল উদ্ভাৱন কৰা হৈছে৷

ছেটেলাইট, ছেনছৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত উদ্ভাৱন কৰা এই প্ৰযুক্তিৰ সহায়ত লাভ কৰা তথ্যৰ আধাৰত অলপতে এল্ গ’ৰে মত প্ৰকাশ কৰে যে পৃথিৱীৰ ৭৫ শতাংশ গ্ৰীণ হাউছ নিৰ্গমন কৰা দেশসমূহেই ২০৫০ৰ ভিতৰত ১০০ শতাংশ নবীকৰণযোগ্য শক্তি ব্যৱহাৰ কৰাৰ বাবে সংকল্প গ্ৰহণ কৰিছে!!

[অহা সংখ্যাত সমাপ্ত]।।