জৈৱবৈচিত্ৰ্য পৰ্য্যটন


Image Description

জহাধান, বৰাধান, কোমল ধান, চৰিয়া শালি, মাগুৰি ধান, ৰঞ্জিত ধান, তৰা বাওধান, জলাধান, জিৰা জহা, ভকত শালি, চকোৱা, বাও ইত্যাদি বহুতো৷ এয়া অসমত পোৱা মাত্ৰ কেইবিধমান ধানৰ উদাহৰণ৷

সেইদৰে মানিমুনি, মছন্দৰী, টেঙেচি, মধুসুলেং, টেঙামৰা, মমলাখুটি, ভেদাইলতা, দুপৰটেঙা, ডিমৰু, কুঁজি থেকেৰা আদি অসংখ্য ঔষধি তৃণ, গুল্ম, বৃক্ষ অসমত পোৱা যায়৷ বৈচিত্ৰ্যৰ শেষ নোহোৱা তালিকা৷

কাজীনেমু, গোলনেমু, ইলাচী নেমু, চকলা টেঙা, জৰাটেঙা আদি ভিন্ন প্ৰকাৰৰ নেমু৷ আঠীয়া কল, জাহাজী কল, ভীমকল, কাচকল, জাতিকল, চেনিচম্পা কল, মনোহৰ কল, মালভোগ কল, তুলসী কল, শিমলু মনোহৰ কল, হাতীদঁতীয়া কল, ভৰতমুনি কল আজি কলৰ বিভিন্ন প্ৰকাৰ৷

আনহাতে অসমীয়া ৰান্ধনীৰ হাতত অমৃতৰ ৰূপ পোৱা পোৰা মাছ; অমিতা ফুলৰ সৈতে মাছৰ চাটনি; মাছৰ পেটুৰে ভাত ভজা; ভেদাইলতা, নৰসিংহৰ পাত, মূলা, লফা শাক আদিৰে ৰন্ধা মাছৰ জোল আদিৰ উৎস হ’ল অসমৰ খাল, বিল, ডোঙা, জলাহ, পিতনি, নদ-নদী আদি জলাশয়সমূহত পোৱা প্ৰায় তিনিশ প্ৰজাতিৰ মাছ৷ তদুপৰি ইয়াৰে বহুত প্ৰজাতিৰ মাছৰে আছে আলংকাৰিক মূল্য৷

বিভিন্ন প্ৰজাতিৰ চৰাই, পখিলা, ৰেচম পলু, কপৌফুল আদিৰ কথা থাওকতে কৈ শেষ কৰিব নোৱাৰি৷ অসমৰ থলুৱা প্ৰজাতিৰ জিনীয় ভিন্নতাসমূহ প্ৰাকৃতিকভাৱে ঠায়ে ঠায়ে ভঁড়াল গঢ়ি পৰ্য্যটন কেন্দ্ৰস্থল হিচাপে গঢ় দিব পাৰি৷

উদাহৰণ স্বৰূপে, অসমৰ থলুৱা ফলমূলৰ গছসমূহ, যেনে, পানীফুল, লেটেকু, অমৰা, নগাটেঙা, মিৰিকা টেঙা, তেতেলী, আহোম বগৰী, থেকেৰা, নৰাবগৰী, কৰ্দৈ, আতলচ আদিৰ ক্ষুদ্ৰ বাগিছাসমূহ বৈজ্ঞানিকভাৱে আটোমটোকাৰিকৈ ৰাখিলে জৈৱবৈচিত্ৰ্য পৰ্য্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব৷

পৰিৱেশ সংৰক্ষণৰ লগে লগে এই পৰ্য্যটনে একোটা অঞ্চলৰ লোকৰ বাবে আনি দিব জীৱিকাৰ সন্ধান৷ কিন্তু আমি সেই জীৱিকাসমূহ ব্যাৱসায়িক তথা সামাজিক আৰু পাৰিপাৰ্শ্বিকতাৰ সকলো দিশ অনুধাৱন কৰিহে গ্ৰহণ কৰিব লাগিব৷

এই জৈৱবৈচিত্ৰ্যৰ পৰ্য্যটন স্থলীসমূহ, বিশেষকৈ স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰী তথা দেশ-বিদেশৰ গৱেষকৰ বাবে বিশেষ আকৰ্ষণীয় হৈ পৰিবৰ থল আছে৷ পৰ্য্যটকে জৈৱবৈচিত্ৰ্যৰ উৎসস্থলী বিচাৰি অসমৰ যি কোনো অঞ্চললৈ যোৱা-থকাৰ ব্যৱস্থা সুগম সুচল হ’ব লাগিব তথা আধুনিকভাৱে আৰু বিশ্বজনীনভাৱে উপলব্ধ হোৱা তথ্যসূচীৰ আওঁতাত আনিব লাগিব৷

অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ আৰু কাজিৰঙা, মানাহ আদিকে ধৰি ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যলৈ দেশী-বিদেশী পৰ্য্যটকৰ আগমন ঘটে৷ কিন্তু জৈৱবৈচিত্ৰ্যৰ পৰ্য্যটন কেৱল উদ্যানত থকা গঁড়, হাতী আৰু বাঘতে সমাপ্ত হ’ব নোৱাৰে; বৰঞ্চ অসমৰ চুকে-কোণে প্ৰাকৃতিকভাৱে থকা মৎস্য, পলু আৰু লতা আদি জৈৱ পৰ্য্যটনৰ সম্ভাৱনাসমূহক চিনাক্ত কৰি প্ৰদৰ্শনৰ সু-ব্যৱস্থাৰ কথা চিন্তা কৰিব লাগিব৷ যেনে, বিশ্বৰ বিভিন্ন প্ৰান্তত থকা মৎস্য উদ্যান হয়তো আমাৰ কাৰণে আজিৰ দিনত চিনাকী নহয়৷

অসমীয়া মানুহৰ প্ৰকৃতিৰ সতে সহৱস্থান আৰু অসমীয়া জনজীৱনত প্ৰকৃতিৰ অৱদানসমূহ পৰ্য্যটন ব্যৱস্থাৰ একো একোটা প্ৰদৰ্শন কৰিব পৰা উপাদান হ’ব পাৰে৷ লুইতৰ পাৰে পাৰে জৈৱবৈচিত্ৰ্যৰ পৰ্য্যটন ক্ষেত্ৰত ভৱিষ্যত প্ৰজন্মৰ কাৰণে সঞ্চিত হৈ থাকিব অসমৰ বৈচিত্ৰ্যময় প্ৰাকৃতিক সম্পদসমূহ৷।