বেংক ব্যক্তিগতকৰণ প্ৰসঙ্গ : এটি আলোচনা (২)


Image Description

(যোৱা সংখ্যৰ পিছৰ পৰা)

ৰাজহুৱা খণ্ডৰ বেংকসমূহক ব্যক্তিগতকৰণৰ কাৰণে চৰকাৰ ইমান উত্ৰাৱল কিয়? ব্যক্তিগত খণ্ডৰ বেংক ৰাষ্ট্ৰীয়কৃত বেংকতকৈ 'ভাল' বুলি খৰধৰ লগাইছে নেকি ? ১৯৬৯ চনৰ আগতে আমাৰ দেশৰ আটাইবিলাক বেংক আছিল ব্যক্তি মালিকানাধীন।

১৯৩৫ চনৰ পৰা ১৯৪৭ চনৰ ভিতৰত প্ৰায় ৯০০টা বেংক বন্ধ হৈ গৈছিল (গড় হিচাপত, প্ৰতি বছৰত ৭৫টা কৈ)। ১৯৪৭ চনত দেশ স্বাধীন হোৱাৰ পিছত যিমানসংখ্যক বেংক আছিল আৰু যিমান বেংক নতুনকৈ আৰম্ভ হল, ১৯৬৯ চনলৈ তাৰে ৬৬৫টা বন্ধ হৈ গৈছিল (বছৰি ৩০টাকৈ)। স্বাধীনতাৰ আগৰ কথা নিশ্চয় বেলেগ, কিন্তু স্বাধীনোত্তৰ ভাৰতবৰ্ষত প্ৰতি বছৰত ৩০টাকৈ বেংকৰ পতন ঘটিছিল।

প্ৰধান কাৰণটো হ'ল সেই বেংকবিলাকৰ প্ৰায় আটাইবোৰৰ মালিক আছিল দুৰভিসন্ধিপূৰ্ণ বৃহৎ ব্যৱসায়ী। আমানতকাৰীৰ জমা ধন আত্মসাৎ কৰি তেওঁলোকে বেলেগ ব্যৱসায় কৰিছিল। বন্ধ হৈ যোৱা বেংকৰ পৰা জমা ধন ঘূৰাই নোপোৱা কাৰণে লাখ লাখ আমানতকাৰী সৰ্বস্বান্ত হৈ গৈছিল।

১৯৬৯ চনত প্ৰথম দফাত ১৪টা আৰু ১৯৮০ চনত দ্বিতীয় দফাত ৬টা বেংকক ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণলৈ অনা হ'ল। ব্যক্তিগত খণ্ডত তেতিয়াও ভালেসংখ্যক বেংক আছিল। কিন্তু ক্ৰমে ক্ৰমে ৩৬টা ব্যক্তিগত মালিকানাধীন বেংকৰ পতন ঘটিল, আৰু ৰাজহুৱা খণ্ডৰ বিভিন্ন বেংকৰ লগত সেইবোৰ চামিল কৰি দিয়া হ'ল। মনত ৰাখিব লাগে যে বন্ধ হোৱাৰ আগত সেইবোৰ বেংকৰ বিত্তীয় ভেঁটি ফোপোলা হৈ গৈছিল, বহু কৌটি টকাৰ লোকচান ঘটিছিল, আৰু ৰাজহুৱা খণ্ডৰ বেংকসমূহে সেই পাহাৰপ্ৰমাণ লোকচানৰ বোজা মূৰ পাতি ল'বলগীয়া হৈছিল।

বেংক মালিকসকলে চৰকাৰৰ পৰা ব্যাৱসায়িক দিশত অভাৱনীয় ধৰণে উদগনি পোৱা সত্বেও তেওঁলোকৰ বেংক দেউলীয়া হোৱাৰ কাৰণবোৰ সহজেই অনুমেয়। বেংক পৰিচালনাত মালিকসকলৰ অযোগ্যতা, সীমাহীন দুৰ্নীতি আৰু বেলেগ ব্যৱসায়ৰ বাবে বেংকৰ ধন অপসাৰণ ইত্যাদি আছিল মুখ্য কাৰণ। এই প্ৰসঙ্গত চৰকাৰে বিশেষ পক্ষপাতিত্ব দেখুওৱা, ১৯৯৪ চনত আৰম্ভ হোৱা অতিশয় আঢ্যবন্ত ব্যক্তি-মালিকানাধীন গ্ল'বেল ট্ৰাস্ট বেংকৰ কৰুণ পৰিণতিৰ কথা মনলৈ আহে। বেংক ব্যৱসায়ৰ নামত মানুহ ঠগোৱা অকল নহয়, ৰিজাৰ্ভ বেংক আৰু কেন্দ্ৰীয় চৰকাৰৰ লগতো প্ৰতাৰণা কৰি মালিকগোষ্ঠীয়ে বহু কোটি টকা লুটি ল'বলৈ সক্ষম হৈছিল। শেষত ২০১৪ চনত ৰিজাৰ্ভ বেংকে উক্ত বেংক বন্ধ কৰি, ৰাজহুৱা খণ্ডৰ অৰিয়েন্টেল বেংক অব্ কমাৰ্চৰ লগত চামিল কৰোৱাই দিয়ে।

যদি বৰ্তমান চৰকাৰে দিহা কৰা মতে সঁচাকৈয়ে আটাইবিলাক ৰাজহুৱা খণ্ডৰ বেংকৰ বিক্ৰয় সম্পন্ন হৈ যায় (আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে চৰকাৰৰ সেই উদ্দেশ্য ব্যৰ্থ হ'বই), তেনেহ'লে কিন্তু আমাৰ বেংকিং ক্ষেত্ৰতো আকৌ সম্পূৰ্ণভাৱে ব্যক্তিগত খণ্ডৰ কুক্ষিগত হৈ পৰিব, আৰু প্ৰতি বছৰতে ব্যৰ্থতাৰ ঘটনা ঘটিয়ে থাকিব। সমগ্ৰ জীৱনত বহু শ্ৰম-ঘামেৰে সঞ্চয় কৰা উপাৰ্জনৰ যিটো অংশ বেংকত জমা ৰখা হয়, সেইখিনি ঘূৰাই পোৱা একপ্ৰকাৰ অসম্ভৱ হৈ পৰিব। ৰাষ্ট্ৰীয়কৃত বেংকৰ বেলিকা এনে ঘটনা কেতিয়াও হ'ব নোৱাৰে। এইষাৰ কথা আমি ভাবি চাবই লাগিব।

বেংক ব্যক্তিগতকৰণৰ সপক্ষে চৰকাৰৰ যুক্তিবোৰ হ'ল :

১। বেংক ব্যৱসায়ত চৰকাৰ অংশীদাৰ হোৱাৰ কোনো প্ৰয়োজনে নাই। ই হেনো বেংকৰ সফল পৰিচালনাত বাধাহে আৰোপ কৰে।

২। চৰকাৰী নিয়ন্ত্ৰণত থকাৰ কাৰণে বেংক পৰিচালন-মণ্ডলীয়ে ক্ষিপ্ৰতাৰে লাভকল্পী সিদ্ধান্ত ল'ব নোৱাৰে। মূলধনৰ কাৰণে কেৱল চৰকাৰৰ ওপৰতে নিৰ্ভৰশীল হোৱাৰ ফলত এই বিলাক বেংকে নিজাকৈ মূলধন সৃষ্টিৰ হকে প্ৰচেষ্টা নকৰে।

৩। ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ মাজত পাৰস্পৰিক প্ৰতিযোগিতাৰ মনোভাৱ অনুপস্থিত। তাৰ ফলত তেওঁলোকৰ ব্যাৱসায়িক ক্ৰমোন্নতি বাধাগ্ৰস্ত হয়।

৪। নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত লেহেম আৰু দ্বিধাগ্ৰস্ত হোৱাৰ কাৰণে ৰাজহুৱা খণ্ডৰ বেংকসমূহ ৰাষ্ট্ৰীয় আৰ্থিক যোগানৰ (fiscal) প্ৰয়োজন পূৰণ কৰিবলৈ অক্ষম।

৫। ক্ৰমবৰ্ধমান অনাদায়ী ঋণ অথবা অনুৎপাদনশীল সম্পদ (non-performing asset)ৰ বোজাত ৰাজহুৱা বেংকবিলাক বিপদগ্ৰস্ত হৈ পৰিছে আৰু ধাৰাবাহিকভাৱে লোকচান ভৰিবলগীয়া হৈছে।

সেয়ে, চৰকাৰৰ অভিভাৱকত্বৰ পৰা বেংকসমূহক মুক্তি দিব লাগে। ব্যক্তি মালিকানাৰ হাতত অহাৰ লগে লগে বেংকসমূহ ব্যাৱসায়িক দিশত দ্ৰুত অগ্ৰগতি লাভ কৰিব, তীব্ৰ পাৰস্পৰিক প্ৰতিযোগিতাৰ বাতাবৰণ সৃষ্টি হ'ব, প্ৰতিটো বেংকে মুনাফা অৰ্জনৰ দিশত অৱধাৰিতভাৱে ক্ৰমোন্নতি দেখুৱাব, আৰু সামগ্ৰিক নিৰিখত ৰাষ্ট্ৰৰ অৰ্থনৈতিক উন্নয়নকে খৰতকীয়া কৰিব।

এইখিনিতে এটা কথা মন কৰিব লাগে যে ৰাজহুৱা বেংকৰ কঁকাল ভাঙি পেলোৱা অনাদায়ী ঋণ অথবা অনুৎপাদনশীল সম্পদৰ বোজাৰ বিষয়টো ব্যক্তিগতকৰণৰ জৰিয়তে কেনেদৰে সমাধান হ'ব -- সেই প্ৰশ্নত চৰকাৰ কিন্তু সম্পূৰ্ণ নীৰৱ।

অলপ গুৰুত্বসহকাৰে আৰু বিশ্লেষণাত্মক পদ্ধতিৰে ভাবি চালেই বুজা যায় যে চৰকাৰে আগবঢ়োৱা যুক্তিবোৰ তেনেই অন্তঃসাৰশূন্য আৰু সম্পূৰ্ণ ভ্ৰান্ত। দৰাচলতে এইবিলাক হ'ল যুক্তি প্ৰদৰ্শনৰ নামত নিৰ্লজ্জ শঠতা আৰু জনসাধাৰণক প্ৰতাৰণা কৰাৰ অপকৌশলহে।

চৰকাৰে আগবঢ়োৱা যুক্তিবোৰৰ প্ৰথম দুটা হ'ল বৃহৎ ব্যাৱসায়িক শিবিৰ তথা কৰ্প'ৰেট মালিকৰ হৈ নিৰ্লজ্জ পক্ষপাতিত্ব কৰা শাসক গোষ্ঠীটোৰ শ্ৰেণীগত অৱস্থানৰ বহিঃপ্ৰকাশ। অকল বেংক নহয় -- জীবন বীমা, সাধাৰণ বীমা, বিদ্যুত খণ্ড, ডাক আৰু যোগাযোগ খণ্ড, পৰিবৱহণ তথা অন্যান্য ৰাজহুৱা উদ্যোগ আৰু সেৱা -- সকলো চৰকাৰী মালিকানাধীন ক্ষেত্ৰ সম্পৰ্কেই ধনিক শ্ৰেণীৰ প্ৰতিনিধিত্ব কৰা আমাৰ চৰকাৰে উক্ত দুয়োটা যুক্তিকে সামান্য ইফাল-সিফালকৈ প্ৰয়োগ কৰা দেখা যায়।

চৰকাৰৰ তৃতীয় যুক্তিৰ গুৰিতো শাসকগোষ্ঠীৰ শ্ৰেণীগত ধ্যান-ধাৰণাৰ অভিব্যক্তি সুস্পষ্ট। মুনাফাসৰ্বস্ব বৃহৎ ব্যাৱসায়িক মনোবৃত্তিত আচ্ছন্ন হোৱাৰ কাৰণে তেওঁলোকে সেৱামূলক প্ৰতিষ্ঠানকো লাভ-লোকচান আৰু অমানবীয় প্ৰতিযোগিতাৰ নিৰিখতে মূল্যায়ন কৰিব বিচাৰে। তেওঁলোকৰ যেনিবা ইতিহাসৰ জ্ঞানও নোহোৱা হৈছে, নহ'লে ৰাজহুৱা খণ্ডৰ বেংকবিলাকে প্ৰতিযোগিতাৰ যুঁজত অৱতীৰ্ণ নহৈও দশকৰ পিছত দশক জুৰি যিদৰে দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ প্ৰক্ৰিয়াত অৱদান ৰাখি গৈছে, যিদৰে ভাৰতৰ বেংক ব্যৱস্থাৰ দৃঢ় স্থিতিক বিশ্বৰ সন্মুখত উপস্থিত কৰিছে -- তাক কেনেকৈ অস্বীকাৰ কৰিলে?

ভাৰতবৰ্ষৰ প্ৰায় ৭০ শতাংশ মানুহ গাঁৱত বাস কৰে, কৃষি তেওঁলোকৰ প্ৰধান জীৱিকা। এই সত্যক মৰ্য্যাদা দি ৰাষ্ট্ৰীয়কৰণৰ পাছত বেংকৰ সেৱা আৰু সুবিধা প্ৰদানৰ জৰিয়তে গ্ৰামীন অৰ্থনীতিৰ উন্নয়নকে অগ্ৰাধিকাৰ দিয়া হ'ল। ১৯৬৯ চনলৈকে আটাইকেইটা স্বীকৃত বেংকৰ মুঠ ৮,১৮৭টা শাখাৰ ভিতৰত গ্ৰামীন শাখাৰ সংখ্যা আছিল ১,৪৪১টা, অৰ্থাৎ ১৭.৬ শতাংশহে। লাভৰ হাৰ কম হয় কাৰণে বেংক মালিকসকলে গাঁৱত শাখা খুলিব ইচ্ছা কৰা নাছিল। ৰাষ্ট্ৰীয়কৰণৰ পাছত অতি দ্ৰুত আৰু ব্যাপক হাৰত গ্ৰামীন শাখাৰ বিস্তাৰ হ'বলৈ ধৰিলে। ১৯৬৯ চনৰ পৰা ১৯৯০ চনলৈকে দেশত বাণিজ্যিক বেংকৰ মুঠ শাখাৰ সংখ্যা হ'লগৈ ৫৯,৭৫২টা, য'ত গ্ৰামীন শাখাৰ সংখ্যা ৩৪,৭৯১টা, অৰ্থাৎ ৫৮.২ শতাংশ। ১৯৭৭ চনৰ পৰা ১৯৯০ চন -- এই সময়কালৰ ভিতৰত যিমান শাখা খোলা হৈছে, তাৰ তিনি-চতুৰ্থাংশই গ্ৰামীন শাখা, প্ৰধানত মুঠেও বেংক নাই এনেকুৱা ঠাইত।

এইদৰে য'ত ১৯৬৯ চনত ৬৫০০০ জনসংখ্যাৰ বিপৰীতে এটা বেংকৰ শাখা আছিল, ১৯৯০ চনত চিত্ৰটো হ'ল এনেকুৱা যে ১৩৭৫৬ জন মানুহৰ কাৰণে একোটাকৈ বেংকৰ শাখা স্থাপিত হ'ল। বেংকৰ শাখাৰ এনে প্ৰচণ্ড সম্প্ৰসাৰণৰ ফলত অকল বেংকত জমা ধনৰ পৰিমাণ দ্ৰুতগতিত বাঢ়ি যোৱাই নহয়, সাধাৰণ মানুহৰ সঞ্চয়ৰ প্ৰৱণতাও বিশাল হাৰত বৃদ্ধি পালে। উদাহৰণ হিচাপে দেখা যায়, সাধাৰণ মানুহৰ ঘৰুৱা সঞ্চয়ৰ পৰিমাণ ১৯৬৯ চনত আছিল ৭৯৫.০ কৌটি টকা, আৰু ১৯৮০ চনত হয়গৈ ৬০৮১.০ কৌটি টকা।

ৰাষ্ট্ৰীয়কৰণৰ আগত বেংকবোৰে গাঁৱৰ মানুহ অথবা নিম্নবিত্ত মানুহক ঋণ দিবলৈ ইচ্ছাই কৰা নাছিল, লাভ কম হোৱাৰ আশঙ্কাত। ৰাজহুৱা খণ্ডৰ বেংকবিলাকে আৰম্ভণিৰ পৰাই সহায়-সম্বলহীন খেতিয়ক আৰু আৰ্থিকভাৱে দুৰ্বল অংশৰ মানুহক ঋণ প্ৰদানৰ কাম হাতত ল'লে। ১৯৭২ চনৰ পৰা ১৯৮৩ চনলৈ, মাত্ৰ ১১ বছৰৰ ভিতৰতে, ২১ কৌটি ২০ লাখ নতুন বেংক ঋণ আগ বঢ়োৱা হয়, যাৰ ৯৩ শতাংশ আছিল ক্ষুদ্ৰ ঋণ (ঋণৰ পৰিমাণ দহ হেজাৰ টকা বা তাতকৈ কম)। ইয়াৰ সৰহ ভাগে দিয়া হৈছিল কৃষি আৰু গ্ৰামীন জীৱিকাৰ কাৰণে।

ৰাষ্ট্ৰীয়কৰণৰ পাছত বেংকৰ ঋণ প্ৰদানৰ ক্ষেত্ৰত ইতিপূৰ্বে অৱহেলিত ক্ষেত্ৰসমূহ, যেনে, কৃষি আৰু ক্ষুদ্ৰ-মজলীয়া উদ্যোগে বিশেষ মৰ্য্যাদা লাভ কৰে। ১৯৬৯ চনলৈকে মুঠ বেংক ঋণৰ মাথোঁন ২.২ শতাংশ দিয়া হৈছিল কৃষিখণ্ডলৈ। ১৯৮০ চনত ই হয়গৈ ১৩ শতাংশ, আৰু ১৯৮৯ চনত হয় ১৫.৮ শতাংশ। অন্যহাতে, ১৯৬৯ চনলৈকে ক্ষুদ্ৰ আৰু মধ্য উদ্যোগে পোৱা বেংক ঋণৰ অংশ অতি নগণ্য হৈ থকাৰ বিপৰীতে ১৯৮৯ চনত এই খণ্ডৰ ঋণ প্ৰাপ্তিৰ হাৰ মুঠ ঋণৰ ১৫.৩ শতাংশলৈ উন্নীত হয়।

এনেদৰে আৰু বহু তথ্য উনুকিয়াব পাৰি, যাৰ দ্বাৰা প্ৰমাণিত হয় যে যুগ যুগ ধৰি চলি থকা গ্ৰামীন ক্ষেত্ৰ তথা সাধাৰণ, দুখীয়া শ্ৰেণীৰ মানুহৰ প্ৰতি উদাসীনতা তথা বৈষম্যৰ বিপৰীতে ৰাষ্ট্ৰীয়কৃত বেংকসমূহে এনে এটা ভাৰসাম্যমূলক অৱস্থান ল'লে যাৰ ফলত সমগ্ৰ দেশৰ অৰ্থনৈতিক ভিত্তি সুদৃঢ় হ'বলৈ ধৰিলে। কৃষিজীৱিক উৎসাহ প্ৰদানৰ সুফল স্বৰূপে সেউজ বিপ্লৱৰ জোৱাৰ আহিল, গ্ৰামীন জীৱিকাৰ প্ৰতি উৎসাহ দিয়াৰ ফলত শ্বেত বিপ্লবৱ আদি ঐতিহাসিক বিবৰ্তন সম্ভৱ হল।

১৯৮০ চনৰ পিছত আৰু কোনো বেংকৰ ৰাষ্ট্ৰীয়কৰণ হোৱা নাই। কিন্তু কিছুমান ব্যক্তিগত খণ্ডৰ বেংক চৰম বিপদাপন্ন হৈ বন্ধ হোৱাৰ অৱস্থা হওঁতে সেইবোৰ বিভিন্ন ৰাজহুৱা বেংকৰ লগত চামিল কৰোৱা হৈছে। অৰ্থাৎ সংশ্লিষ্ট ৰাজহুৱা বেংকবোৰে সেইবোৰ মুমূৰ্ষু বেংকৰ সমূহ লোকচানৰ দায় বহন কৰি গ্ৰাহকৰ জমা ধন আৰু স্বাৰ্থক সুৰক্ষা দিছে।

১৯৯০ দশকৰ আৰম্ভণিৰ পৰাই দেশৰ আৰ্থিক নীতিৰ মৌলিক পৰিৱৰ্তন ঘটিবলৈ ধৰিলে -- নব্য উদাৰনৈতিক আৰ্থিক নীতিক আঁকোৱালি লোৱা হ'ল। ৰাষ্ট্ৰীয়কৃত বেংক (আৰু অন্যান্য বিত্তীয় খণ্ড)-ৰ সংস্কাৰৰ নামত ইয়াত থকা চৰকাৰৰ অংশীদাৰত্ব কমোৱাৰ নীতি কাৰ্য্যকৰী কৰা আৰম্ভ হ'ল। ই আছিল বেংক তথা বিত্তীয় খণ্ডক বিৰাষ্ট্ৰীয়কৰণৰ (ব্যক্তিগতকৰণৰ) পিনে প্ৰথম পদক্ষেপ।

এই তথাকথিত সংস্কাৰ প্ৰক্ৰিয়াৰ আছুতীয়া ফল হ'ল এনে ধৰণৰ -- গাঁৱত থকা বহুতো বেংকৰ শাখা বন্ধ হৈ হৈ গ্ৰামীন জনসাধাৰণৰ কাৰণে বেংকসেৱা পোৱাৰ সুযোগ হ্ৰাস পাবলৈ ধৰিলে। নব্য আৰ্থিক নীতিৰ যুগতো বেংকৰ মুঠ শাখাৰ সংখ্যা আৰু বৃদ্ধি পাইছে যদিও, গ্ৰামীন শাখাৰ সংখ্যা ক্ৰমাগত সঙ্কুচিতহে হৈছে। আৰু এইটো দশকতে নৰসিংহম্ কমিটিৰ চুপাৰিচ অনুযায়ী চৰকাৰে বেংকবিলাকক জনসেৱামূলক কামকাজৰ ধাৰণাৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰি থাকে । চৰকাৰৰ পৰিৱৰ্তিত মনোভাৱৰ অনুসৰণত, ঋণদানৰ ক্ষেত্ৰত 'অগ্ৰাধিকাৰ খণ্ড নীতি'ক ধাৰাবাহিকভাৱে আওকাণ কৰা আৰম্ভ হয়। কোৱা বাহুল্য যে ওপৰোক্ত দুটাকাৰণত কৃষি তথা ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডলৈ বেংকৰ ঋণদানৰ হাৰও ধাৰাবাহিকভাৱে হ্ৰাস পাবলৈ ধৰে। বিশেষকৈ গ্ৰামীন অৰ্থনীতিত ইয়াৰ অৱশ্যম্ভাৱী নেতিবাচক প্ৰভাৱ পৰিছে।

উদাৰনৈতিক নীতিৰ মোহত আচ্ছন্ন হৈ চৰকাৰে ৰাজহুৱা খণ্ডৰ বেংকৰ প্ৰতি বিৰূপ মনোভাৱ প্ৰকট কৰাৰ বাতাবৰণৰ মাজতো তিনিটা যুগান্তকাৰী ঘটনাই কিন্তু প্ৰমাণ কৰি দিলে যে ৰাজহুৱা খণ্ডৰ বেংকৰ বিকল্প নাই, ইয়াতকৈ ভাল বেংক ব্যৱস্থা আৰু হ'ব নোৱাৰে। উক্ত তিনিটা ঘটনাৰ এটা হল ২০০৭-০৮ চনত আমেৰিকা আৰু উন্নত দেশসমূহত সংঘটিত বিত্তীয় মহা বিপৰ্য্যয়, আৰু ভাৰতৰ বিত্তীয় খণ্ড ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণত থকাৰ ফলত সেই মহা বিপৰ্য্যয়ৰ পৰা পৰিত্ৰাণ লাভ। এই বিষয়টো বৰ্তমান নিবন্ধত ইতিপূৰ্বেই উল্লেখ কৰা হৈছে।

দ্বিতীয় ঘটনাটো হ'ল ২০০০-ৰ প্ৰাৰম্ভিক দশকৰ পৰা চৰকাৰে গুৰুত্ব দিয়া এটি দিশ -- দৰিদ্ৰ আৰু আৰ্থিকভাৱে প্ৰান্তিক স্তৰৰ জনসাধাৰণক বিত্তীয় ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰোৱা আঁচনিৰ ঐতিহাসিক সাফল্য, যি সম্ভব হৈছিল মূলতঃ ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ কৰ্মকুশলতাৰ জৰিয়তে। ২০০৫ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকে 'বচত খাতা' (No- frill Account) নামৰ আঁচনি প্ৰৱৰ্তন কৰে, যাৰ উদ্দেশ্য আছিল আৰ্থিক দিশত অত্যন্ত পিচপৰা শ্ৰেণীৰ জনসাধাৰণক বেংকব্যৱস্থাৰ ন্যূনতম সুযোগ-সুবিধা প্ৰদান কৰা, আৰু তেওঁলোকৰ কাৰণে জমা ৰাশি অবিহনে হ'লেও বেংকত "বচত" খাতা খুলি দিয়াৰ ব্যৱস্থা কৰা।

ৰিজাৰ্ভ বেংকৰ হিচাপ মতে দেখা যায়, ২০০৫ চনৰ পৰা ২০১২ চনলৈ, সাত বছৰ সময়ৰ ভিতৰত, দেশৰ বেংকসমূহত প্ৰায় ১৩ কোটি ৫০ লাখ বচত খাতা খোলা হৈছে, আৰু ইয়াৰ ৯০ শতাংশই খুলিছে ৰাজহুৱা খণ্ডৰ বেংকে।

আৰু তৃতীয়টো হ'ল সমগ্ৰ বিশ্বতে এনে এটা অভিলেখ সৃষ্টি কৰা ঘটনা, যাৰ কোনো তুলনা হ'বই নোৱাৰে। ২০১৪ চনৰ আগষ্ট মাহত ভাৰত চৰকাৰে সাধাৰণ মানুহৰ বিত্তীয় প্ৰয়োজন পূৰণৰ কাৰণে 'প্ৰধান মন্ত্ৰী জনধন যোজনা' নামৰ আঁচনি প্ৰস্তুত কৰে, আৰু দেশৰ বেংকসমূহক উক্ত আঁচনিক কাৰ্য্যকৰীকৰণৰ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাতেই কোৱা হৈছে যে আঁচনি কাৰ্য্যকৰীকৰণৰ প্ৰথম দিনটোতেই ১ কৌটি ৫০ লাখ জনধন খাতা খোলা হৈছিল। পৰবৰ্তী সময়ত ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত প্ৰকাশিত হৈছে যে ২০১৪ৰ পৰা ২০১৭ চনলৈকে ৩০ কৌটি ৭০ লাখৰো অধিক সংখ্যক জনধন খাতা খোলা হৈছে।

পৰবৰ্তী সময়ত ভাৰত চৰকাৰে সকলো ৰাজহুৱা বেংক, আটাইকেইটা ক্ষেত্ৰীয় গ্ৰামীন বেংক আৰু চৈধ্যটা ব্যক্তিগত খণ্ডৰ বেংকৰ পৰা তথ্য সংগ্ৰহ কৰি ২০২১ চনৰ ২৭ জানুৱাৰীলৈ প্ৰাপ্ততথ্যৰ ভিত্তিত যি প্ৰতিবেদন প্ৰস্তত কৰিছে, তাত পোৱা যায় যে ৰাজহুৱা খণ্ডৰ বেংক আৰু ক্ষেত্ৰীয় গ্ৰামীন বেংকবিলাকে মিলি জনধন খাতা খুলিছে ৪০ কৌটি ৪৮ লাখ, আৰু ১৪টা ব্যক্তিগত খণ্ডৰ বেংকে সন্মিলিতভাৱে খুলিছে ১ কৌটি ২৭ লাখ খাতা। এটা উল্লেখনীয় কথা হ'ল, ভাৰতত ব্যৱসায় কৰি থকা বিদেশী বেংকবিলাকৰ কোনো এটাতেই এটাও জনধন খাতা খোলা হোৱা নাই।

এনে ধৰণৰ ঘটনা আৰু তথ্যাদিৰ পৰা এটা কথা স্পষ্টভাৱে প্ৰতীয়মান হয় যে দেশৰ চৰকাৰে যুগুত কৰা প্ৰতিটো আঁচনিক দেহে-কেহে লাগি থাকি সম্পন্ন তথা সফল কৰাৰ ক্ষেত্ৰত ৰাজহুৱা বেংক আৰু (ৰাজহুৱা) ক্ষেত্ৰীয় গ্ৰামীন বেংকসমূহৰ ভূমিকা অতুলনীয়। আমাৰ দেশৰ বেংক-ব্যবস্থা যদি ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণৰ অধীন নহ'লহেঁতেন, চৰকাৰৰ জনমুখী আঁচনিসমূহ কোনোপধ্যে লক্ষ্যত উপনীত নহ'লহেঁতেন।

ওপৰত উল্লেখ কৰা তথ্যসমূহৰ পৰাই নিশ্চয় উপলব্ধি কৰিব পাৰি যে ৰাজহুৰা বেংকৰ বিৰুদ্ধে চৰকাৰে আগবঢ়োৱা চতুৰ্থ অভিযোগ অকল ভ্ৰান্ত নহয়, সত্যৰ চৰম অৱমাননাহে। ৰাজহুৱা বেংকৰ গৰাকী হ'ল চৰকাৰ নিজেই, বেংক পৰিচালনাৰ আৰু নীতি প্ৰণয়নৰ দায়িত্বও চৰকাৰৰে। বেংকৰ জৰিয়তে সম্পন্ন কৰিবলগীয়া, চৰকাৰে দিয়া যি কোনো আঁচনি কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ বেংকে কেতিয়াও পৰমুখী হৈ থকা নাই, বৰঞ্চ সৰ্বক্ষেত্ৰতে লক্ষ্যমাত্ৰা পূৰণ কৰি অভিলেখ স্থাপন কৰিছে । নিজৰ আৰু পৰিয়ালৰ অকল্পনীয় ক্ষয়-ক্ষতি দুখ-যাতনা সহ্য কৰি এনেকুৱা আঁচনিকো সকলো বেংক কৰ্মচাৰীয়ে সম্পন্ন কৰি দিছে -- যাৰ প্ৰতি তেওঁলোকৰ মুঠেও সমৰ্থন নাছিল (যেনে, বিমুদ্ৰাকৰণ )। চৰকাৰৰ আৰ্থিক সিদ্ধান্তক সফল কৰাত ৰাজহুৱা বেংক তথা বেংক কৰ্মচাৰীৰ এনে আত্মনিয়োজিত ভূমিকাক কোনোৱেই অস্বীকাৰ কৰিব নোৱাৰে ।

চৰকাৰৰ পঞ্চম অভিযোগৰ সন্দৰ্ভত এটা কথা স্পষ্টভাৱে কোৱা প্ৰয়োজন। ৰাজহুৱা খণ্ডৰ বেংকত বিপুল পৰিমাণে অনাদায়ী ঋণ বা অনুৎপাদনশীল সম্পদৰ বিপদ সৃষ্টি হোৱাৰ কাৰণে একমাত্ৰ দায়ী চৰকাৰেই। ঋণ সময়মতে পৰিশোধ নকৰি বেংকৰ ক্ষতি সাধন কৰা কাৰ্য্য হ'ল আইনমতে দণ্ডনীয়। সামৰ্থ্য থকা সত্বেও যি সকলে বেংকৰ ঋণ পৰিশোধ নকৰি ফাঁকি দি থাকে, তেনেকুৱা অপৰাধীক চিহ্নিত কৰা বেংকৰ দায়িত্ব, কিন্তু তাক শাস্তি দিয়াৰ ক্ষমতা চৰকাৰৰ হাততহে থাকে, বেংকৰ হাতত নহয়।

কেন্দ্ৰৰ মোদী চৰকাৰৰ বদান্যতাৰ কাৰণে অনাদায়ী ঋণৰ পৰিমাণ দ্ৰুততম হাৰত বৃদ্ধি পাই থাকি বিগত আৰ্থিক বছৰলৈকে দহ লাখ কোটি টকা চেৰাই গৈছে, আৰু এই বিপুল পৰিমাণৰ ৮০ শতাংশৰো অধিক হ'ল বৃহৎ ব্যৱসায়ী তথা কৰ্প'ৰেট খণ্ডৰ মালিকসকলে লোৱা ঋণ। ৰাজহুৱা বেংকে প্ৰতিটো আৰ্থিক বছৰতে বহু লাখ কোটি টকাৰ কাৰ্য্যকৰী লাভ অৰ্জন কৰে, কিন্তু অনাদায়ী ঋণৰ কাৰণে লাভৰ পৰিমাণৰ সিংহভাগকে কৰ্তন কৰিবলগীয়া হয় বাবে প্ৰকৃত লাভৰ পৰিমাণ নগণ্য হৈ পৰে, নাইবা ফলাফলটো লোকচানত পৰেগৈ।

এনেদৰে, চৰকাৰৰ প্ৰশ্ৰয় লাভ কৰা এচাম দুৰ্বৃত্ত কৰ্প’ৰেট তথা বৃহৎ ব্যৱসায়ীগোষ্ঠীৰ বেপৰোৱা লুণ্ঠনে ৰাজহুৱা বেংকৰ ব্যাৱসায়িক সাফল্যক ৰাহুগ্ৰস্ত কৰি পেলাইছে।

বেংকে ঋণ নিদিয়াৰ সকলো তথ্য বিধিসম্মতভাৱে চৰকাৰৰ ওচৰত দাখিল কৰে যদিও চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা নলয়, ঋণ আদায় দিবলৈ তেওঁলোকক বাধ্য কৰিবলৈও কোনো পদক্ষেপ নলয়। বিগত প্ৰায় তিনিটা দশক ধৰি বেংক কৰ্মচাৰী সংগঠনসমূহৰ পৰা অসংখ্য বাৰ দাবী উত্থাপন কৰা হৈছে যে বৃহৎ ঋণখেলাপীসকলৰ নাম প্ৰকাশ কৰা হওক, ঋণ পৰিশোধৰ কাৰণে তেওঁলোকক বাধ্য কৰোৱা হওক, অন্যথাই তেওঁলোকক আইনমতে দণ্ড দিয়া হওক। কিন্ত বাস্তৱ সত্য এয়াই যে চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা দূৰৈৰ কথা, বহু বছৰ ধৰি ৰিজাৰ্ভ বেংক কৰ্তৃপক্ষকো তেওঁলোকৰ নাম পৰ্য্যন্ত প্ৰকাশ কৰিবলৈ দিয়া নাই।

ওলোটাই কৰ্প’ৰেট খণ্ডৰ মালিকক চৰকাৰে সৰ্বপ্ৰকাৰে অনুদান-উৎসাহ দি থাকে, তেওঁলোকৰ বিশাল পৰিমাণৰ অনাদায়ী ঋণ মাফ কৰি দিয়ে, লাখ লাখ কোটি টকাৰ কৰ ৰেহাই দি থাকে। আনহাতে, নিৰ্লজ্জভাৱে অনাদায়ী ঋণৰ কাৰণে বেংকক দোষাৰোপ কৰি, সংস্কাৰ আৰু সংশোধনমূলক পদক্ষেপৰ গইনা লৈ প্ৰয়োজনীয় সংখ্যক কৰ্মচাৰীৰ নিয়োগ বন্ধ কৰি সমগ্ৰ বেংক উদ্যোগকে পঙ্গু কৰিবলৈ যত্ন কৰে। তাৰোপৰি নিৰ্লজ্জতাৰ সীমা চেৰাই গৈ, ক্ৰমবৰ্ধমান NPAৰ কাৰণে ৰাজহুৱা বেংকক ব্যক্তিগতকৰণৰ অজুহাত সৃষ্টি কৰি থাকে। বৰ্তমান শাসক গোষ্ঠীয়ে দেশৰ অৰ্থনৈতিক স্বাৰ্থক জলাঞ্জলি দি সেই ইচ্ছাকৃত ঋণখেলাপী, অপৰাধী কৰ্পোৰেট মালিকসকলৰ হাততেই ৰাজহুৱা বেংক তথা সমগ্ৰ ৰাজহুৱা খণ্ডক বিক্ৰী কৰি দিয়াৰ ষড়যন্ত্ৰ কৰি আছে।

বৰ্তমান সময়ত সংসদৰ দুয়োটা কক্ষতে শাসকীয় গোষ্ঠীৰ সংখ্যাগৰিষ্ঠতা থকাৰ কাৰণে ৰাজহুৱা বেংক বিক্ৰয় কৰাৰ অনুকুলে প্ৰয়োজনীয় আইন সংশোধন কৰাত চৰকাৰে বিশেষ বাধাৰ সম্মুখীন নহ'ব বুলি ভাবিছে। সেয়ে, সংখ্যাৰ জোৰ প্ৰয়োগ কৰি, বিশিষ্ট অৰ্থনীতিবিদ সকলৰ মৃল্যবান পৰামৰ্শক অগ্ৰাহ্য কৰি, আৰু দেশৰ জনগণৰ স্বাৰ্থক জলাঞ্জলি দি হ'লেও এই চৰকাৰে ৰাষ্ট্ৰীয় মালিকানাত থকা বেংক সমূহক ব্যক্তিগত মালিকৰ হাতত বিক্ৰী কৰিবলৈ আগ বাঢ়ি যাব বিচাৰিবই, তাত কোনো সন্দেহ নাই।

পিছে দেশৰ অৰ্থনৈতিক ভাৰসাম্য ৰক্ষাৰ কাৰণে অপৰিহাৰ্য্য ৰাজহুৱা বেংক ব্যৱস্থাক থানবান কৰি অকল এচাম অতিশয় ধনী বেপাৰীৰ ব্যক্তিগত মুনাফা বৃদ্ধিৰ উদ্দেশ্যে লোৱা সিদ্ধান্ত দেশৰ ৰাইজে নিশ্চয় সমৰ্থন নকৰে।

চৰকাৰৰ এই দেশবিৰোধী চক্ৰান্তৰ বিৰুদ্ধে দহ লাখ বেংক কৰ্মচাৰী-বিষয়াৰ ঐক্যবদ্ধ শক্তিয়ে ধাৰাবাহিক আন্দোলন সংগ্ৰাম চলাই আছে। সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি তেওঁলোকৰ বিনম্ৰ আহ্বান যে এই সংগ্ৰামৰ প্ৰতি সক্ৰিয় সমৰ্থন আৰু সহযোগ দি ৰাইজৰ স্বাৰ্থৰক্ষাৰ কাৰণে দেশব্যাপী গণ আন্দোলন গঢ়ি তোলক। যদিহে বেংক ব্যক্তিগতকৰণ কৰা হয়, ব্যাপক সংখ্যক গ্ৰামীন, দুখীয়া আৰু মজলীয়া শ্ৰেণীৰ মানুহৰ বাবে বেংকৰ সেৱা পোৱা সপোন হৈ পৰিব। হেজাৰ হেজাৰ গ্ৰামীন আৰু উপনগৰীয় বেংকৰ শাখা বন্ধ হৈ যাব, নিজ বাসস্থানৰ ওচৰত বেংকৰ শাখা থকাৰ সুবিধা নাইকিয়া হ'ব। খেতিয়ক, সৰু ব্যৱসায়ী, জ্যেষ্ঠ নাগৰিক, মহিলা,ছাত্ৰ আদি সকলো শ্ৰেণীৰ লোক বেংকৰ সুবিধা আৰু ঋণ প্ৰাপ্তিৰ পৰা বঞ্চিত হ'ব। বেংকৰ নিয়োগ বন্ধ হোৱাই নহয়, লক্ষাধিক কৰ্মচাৰীয়ে চাকৰি হেৰুৱাৰ আৰু তেওঁলোকৰ পৰিয়াল অথাই সাগৰত পৰিব।

সেয়ে, প্ৰকৃত দেশপ্ৰেমিক হিচাপে ৰাজহুৱা বেংক ব্যক্তিগতকৰণৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়ক। নিজক ৰক্ষা কৰক, নিজৰ পৰিয়ালৰ সুৰক্ষা নিশ্চিত কৰক, আৰু সৰ্বোপৰি দেশ ৰক্ষাৰ আহ্বানত সমভাগী হওক।

( সমাপ্ত )