কেন্দ্ৰীয় বাজেট ২০২৩: এক বাস্তৱিক বিশ্লেষণ


Image Description

দেশৰ ১৩০ কোটি জনতাৰ এটি আকাংক্ষা এঘন্টাৰো কম সময়ৰ ভিতৰতে, সঠিককৈ ক’বলৈ গ’লে ৫৮ মিনিটতে পূৰণ হ’ল। প্ৰসংগ হ’ল কেন্দ্ৰীয় বাজেট ২০২৩ ৷

২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিলৰ ভাষণ আটাইতকৈ চমু বুলি পৰিগণিত হৈছে। বাজেট সংক্ৰান্তীয় বিভিন্ন প্ৰসংগৰ পৰ্য্যৱেক্ষণ বিভিন্ন মহলে কৰিছে।এই বৰ্ষৰ বাজেটখন সাধাৰণতে সমাজৰ মধ্যবিত্ত শ্ৰেণীৰ পক্ষপাতী বুলি অনুভূত হৈছে। আৰু ই সমাজৰ আটাইতকৈ বঞ্চিত শ্ৰেণী বুলি পৰিগণিত হোৱা মধ্যবিত্ত শ্ৰেণীটোক অপৰিসীম বিৰতি দিব বুলি গণ্য কৰা হৈছে।

আয়কৰৰ বিভিন্ন স্তৰত দিয়া ৰেহাই সুবিধাসমূহ অন্তৰ্ভুক্ত হৈছে কিছুমান বিশেষ চৰ্তসাপেক্ষে। বৰ্তমানে ধাৰা ৮০ চিচিৰ অধীনত যিসমূহ বিনিয়োগ সম্পৰ্কীয় বা সঞ্চয় সম্পৰ্কীয় ৰেহাইৰ সুবিধা উপভোগ্য হিচাপে আছে সেয়া এই বাজেট অনুসৰি আগলৈ কাৰ্য্যকৰী হোৱাৰ পাছত তাৰ বিলুপ্তি ঘটালে সঞ্চয়ৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ’ব।

ধাৰা ৮০ চিচিৰ অধীনত সুবিধা দিয়াৰ ধাৰণাটোৰ লক্ষ্য হ’ল মানুহক চৰকাৰী 'বণ্ড আৰু ছিকিউৰিটিজ'ত বিনিয়োগ কৰোৱা যিয়ে চৰকাৰৰ মূলধনী ব্যয় বৃদ্ধি কৰাত আৰু অধিক সহায় কৰিব পাৰে। তেনেস্থলত এই ধাৰাৰ সুবিধাসমূহ বিলুপ্ত কৰিলে যুৱক-যুৱতীসকলে কোনো ধৰণৰ বিনিয়োগ আৰু সম্পদ সৃষ্টিৰ পৰা নিৰুৎসাহিত হ’ব।

তদুপৰি এই বাজেট মতে যিগৰাকী ব্যক্তিৰ বাৰ্ষিক আয় ১৫ লাখ টকা হয় তেওঁৰ সৰ্বোচ্চ সঞ্চয় ৪৫০০০ টকাতে সীমাবদ্ধ হৈ ৰ’ব। গতিকে এয়া এক নিৰ্বাচনমুখী চিন্তাৰে প্ৰয়োগ কৰা ছলনাৰ বাহিৰে একো নহয়। এই বাজেটৰ অন্তৰ্গত আটাইতকৈ ডাঙৰ অসুবিধাটো হ’ল স্বনিয়োজিত ব্যাৱসায়িক পেছাদাৰীসকলক বাদ দি কেৱল দৰমহাভোগী লোককহে ৰেহাই সংক্ৰান্তীয় সুবিধাৰ বাবে বিবেচনা কৰা।

এইসবছৰৰ বাজেটৰ আটাইতকৈ ডাঙৰ অসুবিধাটো হ’ল ইয়াত চাকৰি সৃষ্টি প্ৰসংগত একো উল্লেখ নাই। যিটো আমাৰ সমুখত এক জ্বলন্ত প্ৰশ্ন। যদিও মূলধনী ব্যয়ৰ ক্ষেত্ৰত আবন্টন বৃদ্ধি কৰা হৈছে, ই স্থায়ী নিয়োগ বৃদ্ধি নকৰে।বাজেটত স্থায়ী চাকৰিৰ সৃষ্টি কোনো উল্লেখ নাই। স্থায়ী চাকৰি সৃষ্টিৰ পৰিৱৰ্তে ৪৭ লাখ যুৱকক DBT (Direct Benefit Transfer)ৰ জৰিয়তে অহা ৩ বছৰৰ বাবে 'এপ্ৰেন্টিছশ্বিপ' প্ৰদান কৰাৰ কথাহে উল্লেখ কৰিছে। যিহেতু বিশ্বৰ ভিতৰতে আমাৰ যুৱশক্তি সৰ্বাধিক, নিবনুৱা সংক্ৰান্তীয় সমস্যাৰাজি তুলনামূলকভাৱে আমাৰ বেছি আৰু ই নিবনুৱা সমস্যা বৃদ্ধি কৰে। গতিকে এনে প্ৰেক্ষাপটত ৪৭ লাখ যুৱক-যুৱতী এপ্ৰেন্টিছশ্বিপ প্ৰদানৰ সিদ্ধান্তই এই সমস্যাত অনুঘটকৰ কামহে কৰিব।

এই বাজেটৰ আন এক অসুবিধা হ’ল 'ডিজিটেল ইণ্ডিয়া মিছন'ত আবন্টন হ্ৰাস।যোৱাটো বাজেটত ইয়াৰ আবন্টন পুঁজি আছিল ৭৬০৩ কোটি, যিটো এই বছৰৰ বাজেটত ৪৭৯৫ কোটি টকা ধাৰ্য্য কৰা হৈছে। ৩৭% দৰে এক বুজন কৰ্তন ইয়াত কৰা হৈছে।

আমাৰ গ্ৰামাঞ্চলত 'ব্ৰডবেণ্ড আৰু ইন্টাৰনেট' সংযোগৰ অৱস্থা অতি কৰুণ। সমাজৰ সকলো শ্ৰেণীৰ মাজত অনলাইন কাৰ্য্যকলাপ বৃদ্ধি পোৱাৰ লগে লগে ডিজিটেল ইণ্ডিয়াৰ পুঁজিৰ এই কৰ্তন আমাৰ চিন্তা-যুক্তিৰ বাহিৰত।

উল্লেখযোগ্য যে কৰ্ণাটকৰ বাহিৰে অন্য ৰাজ্যসমূহলৈ বিশেষ পেকে'জ বা আঁচনিৰ কথা এই বাজেটত উল্লেখ নাই।

জম্মু-কাশ্মীৰ, লাডাখ, উত্তৰ পূবৰ ৰাজ্যসমূহলৈ বিশেষ পেকে'জ বা আঁচনি আগবঢ়াব বুলি আশা কৰা হৈছিল ৷ ৩৭০ ধাৰা বাতিলকৰণৰ পৰিপ্ৰেক্ষিতত জম্মু-কাশ্মীৰ, লাডাখ আদিত বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলিও আশা কৰা হৈছিল। পাচে সেয়া হৈ নুঠিল। হয়তো আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটক ৰাজ্যক এই ক্ষেত্ৰত বাছনি কৰা হ’ল।

ইয়াৰ দ্বাৰা এইটোকে বুজা যায় যে শাসকীয়ই দাক্ষিণাত্যত নিজৰ স্থিতি সবল কৰিবলৈকে কৰ্ণাটক প্ৰভৃতি ৰাজ্যত সুদৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে।

শেষত, বাজেটৰ আৰু দুটিমান জনমুখী প্ৰসংগ উল্লেখ কৰিব বিচাৰিম যাৰ জৰিয়তে চৰকাৰে প্ৰশংসা আৰ্জন কৰিব পাৰে।

যেনে : ১) সকলো চহৰতে প্ৰদূষিত আৱৰ্জনা দূৰীকৰণৰ বাবে নৰ্দমা ব্যৱস্থা।

২) দৰিদ্ৰ পৰিয়ালসমূহে জামিন লাভ কৰিবলৈ আইনী সহায় লাভ কৰা।

৩) অতিৰিক্তভাৱে ৫০ টা বিমান বন্দৰ স্থাপন।

৪) ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন অভিযান য’ত ১৯৭০০ কোটি টকাৰ আবন্টন ধাৰ্য কৰা হৈছে।

সামগ্ৰিকভাৱে বাজেটৰ অন্য দিশবোৰ যিকোনো সাধাৰণ বাজেটৰ দৰেই ৷ আশীৰ্বাদ লাভৰ দৰে অনুভৱ কৰিব পৰাকৈ বিশেষ একো নাই ৷।