বুটলি অনা শাক-পাত


Image Description

আমি খোৱা আটাইবোৰ শাক-পাচলি খেতিৰ পৰা নাহে। এনে বহুতো শাক-পাচলি আহে আমাৰ চাৰিওপাশৰ বন-জংঘল, খাল-বিল, বাট-পথৰ দাঁতি আদিৰ পৰা। তেনেবোৰ ঠাইত গজি উঠা বিভিন্ন গছৰ পাত, মূল, শিপা আদিক আমি খাদ্য হিচাপে গ্ৰহণ কৰোঁ। এনেদৰে বুটলি অনা শাক-পাচলিবোৰ হৈছে অকৃষিজাত খাদ্য।

পৃথিৱীত আধুনিক মানৱজাতি (হ’ম’ ছেপিয়েন্স)ৰ আবিৰ্ভাৱ হৈছিল আনুমানিক ৩ লাখ বছৰ পূৰ্বে, আৰু আধুনিক মানৱে কৃষি-কাৰ্য্য কৰিবলৈ আৰম্ভ কৰিছিল মাত্ৰ ১২০০০ বছৰ আগতে। খেতি-বাতি কৰিবলৈ শিকাৰ আগৰ এই দীঘলীয়া সময়ছোৱাত মানৱজাতিয়ে কেৱল হাবিৰ পৰা গছৰ পাত, ফল-মূল আদি সংগ্ৰহ কৰি আৰু জীৱ-জন্তু চিকাৰ কৰিয়ে জীৱন ধাৰণ কৰিছিল।

আনুমানিক ১০,০০০-১২,০০০ বছৰ পূৰ্বৰ নব্যপ্ৰস্তৰ যুগত কৃষিকাৰ্য্যৰ উদ্ভাৱন হয়। ই আছিল মানৱ সভ্যতাৰ এই গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। আধুনিক মানুহৰ জীৱনলৈ কৃষিয়ে আনিলে বৈপ্লৱিক পৰিৱৰ্তন। যাযাবৰী জীৱন ত্যাগ কৰি মানুহে হাবি ভাঙি পথাৰ মোকলাই স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে। ফলত খাদ্য সংগ্ৰহৰ বাবে প্ৰয়োজনীয় সময় আৰু পৰিশ্ৰমৰ লাঘৱ হল।

আনহাতে আকৌ এনে স্থায়ী কৃষিকাৰ্য্যৰ ফলত আধুনিক মানুহৰ হাবিৰ পৰা ভক্ষ্য উদ্ভিদ সংগ্ৰহ কৰাৰ প্ৰয়োজনীয়তাও কমি আহিল আৰু লগে লগে এনে গছ-লতাসম্পৰ্কীয় জ্ঞানো ক্ৰমাৎ হ্ৰাস পাবলৈ ল’লে। বিশেষকৈ নগৰাঞ্চলৰ মানুহৰ মাজত এই জ্ঞানৰ বিলোপন প্ৰক্ৰিয়া অধিক খৰতকীয়া হ’ল। কাৰণ ফচল উৎপাদনৰ লগত জড়িত নথকা চহৰবাসীয়ে তেওঁলোকৰ সকলো খাদ্য কিনি খায়, সংগ্ৰহ কৰি নাখায়।

ইয়াৰ বিপৰীতে বৰ্তমান সময়তো পৃথিৱীৰ দুৰ্গম অথবা গাঁও অঞ্চলত এক বিপৰীত ছবি দেখা যায়। তাত বসবাস কৰা জনগোষ্ঠীয় লোক বা দৰিদ্ৰ লোকসকলৰ আহাৰৰ এটি মূল উৎস হ’ল এইদৰে প্ৰকৃতিৰ পৰা বুটলি অনা শাক-পাচলি। খাদ্য-বিজ্ঞানে কয় যে গোটেই পৃথিৱীতে মানুহে প্ৰায় ৮০,০০০বিধ উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰে। এতিয়াও ইয়াৰে মাত্ৰ ১৫০ বিধ উদ্ভিদৰহে মানুহে খেতি কৰে! বাকীবোৰ পাচলি হ’ল অকৃষিজাত, প্ৰকৃতিৰ বুকুৰ পৰা বুটলি অনা।

পৃথিৱীৰ আন ঠাইৰ দৰে উত্তৰ-পূব ভাৰতৰ লোকসকলৰ মাজতো এইদৰে সংগৃহীত শাক-পাচলি খোৱাৰ এটি প্ৰাচীন অভ্যাস আছে। এই অঞ্চলৰ সৰহসংখ্যক লোকে পাহাৰীয়া মাটিত পৰম্পৰাগত পদ্ধতিৰে ঝুম খেতি কৰে । ঝুম খেতিত উৎপাদিত ফচলৰ পৰিমাণ তেনেই সীমিত। ফলত এনে লোকসকলে হাবিৰ পৰা শাক-পাচলি, কাঠফুলা, আলু-কচুজাতীয় বস্তু আদিক খাদ্য হিচাপে গ্ৰহণ কৰি আহিছে। এই অভ্যাসৰ ফলত তেওঁলোকে কোনোদিন খাদ্যৰ বিশেষ অভাৱত পৰিবলগীয়া হোৱা নাই।

অনুকূল ভৌগলিক পৰিৱেশৰ বাবে উত্তৰ-পূব ভাৰতত অসংখ্য প্ৰজাতিৰ কাঠফুলা পোৱা যায় আৰু ইয়াৰ থলুৱা লোকসকলেও এনে বিভিন্ন কাঠফুলা খাদ্য হিচাপে গ্ৰহণ কৰে। এনে বনৰীয়া কাঠফুলা খোৱাৰ ক্ষেত্ৰত সাৱধান হোৱাটোও খুবেই জৰুৰী, কাৰণ এনে বহুতো কাঠফুলা বিষাক্ত হ’ব পাৰে। কিন্তু এই অঞ্চলৰ থলুৱা লোকসকলে এনে ভক্ষ্য-অভক্ষ্য কাঠফুলাৰ পাৰ্থক্য ভালদৰে চিনি পায়। তেওঁলোকে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি পৰম্পৰাগতভাৱে এই জ্ঞান অৰ্জন কৰি আহিছে।

কেৱল পাহাৰীয়া লোকসকলেই নহয়, অসমৰ ভৈয়ামৰ লোকসকলৰ মাজতো এইদৰে অকৃষিজাত আৰু সংগৃহীত শাক-পাচলি খোৱাৰ অতি প্ৰাচীন পৰম্পৰা আছে। খুতুৰা, ভেদাইলতা, টেঙেচি টেঙা, পনৌনোৱা, মচন্দৰী, বনকচু, ভাত-মেটেকা, কলমৌ, ঢেকীয়া, নৰসিংহ আদি সকলোবোৰ শাক-পাচলিয়ে অকৃষিজাত। সিবোৰ কোনো খেতিৰ ফচল নহয়। সেই শাকবোৰ প্ৰকৃতিৰ বুকুৰ পৰাই সংগ্ৰহ কৰা হয়। এনেবোৰ শাক অসমৰ প্ৰায় সকলো গাঁৱতে খোৱা হয়। বহাগ বিহুত চেৰা বিহুৰ দিনাখন অসমীয়া সমাজত খোৱা ১০১ বিধ শাকৰ প্ৰায়খিনি শাকেই বাৰীৰ পৰা বা হাবিৰ পৰা বুটলিয়ে অনা হয়। সেই ফালৰ পৰা চাবলৈ গ’লে এনে শাক-পাচলিসমূহৰ সাংস্কৃতিক গুৰুত্বও অসীম।

তাৰোপৰি সেই শাকবোৰৰ ভেষজ বা ঔষধি গুণাগুণো অলেখ। মন কৰিবলগীয়া যে আমি ব্যৱহাৰ কৰা প্ৰায় সকলোবোৰ বনৌষধেই অকৃষিজাত, প্ৰকৃতিৰ মুকলি বুকুৰ পৰা বুটলি অনা। সেই কাৰণেই সিবোৰৰ নাম ‘বন’-ঔষধ। আজিকালি বাণিজ্যিক উদ্দেশ্যেৰে বহুতো ঔষধি উদ্ভিদৰ খেতি কৰিবলৈ লোৱা হৈছে যদিও সেয়া এক একেবাৰে নতুন পৰিঘটনা। সেয়েহে তাৰ সফলতা-বিফলতাৰ কথাও এতিয়াই কোৱা টান।

এনে বুটলি অনা শাক-পাতৰ ঔষধি গুণাগুণৰ কথা আমি অহা সংখ্যাত অধিক বহলাই আলোচনা কৰিম।।

(ক্ৰমশঃ)