বুটলি অনা শাক-পাত
২য় খণ্ড
(১খণ্ড ৫ ফেব্ৰুৱাৰী ২০২৩)


Image Description

এতিয়া আহোঁ হাবি-বননি, খাল-বিল, পথাৰ আদিৰ পৰা বুটলি অনা শাক-পাচলিবোৰৰ পুষ্টিকৰ আৰু ভেষজ গুণবোৰৰ কথালৈ।

বহুতো গৱেষণাত দেখা গৈছে যে অকৃষিজাত শাক-পাচলিবোৰত থকা ভিটামিন, এণ্টি-অক্সিডেণ্ট, বিটা-কাৰ্বন, লো, জিংক, মেংগানিজ আদি খনিজ পদাৰ্থৰ পৰিমাণ যথেষ্ট বেছি। বুটলি অনা এনে বিবিধ শাক-পাচলি গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবে বিশেষকৈ উপকাৰী।

এনে বহুতো শাক-পাচলিয়ে বনৌষধৰো কাম কৰে। অৰুণাচল প্ৰদেশৰ দিবাং উপত্যকাৰ মিচিমি জনগোষ্ঠীৰ লোকসকলে ব্যৱহাৰ কৰা এনে এবিধ ঔষধি উদ্ভিদ হৈছে মিচিমি তিতা। জীৱাণু সংক্ৰমণ, বিষ, প্ৰদাহ, উখহা ৰোগ আদিৰ উপশম ঘটাব পৰা বিভিন্ন গুণসমৃদ্ধ এই উদ্ভিদবিধৰ সমাদৰ বৰ্তমান গোটেই পৃথিৱীতে। সম্প্ৰতি চীন দেশত এই উদ্ভিদবিধৰ বাণিজ্যিক খেতিও আৰম্ভ কৰা হৈছে।

হাবিয়ে-বননিয়ে পোৱা এনে শাক-পাচলিয়ে মানুহৰ খাদ্যলৈ আনে উপকাৰী বৈচিত্ৰ্য। এনে শাক-পাচলি, ফল-মূলত বিভিন্ন প্ৰকাৰৰ ভিটামিন আৰু খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায়। ফলত খাওঁতাৰ দেহৰ শক্তি, হাড়ৰ গঠন আদি মজবুত হয়। এনে পুষ্টি কেৱল ধান, মাকৈ, আলু, দালি আদি কৃষিজ শস্যৰ পৰা পাব নোৱাৰি। তাৰোপৰি এইবোৰ শাক-পাচলিত অপকাৰী ৰাসায়নিক সাৰ, কীটনাশক পদাৰ্থ আদিও নাথাকে।

আমাৰ নগৰীয়া জীৱনত আমি এনে অকৃষিজাত শাক-পাতবোৰৰ পৰা বহুদূৰ আঁতৰি আহিছোঁ। ইয়াৰ বিপৰীতে বিভিন্ন পাহাৰীয়া অঞ্চলৰ বাসিন্দাসকল এতিয়াও এনে উদ্ভিদৰ সৈতে খুব নিকটভাবে পৰিচিত। যোৱা বছৰ আমি এক গৱেষণাৰ কামত অৰুণাচল প্ৰদেশৰ ইষ্ট চিয়াং জিলালৈ গৈছিলোঁ। তাত আমি আদি জনগোষ্ঠীৰ খেতিয়ক এজনৰ সৈতে কথা পাতিছিলোঁ। খেতিয়কজনৰ নাম তাকালি তামুক। মই তেখেতক বুটলি অনা শাক-পাত আৰু বনৌষধিৰ কথা সুধিছিলোঁ। তেখেতে কমেও ৩০-৩৫ বিধ তেনে উদ্ভিদৰ নাম কৈ সেইবোৰৰ ভেষজ গুণ, ব্যৱহাৰ, উপকাৰীতা আদিৰ বিষয়ে সবিশেষ বৰ্ণনা কৰিলে। তেখেতে লগতে ক’লে যে পেটৰ বিষ, বমি, উচ্চ ৰক্তচাপ আদি বিভিন্ন ৰোগৰ নিৰাময়ৰ বাবে তেওঁলোকৰ মানুহে এনে শাক-পাত, শিপা আদিৰ ওপৰতে নিৰ্ভৰ কৰে।

সম্প্ৰতি চহৰীয়া মানুহে এনে বনৰীয়া শাক-পাচলিবোৰৰ উপকাৰিতা পুনৰ উপলদ্ধি কৰিছে। ফলত চহৰৰ বজাৰত এইবোৰৰ চাহিদাও ক্ৰমশঃ বাঢ়িব ধৰিছে। আজি চহৰাঞ্চলৰ বহুতো মানুহে অধিক মূল্য দি হ’লেও বিভিন্ন খনিজ পদাৰ্থ, ভিটামিনেৰে সমৃদ্ধ আৰু ৰাসায়নিক দ্ৰব্যৰ পৰা মুক্ত শাক-পাচলিহে কিনিব খোজে। এই চাহিদাৰ ফল স্বৰূপে নিজৰ খেতি-বাৰী নথকা বহুতো দুখীয়া মানুহেও এনেকৈ বুটলি অনা শাক-পাত বিক্ৰী কৰিয়ে জীৱিকা নিৰ্বাহ কৰিব ধৰিছে।

পিচে এইখিনিতে এটা কথা ভাবি চাবলগীয়া। যদিহে আমি এই ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে এনে অকৃষিজ শাক-পাচলিবোৰ অধিক হাৰত সংগ্ৰহ কৰিবলৈ লওঁ তেন্তে অদূৰ ভৱিষ্যতে এইবোৰ বিলুপ্তিৰ পথলৈ আগবাঢ়ি যোৱাটো নিশ্চিত। তাৰোপৰি বৰ্তমান গোটেই পৃথিৱীতে যি হাৰত বনাঞ্চল ধ্বংস হ’বলৈ ধৰিছে তালৈ চাই ভৱিষ্যতে অকৃষিজ শাক-পাচলিৰ বাবে উপযোগী প্ৰকৃতিক পৰিৱেশ অক্ষুণ্ণ থাকিব নে নাই সিও চিন্তাৰ বিষয়।

এই প্ৰসংগতে আমি আমেৰিকাৰ মেৰীলেণ্ড বিশ্ববিদ্যালয়ে ২০২১ চনত প্ৰকাশ কৰা এক প্ৰতিবেদনৰ কথা উল্লেখ কৰিব পাৰোঁ। এই প্ৰতিবেদন অনুসৰি ২০২০ চনত উত্তৰ-পূব ভাৰতৰ মুঠ ৭৯% বনাঞ্চল ধ্বংস হৈছে। উপগ্ৰহ চিত্ৰৰ বিশ্লেষণৰ দ্বাৰা কৰা এই গৱেষণাত স্পষ্টকৈ ধৰা পৰিছে এই এবছৰৰ ভিতৰতে উত্তৰ-পূব ভাৰতৰ ১,১০,০০০ হেক্টৰ বনভূমি ধ্বংস হৈছে। এই গতিত অতি সোনকালে এই অঞ্চলটোৰ অকৃষিজ শাক-পাচলি, কাঠফুলা, ফল-মূল আদিৰো যে সমূলি বিনাশ ঘটিব সি নিশ্চিত। ইয়াৰ লগতে এনে সংগৃহীত শাক-পাচলিৰ ওপৰত নিৰ্ভৰশীল দুখীয়া মানুহখিনিয়েও তীব্ৰ সংকটত ভুগিব লাগিব।

অহৰহ আৰু অবিবেচকী ‘বিকাশ’ৰ ফল স্বৰূপে এতিয়া আধুনিক মানুহৰ খাদ্য-তালিকাখন তেনেই চমু হৈ পৰিছে। তাকৰীয়া হৈ পৰিছে হাবি-বননিৰ পৰা বুটলি অনা শাক-পাচলিৰ পৰিমাণ। মানুহৰ খাদ্যাভ্যাস আৰু খাদ্য তালিকা এতিয়া নিৰ্ধাৰণ কৰি দিছে বহুজাতিক ক'ম্পেনীবোৰে। মুষ্টিমেয় কেইবিধমান সামগ্ৰী, যেনে, মাকৈ, আলু, ব্ৰক’লি, ব্ৰয়লাৰ মুৰ্গী আদিয়ে এতিয়া গোটেই বিশ্বৰ বজাৰ দখল কৰিছে।

বিশ্বৰ আন আন ঠাইৰ দৰে ভাৰত তথা অসমতো এতিয়া দেখিবলৈ পোৱা গৈছে মাথোঁ কেইবিধমান শস্যৰ আধিপত্য। ৰাতিপুৱা জলপানত এতিয়া থলুৱা শস্যৰ সলনি আহি পৰিছে ক'ৰ্নফ্লেক্স। আমাৰ পাকঘৰ-ৰেষ্টুৰেষ্ট সকলোবোৰ এতিয়া মাকৈৰ দখলত। বে’বী কৰ্ন, পপ্‌ কৰ্ন, পিজা — এই মাকৈৰ অনেক ৰূপ। প্ৰখ্যাত আহাৰবিজ্ঞানী মাইকেল প'লেনৰ ভাষাত, 'We are now being manipulated by corn,' — আমি আটায়ে এতিয়া মাকৈৰ হাতৰ পুতলা।

কিন্তু এনে মাকৈ হৈছে হাইব্ৰীড প্ৰজাতিৰ মাকৈ। গতিকে তাৰ পুষ্টিকৰ গুণো নগণ্য। এইদৰে সদায় একে ধৰণৰ খাদ্য খোৱাৰ ফলত আধুনিক মানুহৰ এক ডাঙৰ সমস্যা হৈছে — তেওঁলোকৰ দেহত এতিয়া কিছুমান বিশেষ ভিটামিন, খনিজ পদাৰ্থ প্ৰয়োজনতকৈ অধিক হাৰত জমা হৈছে, আৰু কিছুমান অতি প্ৰয়োজনীয় খনিজ পদাৰ্থ একেবাৰে কমি গৈছে। ইয়াৰ ফলত জীৱন-শৈলীজনিত বেমাৰ, যেনে, ছুগাৰ, ৰক্তচাপ, মেদবহুলতা আদিৰ প্ৰকোপো বৃদ্ধি পাইছে।

এনে পৰিস্থিতিত আমি খাদ্যবস্তুৰ বৈচিত্ৰ্যৰ গুৰুত্ব সম্পৰ্কে সজাগ হোৱাটো খুবেই জৰুৰী। এই ক্ষেত্ৰত প্ৰকৃতিৰ বুকুৰ পৰা বুটলি অনা শাক-পাত আদিৰ পুষ্টিগত, অৰ্থনৈতিক, সাংস্কৃতিক গুৰুত্ব সম্পৰ্কে অধিক আলাপ-আলোচনাৰ প্ৰয়োজন। তেনেকৈয়ে প্ৰয়োজন এই থলুৱা অকৃষিজাত শাক-পাতসমূহৰ খৰতকীয়া সংৰক্ষণৰো।। (সমাপ্ত)