অপৰাধ আইনত বুলড'জাৰ নাই


Image Description

'এছপি, ডিআইজি, আইজিপি সকলোৱেই আইন মতে চলিব লাগিব।'

'ইমান দিনৰ অভিজ্ঞতাত বুলড'জাৰ পোৱা নাই।'

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইতিহাসত ৰৈ গ'ল। মুখ্য ন্যায়াধীশৰ উচিত সময়ৰ উচিত বুৰঞ্জী। মনৰ গভীৰতাৰ পৰা কৈছে।

গৃহ বিভাগৰ মন্ত্ৰীয়ে দায়িত্ব লোৱাটো আশাই কৰিব নোৱাৰি। তেনে সাহসী ব্যক্তি নহয়।

প্ৰতিদিনে কৈ থাকে যেন ক্ষমতা মূল। অধিকাৰ গৌণ।

'আমি ক্ষমতাত আছোঁ। সিহঁতক ধৰি আনিব পাৰোঁ।' এগৰাকী মন্ত্ৰীৰ ভাষণ। দেউৰী পৰিষদৰ নিৰ্বাচনী সভাত।

সময়ত ক্ষমতাশালী যায়গৈ। সময়ৰ বিচাৰত কিন্ত্ত সকলো পৰে। আইনে চৰকাৰী পোছাকধাৰীক বেছি নাপাহৰে।

চৰৰ ভাৰতীয়ও মাটিৰ পট্টন নাপায়। আকৌ ৰাজনৈতিক আঁহ ফলাফলি। ক্ষমতাৰ আস্ফালন নাগপুৰৰ প্ৰতিধ্বনি। 'চিন্তা সলনি কৰক।' অজাপৰ সভাপতি শ্ৰীলুৰিণজ্যোতি গগৈৰ সকীয়নি।

মুখ্য মন্ত্ৰীৰ তিলমাত্ৰও অসমীয়া মনটো নাই। অসমৰ সম্পদ বেচিছে আম্বানি, আদানি আৰু শ্বাহৰ পুতেকক। এইবাৰ বিক্ৰী হ'ল চিৰিয়াখানা আৰু জীৱবোৰ। নতুন নতুন ৰাজনৈতিক হাতিয়াৰ লাগে।

অসমীয়াৰ বাদে সকলো আপোন। হ'বৰে কথা। সকলো বঙালী সংগঠনৰ অকপট স্বীকাৰ উক্তি: সকলোৱেই একমাত্ৰ বিজেপিকহে ভোট দিয়ে।।