বিহপুৰীয়া আৰু ইয়াৰ চৌপাশৰ আকৰ্ষণীয় চৰাইবোৰ


Image Description

অসম এখন জৈৱ বৈচিত্ৰ্যতাৰে পৰিপূৰ্ণ ৰাজ্য৷ চৰাইৰ কথা যদি কোৱা হয়, ইয়াত প্ৰায় ৮০০ বিধ মান চৰাই- চিৰিকতি পোৱা যায়৷ চৰাই অনুযায়ী ইয়াৰ অৱস্থানৰ ভিন্নতা দেখা যায়৷ যিহেতু অসমত হাবিৰ পৰা আৰম্ভ কৰি, আৰ্দ্ৰভূমি [wet land], নদ-নদী তথা জান-জুৰি, পাহাৰ, ঘাঁহনি আদি সকলো আছে সেয়ে ইয়াত বাসস্থান অনুযায়ী আমি চৰাইৰ প্ৰজাতিৰ ভিন্নতা নিৰীক্ষণ কৰিব পাৰোঁ৷

এতিয়া বিহপুৰীয়া আৰু ইয়াৰ আশে-পাশে থকা চৰাইবোৰ বুলি ক’লে আমি প্ৰথমে লক্ষ্য কৰিব লাগিব ইয়াত কোনকেইটা ভৌগোলিক বাসস্থান আছে:

১) নগৰ আৰু গাঁৱৰ আশে-পাশে থকা চৰাই

২) নদ-নদী আৰু জান-জুৰিৰ চৰাই

৩) ঘাঁহনিৰ চৰাই

আৰু ৪) আদ্ৰৰ্ভূমিৰ চৰাই৷

বিহপুৰীয়া নগৰ আৰু ইয়াৰ ওচৰৰ গাঁৱৰ আশে-পাশে থকা চৰাইৰ কিছুসংখ্যক মই কেমেৰাত আৱদ্ধ কৰিবলৈ সক্ষম হৈছোঁ। সেইবোৰ হৈছে:

চাৰিটা শালিকাৰ প্ৰজাতি ক্ৰমে ঘৰ শালিকা, চুতীয়া শালিকা, কাণকুৰিকা আৰু কৰ্ম শালিকা; মৌপিয়াৰ দুটা প্ৰজাতি, ক্ৰমে purple sun bird আৰু crimson sub bird, হেটুলুকাৰ তিনিটা প্ৰজাতি ক্ৰমে নীলকণ্ঠি হেটুলুকা, বন হেটুলুকা আৰু সৰু হেটুলুকা বা বসন্ত চৰাই৷ কপৌৰ তিনিটা প্ৰজাতিৰ দুটা হ’ল ক্ৰমে তিল কপৌ আৰু হাইঠা। কেতেকী চৰাইৰ দুটা প্ৰজাতি ক্ৰমে কেতেকী আৰু বিনোৱা কেতেকী, তিনি ফেঁচাৰ প্ৰজাতি ক্ৰমে ফেঁচা, কুৰুলী ফেঁচা আৰু হুদু৷ আজিকালি প্ৰায় কমি যাবলৈ ধৰা টোকোৰা চৰাইৰো বিহপুৰীয়াত দুটা স্থানত যোৱা বছৰ দেখিবলৈ আৰু ফটো তুলিবলৈ সক্ষম হওঁ৷

যদিও অসমত চাৰিটা প্ৰজাতিৰ টোকোৰা চৰাই পোৱা যায়, বিহপুৰীয়াত এতিয়ালৈকে মই দুটা প্ৰজাতিৰ টোকোৰা চৰাই পাইছোঁ। গছত ওলমি থকা ইয়াৰ বাহবোৰ সহজেই চিনাক্ত কৰিব পাৰি৷ মতা টোকোৰা চৰায়ে প্ৰথমে বাহবোৰ সজা আৰম্ভ কৰে আৰু অৰ্ধনিৰ্মিত বাহবোৰত ওলমি মাইকী চৰাইক আকৰ্ষণ কৰিবলৈ এক বিশেষ ভংগিমা কৰি থাকে৷ মাইকী টোকোৰা চৰায়ে তেতিয়া অৰ্ধনিৰ্মিত বাহটো পৰ্য্যৱেক্ষণ কৰে আৰু পছন্দ হ’লে মতা-মাইকী দুয়োটা মিলি বাকী থকা বাহৰ কামখিনি সম্পূৰ্ণ কৰে আৰু কণী পাৰি পোৱালি জগায়৷

যোৱা বছৰ শীতকালত ইয়ালৈ অহা পৃথিৱীৰ আটাইতকৈ বেগী চৰাই বিদেশী শেন/পাহাৰী শেনক কেমেৰাত আবদ্ধ কৰিছিলোঁ৷ এই শেনৰ বেগ প্ৰতি ঘণ্টাত প্ৰায় ৩৯০ কি.মি. । ভাবিলে আচৰিত লগা কথা৷ ফটোত থকা ক্ষুদ্ৰ চৰাইটো মই এজন গাঁৱৰ লোকৰ পৰা সংগ্ৰহ কৰিছিলোঁ । চৰাইটো তেখেতৰ মাছৰ জালত লাগি ধৰিছিল৷