ক’লা চাউল
জৈৱিক সম্পদ আৰু উপাৰ্জনৰ পথ


Image Description

অৰ্থনৈতিক বিকাশ এখন দেশ, ৰাজ্য বা সমাজৰ সুখ, সমৃদ্ধি, মৰ্য্যাদা, প্ৰভাৱ আদিৰ মাপকাঠি আৰু মেৰুদণ্ড৷ ভাত-কাপোৰৰ বাবে সংগ্ৰাম কৰিব লগা দৰিদ্ৰতা, অনগ্ৰসৰতা আদিয়ে জুৰুলা কৰা সমাজ আনৰ পুতৌৰ পাত্ৰ৷ বহুতৰে ধাৰণা আৰু একাংশ অৰ্থনীতিবিদৰ মতে অৰ্থনৈতিক বিকাশৰ বাবে সাৰুৱা খেতি মাটি, চৰণীয়া পথাৰ দখল কৰি বিল, জলাশয়,অৰণ্য আদি ধবংস কৰি বৃহৎ কল-কাৰখানা স্থাপন কৰিব লাগে৷ নগাঁও,কাছাৰৰ কাগজ কলকে ধৰি বহু বৃহৎ উদ্যোগৰ কি দশা সেয়া সকলোৱে দেখিলে৷

বিকল্প আৰু সম্ভাৱনাপূৰ্ণ উপায় হ’ল জৈৱিক সম্পদভিত্তিক অৰ্থনৈতিক কাম-কাজ, জৈৱিক সম্পদৰ পুনঃ পুনঃ ব্যৱহাৰ আৰু প্ৰকৃতিৰ সৈতে সহ-অৱস্থান কৰি বৰ্ত্তি থকা বিধৰ উদ্যোগ স্থাপন ৷ সৰলতম অৰ্থত সকলো উদ্ভিদ, জীৱ-জন্তু আদি কৰি সকলো জীৱই জৈৱিক, কিন্তু প্ৰায়োগিক অৰ্থত যিবিলাকৰ পৰা আৰ্থিক লাভালাভ হয় সেয়াই জৈৱিক সম্পদ৷ তেনে এবিধ হ’ল অসমত তুলনামূলকভাৱে নতুন ক’লা চাউল৷

ক’লা ধান আৰু ক’লা চাউল একে নহয়৷ সাধাৰণতে ধানৰ বাকলিৰ বৰণ পাতল হালধীয়া, মুগা, ৰঙচুৱা বা ক’লা হয়৷ কিন্তু ধান খুন্দি উলিওৱা চাউলৰ [বাকলি আঁতৰাই দিয়াৰ পাছত] বৰণ সাধাৰণতে বগা, কেতিয়াবা মুগা বা ৰঙা ৰঙৰ হয়৷ কিন্তু এইবিধ চাউলৰ বৰণ ক’লা, যিটো বহুতৰ বাবে আচহুৱা কথা৷ চীন, ইণ্ড’নেছিয়া, ফিলিপাইনছ, থাইলেণ্ড আদি দেশত অতীজৰে পৰা এনে ধানৰ সীমিত পৰিসৰত খেতি কৰা হৈছিল৷ অতি সম্প্ৰতি ইয়াৰ উৎকৃষ্ট খাদ্যগুণ, স্বাস্থ্যৰঞ্জক, স্বাস্থ্যবদ্ধৰ্ক গুণৰ বিষয়ে জ্ঞাত হোৱাত পৃথিৱীজুৰি ইয়াৰ সমাদৰ বাঢ়িছে৷

তথ্য অনুসৰি অসমত ২০১১ চনতে গোৱালপাৰা জিলাৰ দুধনৈৰ সমীপৰ শ্ৰীউপেন ৰাভা নামৰ উদ্যোগী কৃষকজনৰ প্ৰচেষ্টাত ক’লা চাউলৰ ধানৰ খেতি আৰম্ভ হয়৷ ২০১১ চনৰ পৰা ২০১৩ চনলৈ তেওঁ স্থানীয় কৃষিবিজ্ঞান কেন্দ্ৰৰ কৃষিবিজ্ঞানীৰ উৎসাহ আৰু পৰামৰ্শত অকলে প্ৰাৰম্ভিক খেতি কৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁ এখন সমবায় সমিতি গঠন কৰি ইয়াৰ প্ৰসাৰণ ঘটায়। ২০২০ চনৰ শেহতীয়া তথ্যমতে বৰ্ত্তমান এই সমবায়ভিত্তিক কৃষকৰ সংখ্যা ৯০০ জন৷ ক’লা চাউলৰ ধানৰ কৃষিভূমি ৫৭৬ একৰ [ এক একৰ = ৩.১২৫ বিঘা] আৰু উৎপাদন প্ৰায় ৭০০০ কুইণ্টল৷

এই সাফল্যৰ অনুপ্ৰেৰণাত অসমৰ কেবাঠাইতো কিছুসংখ্যক কৃষকে ক’লা চাউলৰ ধানৰ খেতি কৰি উপকৃত হৈছে৷ উপভোক্তাৰ স্বাৰ্থত, বাণিজ্যৰ স্বাৰ্থত এনে চাউলৰ পুষ্টিগুণ আৰু অন্যান্য গুণাগুণ জনাটো আৱশ্যকীয়৷ গোৱালপাৰা, নগাঁও আৰু মণিপুৰৰ [মণিপুৰী ভাষাত চাখাও অমিবি] ক’লা চাউলৰ নমুনাৰ ৰাসায়নিক বিশ্লেষণ কৰি দেখা গ’ল যে প্ৰধান খাদ্য উপাদানৰ ক্ষেত্ৰত ইবিলাক অন্যান্য চাউলতকৈ উচ্চখাপৰ ৷

খাদ্যৰ ক্ষেত্ৰত প্ৰ’টিনৰ পৰিমাণ খাদ্যগুণৰ মাপকাঠি৷ তাতোকৈ গুৰুত্বপূৰ্ণ কথা হ’ল তিনিওবিধ চাউলত বহু পৰিমাণে এন্থ'ছায়ানিন নামৰ উপাদানবিধ থাকে যি শৰীৰ সুস্থ কৰি ৰাখে৷ চীন আদি দেশৰ পৰম্পৰাগত জ্ঞান, বিশ্বাস অনুসৰি এই চাউলৰ ৰোগ প্ৰতিৰোধী গুণ আছে যাৰ বাবে প্ৰাচীন চীনত ৰাজপৰিয়াল আৰু আন সম্ভান্ত পৰিয়ালৰ বাহিৰে অন্য লোকৰ বাবে এই চাউল নিষিদ্ধ আছিল৷

গোৱালপাৰাৰ ক’লা চাউলত শতকৰা হিচাপত প্ৰ’টিন প্ৰায় ১২ ভাগ আৰু কাৰ্ব'হাইড্ৰেট ৮০ ভাগ থাকে৷

নগাঁওৰ ক’লা চাউলত শতকৰা হিচাপত প্ৰ’টিন প্ৰায় ১৩ ভাগ আৰু কাৰ্ব'হাইড্ৰেট ৭৯ ভাগ থাকে৷

মণিপুৰৰ ক’লা চাউলত শতকৰা হিচাপত প্ৰ’টিন প্ৰায় ১০ ভাগ আৰু কাৰ্ব'হাইড্ৰেট ৭৮ ভাগ থাকে৷

ক’লা চাউল স্বাস্থ্যৰঞ্জক আৰু স্বাস্থ্যবদ্ধৰ্কহে৷ ক’লা চাউলৰ ভাত খালে মধুমেহ ৰোগ ভাল হৈ যায় বুলি ভবাটো শুদ্ধ নহয়৷ কেৱল ক’লা চাউলেই নহয়, প্ৰতি -বিজাৰক [এণ্টি-অক্সিডেণ্ট] প্ৰচুৰ পৰিমাণে থকা শাক-পাচলি, বতৰৰ ফল-মূল আদি নিয়মীয়াকৈ খালে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ ক’লা চাউলৰ দৰে ৰঙা চাউলৰো [যেনে, বাও ধান, আহু ধান] যথেষ্ট এন্থ'ছায়ানিন থাকে৷ পাৰ্থক্যটো হ’ল ক’লা চাউলত পৰিমাণটো বেছি, অৰ্থাৎ ৰঙা চাউলতকৈ বেছি উপকাৰী ৷

ভাত ৰন্ধাৰ পূৰ্বে ক’লা চাউল ধোৱাৰ সময়ত পানীখিনি ৰঙচুৱা, গুলপীয়া হৈ পৰে৷ কিন্তু তাৰ বাবে শঙ্কিত হ’ব নালাগে৷ চাউলখিনি এবাৰ বা দুবাৰতকৈ বেছি ধুব নালাগে৷ কেৱল ক’লা চাউলৰ ভাত নাৰান্ধি, গতানুগতিক বগা চাউলৰ সৈতে চাৰি-এক বা পাঁচ -এক অনুপাতত মিহলাই লোৱাটো বাঞ্ছনীয় ৷ ৰন্ধাৰ পাছত ভাতবোৰ ৰঙচুৱা হৈ পৰিব৷

গোৱালপাৰা তথা অসমৰ ক’লা চাউল সিজোঁতে সময় বেছি লাগে। সেয়ে ৰন্ধাৰ পূৰ্বে এঘণ্টামান পানীত তিঁয়াই থোৱাটো বাঞ্ছনীয় ৷ ইয়াৰ বিপৰীতে মণিপুৰৰ ক’লা চাউল কম সময়তে সিজে আৰু অতি কোমল হৈ পৰে৷ সেয়ে মণিপুৰৰ মানুহে এয়া পায়স বনাবলৈহে পছন্দ কৰে৷

বাণিজ্যিক গুৰুত্ব

অসমত উৎপাদিত ক’লা চাউলৰ খুচুৰা মূল্য প্ৰতি কিল'গ্ৰামত ১৫০ টকা৷ আনহাতে আন্তঃৰাষ্ট্ৰীয়, বজাৰত, বহুজাতিক প্ৰতিষ্ঠানসমূহত ইয়াৰ মূল্য ৪৫০ টকা বা অধিক৷

ক’লা চাউলৰ ধানৰ কৃষি পদ্ধতি শালি ধানৰ দৰে একে৷ গতিকে এনে ধানৰ খেতিৰ জৰিয়তে চাৰিগুণতকৈ বেছি আৰু উন্নত বিপননৰ জৰিয়তে সাধাৰণ চাউলৰ তুলনাত বাৰ গুণতকৈ বেছি লাভবান হ’ব পাৰি৷ নিবনুৱা বুলি ভবাসকলে এনে লাভদায়ক কৃষিকৰ্মৰ জৰিয়তে সংস্থাপিত হ’ব পাৰে৷।