অসম আটাইতকৈ জলবায়ু বিপন্ন ৰাজ্য?


Image Description

জলবায়ু পৰিৱৰ্তনৰ ফলত হ'ব পৰা কুপ্ৰভাৱৰ আশংকা দিন যোৱাৰ লগে লগে বাস্তৱ হ'বলৈ ধৰিছে। শক্তি,পৰিৱেশ আৰু জল পৰিষদৰ ( Council on Energy, Environment and Water, CEEW) দ্বাৰা সদ্যপ্ৰকাশিত এক অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে যে অসম এতিয়া দেশৰ ভিতৰতে আটাইতকৈ বিপদসংকুল ৰাজ্য।

ভবিষ্যতৰ দিনবোৰত মানুহৰ জীৱন, জীৱিকা, আভ্যন্তৰীণও বহিৰাগত প্ৰব্ৰজন, খাদ্য সুৰক্ষা আদি সকলোবোৰ দিশতে জলবায়ু পৰিৱৰ্তনৰ সুদুৰপ্ৰসাৰী প্ৰভাৱ থাকিব। এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ইয়াৰ পৰিকল্পিত আঁচনি হ'ব লাগিব জিলাভিত্তিক। নীতিনিৰ্ধাৰকে এতিয়া পৰিৱেশ প্ৰতিকূল অঞ্চলসমূহত উদ্যোগিক তথা বুনিয়াদী সেৱাত বিনিয়োগৰ সিদ্ধান্ত ল'বলৈ জিলাভিত্তিক জলবায়ু প্ৰতিকূলতাৰ মানচিত্ৰ এখনৰ প্ৰয়োজনীয়তা উপলদ্ধি কৰিছে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে জলবায়ু বিপদসংকুলতাৰ ফালৰ পৰা ভাৰত এতিয়া পৃথিৱীৰ ভিতৰতে সপ্তম। শক্তি,পৰিৱেশ আৰু জল পৰিষদৰ আন এক অধ্যয়নমতে দেশৰ প্ৰতি চাৰিখন জিলাৰ ভিতৰত তিনিখনেই জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা প্ৰভাৱিত। ইয়াৰে ৪০ শতাংশ অঞ্চলত এই পৰিৱৰ্তন হৈছে বিপৰীতমুখী, অৰ্থাৎ বানপানী প্ৰভাৱিত অঞ্চলসমূহ ক্ৰমান্বয়ে হ'বলৈ ধৰিছে খৰাং প্ৰভাৱিত, আৰু ঠিক তেনেদৰে খৰাং প্ৰভাৱিত অঞ্চলসমূহ হ'বলৈ ধৰিছে বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত।

এতিয়া আকৌ আঁহো বিপদসংকুলতা নিৰ্ণয়ৰ ভিত্তিবোৰলৈ। আমাৰ আলোচনাৰ বিষয় জটিল নহবলৈ আৰু অসমৰ জলবায়ু কেনেকৈনো দেশৰ ভিতৰতে বিপদসংকুল হ'ল তাক বুজিবলৈহে ভিত্তিবোৰ আলোচনা কৰা হ'ল। ইয়াক তলত দিয়া ধৰণে বিবেচনা কৰা হয়।

এখন ঠাইৰ জলবায়ু পৰিৱৰ্তনৰ ফলত জীৱন,জীৱিকা,অৰ্থব্যৱস্থা, বুনিয়াদী সেৱা,আৰ্থ-সামাজিক আৰু সাংস্কৃতিক সম্পদসমূহ প্ৰভাৱিত হ'ব পাৰে। এইবোৰ প্ৰভাৱধীন ক্ষেত্ৰ।

ঠাইখনৰ ওপৰত বিভিন্ন পৰ্য্যায়লৈ লাভজনক অথবা ক্ষতিকাৰক প্ৰভাৱ পৰিব পাৰে। এই প্ৰভাৱ প্ৰত্যক্ষ ( যেনে, তাপমাত্ৰাৰ ফলত কৃষি উৎপাদনৰ হ্ৰাস-বৃদ্ধি), অথবা পৰোক্ষ ( যেনে, সাগৰৰ জলস্তৰ বৃদ্ধিৰ ফলত উপকূলীয় অঞ্চলৰ জনজীৱনৰ ওপৰত হোৱা প্ৰভাৱ ) হ'ব পাৰে। এনে প্ৰভাৱে সংবেদনশীলতা নিৰ্ণয় কৰে।

আকৌ জলবায়ু পৰিৱৰ্তনৰ ফলত ভাৰসাম্যতা ৰক্ষা কৰাৰ ক্ষমতা ঠাইবোৰৰ ভিন্ন হ'ব পাৰে। ইয়াক অনুকূলন ক্ষমতা বোলা হয়। বানপানী,খৰাং আৰু ঘূৰ্ণিবতাহ আদিৰ প্ৰভাৱসমূহক বেলেগে বেলেগে পৰ্য্যালোচনা কৰাৰ পৰিৱৰ্তে শক্তি,পৰিৱেশ আৰু জল পৰিষদৰ এই অধ্যয়নত ইয়াৰ সংযুক্ত প্ৰভাৱ বিশ্লেষণ কৰা হৈছে।

একোখন ঠাইৰ বিপদসংকুলতা প্ৰভাৱধীন ক্ষেত্ৰৰ সংখ্যা, সংবেদনশীলতা আৰু অনুকূল ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে। এই ঘটনাসমূহক এটা শব্দত জলজ ও বতৰসম্বন্ধীয় দুৰ্যোগ বুলিব পাৰি।

অঞ্চলসাপক্ষে বিশ্লেষণ কৰিলে দেখা যায় যে ভাৰতৰ দক্ষিণ আৰু পশ্চিমৰ ৰাজ্যসমূহ চৰম খৰাং প্ৰভাৱিত। উত্তৰ, পূব আৰু মধ্য ভাৰতৰ ৰাজ্যসমূহ কিছু পৰিমাণে খৰাং প্ৰভাৱিত । ঠিক তেনেদৰে উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহ অতি সামান্য খৰাং বিপদাপন্ন।

পূৰ্ব ভাৰতৰ ৫৯ শতাংশ জিলা চৰম ঘূৰ্ণিবায়ুৰ দ্বাৰা বিপদাপন্ন। পশ্চিম ভাৰতৰ ৪১ শতাংশ জিলা ঘূৰ্ণিবায়ুৰ দ্বাৰা বিপদাপন্ন। পশ্চিমৰ উপকূলীয় অঞ্চলৰ বিপদসংকুলতা বৃদ্ধি হৈছে যোৱা এটা দশকত (২০১০-২০১৯)। উত্তৰ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহত ঘূৰ্ণিবায়ুৰ দুৰ্যোগ অতি কম দেখা যায়। মধ্য ভাৰতৰ ৰাজ্যসমূহ ঘূৰ্ণিবায়ুৰ প্ৰভাৱৰ পৰা প্ৰায় মুক্ত বুলি ক'ব পাৰি।

বানপানী,খৰাং আৰু ঘূৰ্ণিবায়ু আদিৰ সংযুক্ত প্ৰভাৱৰ বিশ্লেষণ কিয় জৰুৰী, সেইটো বুজিবলৈ আমি মন কৰোঁ যে খৰাং প্ৰভাৱিত উপকূলীয় অঞ্চলবোৰত গ্ৰীষ্মকালত বায়ুমণ্ডলৰ চাপ অতি নিম্নগামী হয় আৰু ইয়েই হৈ পৰে ঘূৰ্ণিবতাহ সৃষ্টিৰ কাৰক। ঘূৰ্ণিবায়ুয়ে প্ৰভাৱিত অঞ্চললৈ লৈ আহে ধাৰাসাৰ বৰষুণ। হঠাৎ হোৱা এই অতিবৃষ্টি আকৌ কোনো অঞ্চলৰ বানপানীৰ কাৰণ হৈ পৰে ।

দেশৰ বিভিন্ন অঞ্চলত হোৱা বানপানী, খৰাং আৰু ঘূৰ্ণিবায়ু আদিৰ প্ৰভাৱৰ তীব্ৰতা এনে ধৰণৰ:

বানপানী উত্তৰত বেছি, দক্ষিণ বেছি , পূবত বেছি, উত্তৰ-পূবত মধ্যম আৰু পশ্চিমত মধ্যম ।

খৰাং উত্তৰত মধ্যম, দক্ষিণত বেছি, পূবত মধ্যম, উত্তৰ-পূবত কম আৰু পশ্চিমত বেছি।

ঘূৰ্ণিবায়ু উত্তৰত কম, দক্ষিণত বেছি, পূবত বেছি, উত্তৰ-পূবত কম আৰু পশ্চিমত মধ্যম।

দেশৰ ভিতৰত আটাইতকৈ জলবায়ুবিপন্ন ২০খন জিলাৰ ভিতৰত অসমৰ জিলা কেইখনৰ স্থান এনে ধৰণৰ:

ধেমাজি- প্ৰথম স্থানত (বানপানীত)

নগাঁও- ষষ্ঠ স্থানত (বানপানী আৰু ঘূৰ্ণিবায়ুত)

লখিমপুৰ- ১৭ নম্বৰ স্থানত (বানপানীত)

দৰং- ২০ নম্বৰ স্থানত (বানপানী আৰু খৰাঙত)

অধ্যয়ন অথবা সমীক্ষা যিমানেই নিখুঁত নহওক কিয়,আমাৰ দৰে সাধাৰণ মানুহৰ বাবে লক্ষণীয় বিষয় হ'ব সময় থাকোঁতেই ইয়াৰ প্ৰতিকাৰ। অন্যথাই জলবায়ু পৰিৱৰ্তনে আমাৰ ৰাজ্যখনলৈ কি বিপদ মাতি আনিব সেয়া সকলোৰে কল্পনীয়।।