সুস্বাস্থ্যৰ বাবে বনশাকেই একমাত্ৰ বিকল্প


Image Description

বিজ্ঞানে প্ৰমাণ কৰিছে যে আমাৰ নিত্য ব্যৱহৃত খাদ্যত উল্লেখনীয়ভাৱে সূক্ষ্ম পুষ্টিকৰ দ্ৰব্যৰ অভাৱ ঘটিব ধৰিছে৷ আমাৰ শাৰীৰিক আৰু মানসিক সুস্থতা, সবল পাচন তন্ত্ৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাৰণে আমাক প্ৰায় ৪০ বিধমান ভিটামিন আৰু খনিজ পদাৰ্থৰ আৱশ্যক হয়৷ বিশেষকৈ লো, আয়’ডিন আৰু ভিটামিন এ - এই তিনিবিধ সূক্ষ্ম পোষক দ্ৰব্যৰ অভাৱে মানুহক শাৰীৰিক আৰু মানসিকভাৱে অতি দুৰ্বল কৰি পেলায়৷

২০০০ চনত বিশ্ব স্বাস্থ্য সন্থাই প্ৰকাশ কৰামতে ৩.৭ নিযুত শিশুৰ মৃত্যুৰ কাৰণ আছিল অপুষ্টি আৰু ওজন হ্ৰাস৷ ২০০৪ চনত বিশ্বৰ খাদ্য আৰু কৃষি সংগঠনে প্ৰকাশ কৰা তথ্যমতে কেৱল দস্তা আৰু ভিটামিন এৰ অভাৱত ৭৫,০০০ - ৮, ৫০,০০০ লোকৰ মৃত্যু হয়৷ ভাৰতবৰ্ষৰ দৰে এখন দুখীয়া ৰাষ্ট্ৰৰ বাবে ই এক গভীৰ চিন্তনীয় বিষয়৷

আমাৰ দেশত প্ৰচলিত খাদ্য বিশেষকৈ চাউল, আটা, দালি আৰু কেইবিধমান পাচলিতে সীমিত৷ পাচলি বুলিলে লাউ, বেঙেনা, কোমোৰা, ৰঙালাউ, পটল, জিকা, ভোল, তিতাকেৰেলা, ভাতকেৰেলা, ভেণ্ডি, আলু, অমিতা, বিলাহী আদিকে বুজোঁ৷ ঋতু অনুসাৰে মাজে মাজে লাই, লফা, পালেং আদি শাক আৰু গাজৰ, মূলা আদি পাচলি আমাৰ খাদ্য তালিকাত সন্নিবিষ্ট হয়৷

কিন্তু অতি বেছি ধৰণেৰে কৃত্ৰিম ৰং, কীটনাশক বা ভেঁকুৰনাশক দৰৱৰ ব্যৱহাৰৰ বাবে বজাৰৰ চিক্‌চিকীয়া পাচলিবোৰ খোৱাৰ বাবে নিৰাপদ নহয়৷ এনে পাচলিৰ পৰা আমি সকলো ধৰণৰ আৱশ্যকীয় খাদ্যপ্ৰাণ নাপাওঁ৷ সূক্ষ্ম পোষক দ্ৰব্য একেবাৰে নাপাওঁ বুলি ক’লেও ভুল কোৱা নহ’ব৷ শৰীৰত প্ৰয়োজনীয় পোষক দ্ৰব্যবোৰ ক্ৰমান্বয়ে কমি আহে আৰু বজাৰৰ অশোধিত পাচলিৰ বিষাক্ত দ্ৰব্যবোৰ শৰীৰে সামৰি লয়৷ ফল স্বৰূপে আমাৰ শৰীৰৰ মূল্যৱান অংগ, যেনে, যকৃৎ, অগ্ন্যাশয়, হৃৎপিণ্ড আৰু হাঁওফাঁওত লাহে লাহে নানা ধৰণৰ উপসৰ্গই দেখা দিয়ে৷

শাক-পাচলিবোৰ সতেজ কৰি ৰাখিবলৈ কিছুমান ৰাসায়নিক পদাৰ্থ, যেনে, ক’পাৰ ছালফেট, ৰ'ডামিন অক্সাইড, মালাচাইট, আৰু কাৰ্বাইড ব্যৱহাৰ কৰা হয়৷ মালাচাইট সেউজীয়া দ্ৰৱণত মটৰমাহ আৰু সেউজীয়া জলকীয়া ডুবাই সতেজ কৰি ৰখা হয়৷ এইবোৰ হ’ল কাপোৰ ৰং কৰিবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থ৷ ঠিক সেইদৰে ভেণ্ডি, লাউ, কোমোৰা আদি সতেজ কৰি ৰাখিবৰ বাবে ক’পাৰ ছালফেটৰ দ্ৰৱণ ব্যৱহাৰ কৰা হয়৷ ক’পাৰ ছালফেট এবিধ ভেঁকুৰনাশক ঔষধ৷ ই শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিলে যকৃত আৰু বৃক্ক সংক্ৰমিত কৰাৰ আশংকা থাকে৷ এনে বিষাক্ত দ্ৰব্যবোৰ সেৱনৰ ফলত কম বয়সতে বাদ্ধৰ্ক্যৰ লক্ষণে দেখা দিয়ে৷ বেঙেনা আৰু ভেণ্ডিত পেট্ৰ'লিয়াম তেল ঘঁহি চিক্‌চিকীয়া কৰি ৰখা হয়৷

আমাৰ শৰীৰৰ ভিতৰত ক’ত কি ক্ৰিয়া, প্ৰতিক্ৰিয়া চলি থাকে, আমি সেইবোৰ একো নাজানো৷ এতিয়া প্ৰশ্ন হ’ল আমাৰ হাতত বিকল্প কি আছে? বিকল্প এটাই- সেইটো হ’ল বনশাক আৰু আমাৰ একেসুৰীয়া খাদ্যাভ্যাসৰ পৰিৱৰ্তন৷

পাৰম্পৰিকভাৱে চলি অহা আমাৰ পূৰ্বপুৰুষৰ খাদ্যাভ্যাস পুনৰাই প্ৰৱৰ্তন কৰাৰ প্ৰয়াস কৰিব লাগে৷ গাঁৱৰ বজাৰবোৰত বনৰীয়া শাক-পাচলি কিনা-বেচা হয় যদিও গ্ৰাহকৰ সংখ্যা তেনেই নগণ্য৷ বজাৰৰ এটা চুকত কেইবিধমান বনৰীয়া শাক ,যেনে, ভেদাইলতা বা ভেবেলীলতা, নেফাফু, মানিমুনি আদি বনশাক বেচিবলৈ অহা লোকজনৰ প্ৰতি কোনো আকৰ্ষিত নহয়৷ আমাৰ মাজত এনে বহুলোক আছে যি নিজৰ সামাজিক মৰ্য্যাদাৰ কথা ভাবিও বনশাক কিনিবলৈ সংকোচ বোধ কৰে৷ তাতকৈ বেঙেনা, পটল আদি কিনিলেহে নিজৰ সন্মান অক্ষুণ্ণ থাকে বুলি ভাবে৷

ইতিমধ্যে প্ৰায় ২০০ বিধ বনৰীয়া শাকক লৈ গভীৰ অধ্যয়ন আৰম্ভ হৈছে৷ অসমত ব্যৱহাৰ হোৱা প্ৰধান বনৰীয়া শাকবোৰ হ’ল ডিমৰু পাত, মেচাকি পাত, চেংমৰা, লাইজাবৰি, মৰলীয়া, তিতাফুল, বগা বাহক, মানিমুনি, লাচকচি, ঢেকীয়া, মাটিকাদুৰি, মালকাঠি, দোৰোণ শাক, মছন্দৰী, তিতা ভেকুৰি, ঔটেঙা, মলটেঙা, হেলঞ্চী, কলমৌ, পুনৰ্নুৱা, সৰু টেঙেচি, সোণ বৰিয়াল,শুকলতি, টেঙামৰা, তেজমুই, টিকনিবৰুৱা, টুবুকীলতা, আকলবিহ, বকফুল, ভেদাইলতা, বনজালুক, হাতীখুতুৰা, জাতিখুতুৰা, কালমেঘ, বেতগাজ, নেফাফু, নৰামেটেকাফুল, মানধনিয়া, লেহেতী, বাৰীসুন্দৰী, মধুসোলেং, চুকাশাক, তৰাগছ, জিলমিল, ব্ৰাহ্মী, নাঙলভঙা, কাঠআলু, মণিপুৰী চিম, নৰসিংহ, চুতীয়া-লফা, মিঠাআলুৰ আগ, আদি৷

এইবোৰৰ বেছিভাগেই মানুহে হয়তো চিনি নাপায়। চহৰৰ বজাৰত এই শাকবোৰৰ চাহিদা গাঁৱৰ বজাৰতকৈ বহুত কম৷ জনজাতি আৰু আদিবাসী বাই-ভনীসকলে বনশাকবোৰ পাচলি হিচাবে ব্যৱহাৰ কৰে৷ মিছিং লোকসকলে মাংস সিজাওঁতে ডিমৰুৰ কোমল পাত বা মেচাকি পাত ব্যৱহাৰ কৰে৷ তেওঁলোকে বিশ্বাস কৰে যে ই মাংসৰ চৰ্বিৰ অপকাৰিতা কমায়৷

ব্ৰাহ্মী এবিধ ঔষধি গুণসম্পন্ন শাক। ই স্মৃতিশক্তি বৃদ্ধি কৰে৷ আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত কৰোঁতে ইয়াক ব্যৱহাৰ কৰা হয়৷ খুতুৰা শাক নিয়মীয়াকৈ খালে যকৃতত পাথৰ জমা নহয়৷ ধেমাজি, জোনাই আদি অঞ্চলত বেতগাজৰ চাহিদা বহুত বেছি৷ পেটৰ বহু অসুখত বেত গাজ ব্যৱহাৰ কৰা হয়৷ মিঠামৰাত [মৰাপাটৰ আগ] ভিটামিন এ আৰু লো পোৱা যায়৷ ৰক্তহীনতাত ভোগা ৰোগীৰ বাবে ই যথেষ্ট উপকাৰী৷

নেফাফু শাকে উচ্চ ৰক্তচাপ কমায়৷ লাইজাবৰি আৰু মৰলীয়াই ভোক বঢ়ায় আৰু পেটত গেছ হোৱাত বাধা দিয়ে৷ কলমৌ শাক জণ্ডিছ ৰোগৰ কাৰণে উপকাৰী৷ বগাবাহক যক্ষ্মা ৰোগৰ প্ৰতিষেধক৷ চেঙেৰীটেঙা বা চেংৰা শাক বহুমূত্ৰ ৰোগীৰ ঔষধ৷ পাইল্‌ছৰ সমস্যা থাকিলে চেংৰা শাকৰ লগত আলু সিজাই মিঠাতেল আৰু নিমখেৰে পিটিকি ১৫ দিনমান খালে বেমাৰ ভাল হয় বুলি আদিবাসীসকলৰ বিশ্বাস৷ বনশাকত মূল্যৱান সূক্ষ্ম পোষক দ্ৰব্য থকাৰ উপৰিও যথেষ্ট পৰিমাণত ঔষধি গুণ থাকে৷

নৰসিংহ পাতে পেট চলিলে বা পেটত গেছ হ’লে উপশম ঘটায়৷ টিকনিবৰুৱা সিজাই খালে গাঠীৰ বিষ ভাল হয়৷ শুকলতি পাতৰ ৰস জ্বৰ-কাহৰ আৰু সৰু টেঙেচি, গ্ৰহণী ৰোগৰ ঔষধ৷ আনপিনে তেজমুইৰ কুমলীয়া পাতে হজম শক্তি বঢ়ায়৷ চোৰাত পাতত যথেষ্ট পৰিমাণে লো পোৱা যায়৷ ৰক্তহীনতাত ভোগা ৰোগীয়ে চোৰাত পাতৰ ‘চুপ’ খাব পাৰে৷ সেই কাৰণে চোৰাত পাতক ‘দৰিদ্ৰৰ বাবে আশীৰ্বাদ’ বুলি কোৱা হয়৷

এই লেখাটোত মাত্ৰ কেইবিধমান বনশাকৰ ঔষধি গুণৰ কথাহে কোৱা হৈছে৷ এই বিষয়ৰ ওপৰত এটা সুকীয়া আলোচনাৰ প্ৰয়োজন৷

উপসংহাৰ

দুখৰ বিষয় যে এতিয়াও এই বনশাকবোৰৰ ওপৰত বৈজ্ঞানিক গৱেষণা হোৱা নাই৷ বহুতো থলুৱা লোকেও এনে শাকবোৰক ঘৰুৱা খাদ্যতালিকাত অন্তৰ্ভুক্ত কৰা নাই৷ আমাৰ পূৰ্বজসকলে আমাৰ বাবে এৰি যোৱা এই পৰম্পৰাগত জ্ঞানৰ উচিত মূল্যায়ন আমি কৰিব জনা নাই বা জানিও গুৰুত্ব দিয়া নাই৷

এই শাকবোৰ পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱাটো আমি কোনেও নিবিচাৰোঁ৷ সেয়ে নিজৰ ঘৰুৱা বাৰীবোৰতে এই শাকবোৰ সংৰক্ষণ কৰিব পাৰোঁ৷ শাকবোৰক জীয়াই ৰাখিবলৈ কোনো যত্নও কৰিব নালাগে৷ মাটি পৰ্য্যাপ্ত নাথাকিলে তাৰে কিছুমান শাক টাবতো ৰুব পাৰি৷

গৱেষণাত এইটো প্ৰমাণিত হৈছে যে নিয়মীয়াকৈ বনশাক খালে প্ৰয়োজনীয় সূক্ষ্ম পোষক দ্ৰব্যৰ অভাৱ দূৰ হয়৷ সপ্তাহত অন্ততঃ এদিনো বনশাক খোৱাৰ অভ্যাস কৰিলে বহু ৰোগৰ পৰা মুক্তি পাব পাৰি৷ সকলো থলুৱা লোকে বনশাকবোৰক ঘৰুৱা খাদ্য তালিকাত ভৰ্তি কৰিলে বনশাকৰ চাহিদা বৃদ্ধি পাব আৰু এটা সময়ত আমাৰ থলুৱা বনশাকে আন্তৰ্জাতিক প্ৰেক্ষাপটত নিঃসন্দেহে এক বিশেষ স্থান অধিকাৰ কৰিব পাৰিব৷

ই উপাৰ্জনৰ পথো হ'ব পাৰে।।