জলবায়ু সংকট: ৰাষ্ট্ৰসংঘৰ 'ৰেড এলাৰ্ট'


Image Description

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ এতিয়া গোটেই বিশ্বতে অতি স্পষ্ট। আবতৰীয়া ধুমুহা-বৰষুণ, অতিবৃষ্টি, অনাবৃষ্টি, তাপ-প্ৰবাহ, বানপানী, ছুনামি, ছাইক্ল'ন বনজুই, জল-সংকট—জলবায়ুৰ এনে চৰম ৰূপ এতিয়া সকলো ঠাইতে।

এই ঘটনাবোৰৰ এক মূল কাৰণ হৈছে দিনে দিনে ভয়াবহ ৰূপ লোৱা গোলকীয় উষ্ণতা। এই উষ্ণতা ৰোধৰ বাবে বিশ্বৰ দেশসমূহৰ মাজত বুজা-বুজি আৰু সহযোগিতাৰ কোনো বিকল্প নাই। ৰাষ্ট্ৰসংঘই এনে সহযোগিতাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ যোৱা ২৭ বছৰ জুৰি অহৰহ চেষ্টা কৰি আহিছে।

এই উদ্দেশ্যেৰেই ৰাষ্ট্ৰসংঘই ১৯৯৫ চনৰ পৰা সদস্য দেশসমূহৰ প্ৰতিনিধিত্বৰে এখন সন্মিলন অনুষ্ঠিত কৰি আহিছে। সন্মিলনৰ নাম হৈছে Conference of the Parties to the UN Frameworks Convention on Climate Change, অথবা চমুকৈ COP ।

শেহতীয়াকৈ এই সন্মিলনখন (COP-26) অনুষ্ঠিত হয় ২০২১ চনৰ ৩১ অক্ট'বৰৰ পৰা ১২ নৱেম্বৰলৈকে, স্কট্‌লেণ্ডৰ গ্লাছগ' চহৰত। তাত ১৯৭খন দেশৰ পঁচিছ হাজাৰতকৈও অধিক প্ৰতিনিধিয়ে ভাগ লয়।

২০১৫ চনত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হোৱা COP-15 সন্মিলনত সদস্য দেশসমূহে এখন চুক্তিত স্বাক্ষৰ কৰিছিল, যিখনক ‘পেৰিছ চুক্তি’ বুলি জনা যায়। ইয়াৰ দ্বাৰা সকলো দেশে প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে পৃথিৱীৰ বায়ুমণ্ডলৰ গড় উষ্ণতা প্ৰাক্-ঔদ্যোগিক যুগৰ উষ্ণতাতকৈ ১.৫ ডিগ্ৰী ছেলছিয়াছৰ ওপৰলৈ যাব নিদিব।

তাৰবাবে প্ৰয়োজন হোৱা আটাইবোৰ পদক্ষেপ তেওঁলোকে শীঘ্ৰেই গ্ৰহণ কৰিব।

বিজ্ঞানীসকলে ঠাৱৰ কৰিছে যে প্ৰাক্-ঔদ্যোগিক যুগত গোলকীয় উষ্ণতা যিমান আছিল তাতকৈ সেয়া ১.৫ ডিগ্ৰী ছেলছিয়াছৰ বেছি হ'লেই বিশ্বৰ জীৱকুল চৰম সংকটত পৰিব। মেৰু অঞ্চলৰ বৰফ গলি যাব, সাগৰৰ পানী ওফন্দি আহিব, বহুতো দ্বীপ, ব-দ্বীপ, উপকূল অঞ্চল পানীত তল যাব। বিলুপ্ত হৈ পৰিব অসংখ্য জীৱ আৰু উদ্ভিদ।

Intergovernmental Panel on Climate Change (Sixth Assessment 2021-2022) (চমুকৈ IPCC) নামৰ সমিতিখনৰ শেহতীয়া প্ৰতিবেদন (২০২১-২০২২) অনুসৰি পৃথিৱীৰ এই গড় তাপমাত্ৰা এতিয়ালৈকে ১.১ ডিগ্ৰীলৈ বৃদ্ধি পাইছেই।

অনুমান কৰা হৈছে যে ২০৩০ চনৰ ভিতৰত এই তাপমান ১.৫ৰ পৰা ১.৬ ডিগ্ৰী ছেলছিয়াছলৈ বাঢ়িব। গ্ৰীণ হাউছ গেছৰ নিৰ্গমন ৰোধ নকৰিলে শতিকাটোৰ শেষলৈকে গোলকীয়া উষ্ণতা ৩.২ ডিগ্ৰী ছেলছিয়াছলৈকে বৃদ্ধি পাব।

প্ৰতিবেদনখনৰ মতে এই জলবায়ু পৰিৱৰ্তনৰ ফলত ভাৰত, পাকিস্তান আদিৰ দৰে কৃষিভিত্তিক অৰ্থনীতিৰ ওপৰত ভীষণ প্ৰভাৱ পৰিব। যেনে, ভাৰতবৰ্ষৰ ধানৰ উৎপাদন আনুমানিক ১০-৩০ শতাংশ আৰু মাকৈৰ উৎপাদন ২৫-৭০ শতাংশলৈ কমি যাব। তাৰোপৰি ইয়াৰ ফলত ভাৰতৰ ১১খন ৰাজ্যৰ ভৱিষ্যত হৈ পৰিব অতি সংকটজনক।

এই ৰাজ্য কেইখন হৈছে উৰিষ্যা, অসম, মেঘালয়, ত্ৰিপুৰা, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু পঞ্জাৱ।

উল্লেখযোগ্য যে ২০১৫ চনৰ পেৰিছ চুক্তিত চহী কৰা কোনো এখন দেশেই চুক্তিৰ প্ৰতিশ্ৰুতিবোৰ ৰক্ষা কৰা নাই। সেইবাবেই ৰাষ্ট্ৰসংঘৰ সচিব-প্ৰধান এণ্টনিঅ’ গুটেৰ্ছে এই দেশসমূহক অতি কঠোৰ ভাষাৰে সমালোচনা কৰিছে। তেওঁ কৈছে যে IPCC-ৰ এই প্ৰতিবেদনখন চৰকাৰসমূহৰ ফোঁপোলা কথা আৰু ভগ্ন প্ৰতিশ্ৰুতিৰ অলেখ উদাহৰণেৰে ভৰি আছে।

তেওঁৰ ভাষাত, ’Some governments and business leaders are saying one thing but doing another. Simply put, they are lying.’

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি ২০১০-২০১৯ চনৰ এই সময়ছোৱাত মানৱ ইতিহাসৰ ভিতৰত আটাইতকৈ বেছি কাৰ্বন নিৰ্গত হৈছে। যোৱা ১০০ বছৰত যিমানখিনি কাৰ্বন-ডাই-অক্সাইড সৃষ্টি হৈছে, সেয়া যোৱা ৮ লাখ বছৰতো হোৱা নাছিল।

মানুহৰ দ্বাৰা উৎপন্ন মুঠ কাৰ্বন নাইবা গ্ৰীণ হাউছ গেছৰ প্ৰায় ৫০ শতাংশৰে মূলত আছে অকল দুখন দেশ—আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীন দেশ। মন কৰিবলগীয়া যে দুখীয়া দেশসমূহৰ তুলনাত ধনী আৰু উন্নয়নশীল দেশসমূহে সৃষ্টি কৰা প্ৰদূষণৰ পৰিমাণ খুবেই বেছি।

কিন্তু এই প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ কুফলসমূহ ধনী দেশতকৈ দুখীয়া দেশসমূহে আৰু ধনী মানুহতকৈ দুখীয়া মানুহেহে বেছিকৈ ভোগ কৰে। যেনে, তাপ-প্ৰবাহৰ সময়ত সমাজৰ ধনী মানুহবোৰে শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি কাম কৰাৰ বিপৰীতে দুখীয়া লোকসকলে প্ৰচণ্ড তাপত নানান শাৰীৰিক পৰিশ্ৰম কৰিবলগীয়া হয়।

এনে দৰিদ্ৰ লোকসকলৰ বাবে দিনে দিনে বাঢ়ি অহা বিদ্যুতৰ খৰচ বহন কৰাটোও অসম্ভৱ হৈ পৰে। তাৰোপৰি জলবায়ু পৰিৱৰ্তনৰ ফলত ঘটা প্ৰাকৃতিক দুৰ্য্যাগৰ ফলত দুখীয়া লোকসকলৰে আটাইতকৈ বেছি বিপদ হয়।

ছুনামি, চাইক্ল'ন আদিত সাগৰৰ উপকূল, দ্বীপ আদিত বাস লোকসকলৰেই থাউনি নোপোৱা অৱস্থা হয়। বানপানী-ধুমুহাই গৃহহাৰা কৰাৰ ফলত তেওঁলোক 'ক্লাইমেট ৰিফিউজি’ বা জলবায়ু শৰণাৰ্থীত পৰিণত হ'বলগীয়া হয়।

এনে জলবায়ু সংকটৰ পোনপটীয়া লক্ষণ এতিয়া আমাৰ গোটেই দেশতে দেখা গৈছে। সমগ্ৰ দেশজুৰি চলি থকা তীব্ৰ তাপ-প্ৰবাহৰ ঘটনাবোৰ তাৰে এক উদাহৰণ।

বতৰ বিজ্ঞান বিভাগৰ গণনা মতে এই বছৰৰ (২০২২ চনৰ) মাৰ্চৰ মাহটো আছিল ভাৰতবৰ্ষৰ ইতিহাসত যোৱা ১২২ বছৰৰ ভিতৰত আটাইতকৈ গৰম মাৰ্চ মাহ। উল্লেখযোগ্য যে প্ৰাক্-ঔদ্যোগিক যুগৰ তুলনাত ভাৰতৰ গড় তাপমান ইতিমধ্যে ১ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি পাইছে। তাৰেই পৰিণতি হৈছে এই ভীষণ তাপ-প্ৰবাহ।

এই বছৰ অসম আৰু পশ্চিম বংগত বিস্তৰ ক্ষতি সাধন কৰা আবতৰীয়া ধুমুহাবোৰো এই জলবায়ু পৰিৱৰ্তনৰেই লক্ষণ। মন কৰিবলগীয়া যে এই দুয়োখন ৰাজ্যই IPCC-এ উল্লেখ কৰা ভাৰতৰ ১১খন বিপদমুখী ৰাজ্যৰ অন্তৰ্গত।

এইবোৰলৈ চাই ৰাষ্ট্ৰসংঘৰ এই ভৰ্ৎসনা অতিশয় সময়োপযোগী আৰু বিশ্বৰ নেতাসকলৰ প্ৰতি এক কঠোৰ সকীয়নি। এই সকীয়নি অৱজ্ঞা কৰা ফল হ’ব অতি ভয়াবহ।।