বেংক ব্যক্তিগতকৰণ প্ৰসঙ্গ : এটি আলোচনা (১)


Image Description

দেশৰ বৰ্তমান চৰকাৰে ৰাজহুৱা খণ্ডৰ আটাইবিলাক উদ্যোগকে ব্যক্তিগতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । তাক অতি দ্ৰুততাৰে ৰূপায়ণ কৰিবলৈ ধৰিছে। এই নীতিৰে অঙ্গ হিচাপে চৰকাৰে ৰাজহুৱা খণ্ডৰ বীমা (সাধাৰণ বীমা) ক'ম্পেনী আৰু বেংকসমূহকো ব্যক্তিগত মালিকৰ ওচৰত বিক্ৰী কৰিবলৈ আগবাঢ়িছে।

যোৱা ১ ফেব্ৰুৱাৰী তাৰিখে বিত্ত মন্ত্ৰীয়ে চৰকাৰৰ সিদ্ধান্ত ঘোষণা কৰিছে যে বৰ্তমানৰ বিত্তবৰ্ষৰ ভিতৰতে দুটাকৈ ৰাজহুৱা বেংক আৰু এটা সাধাৰণ বীমা ক'ম্পেনীক বিক্ৰী কৰি দিয়া হ'ব।

ৰাজহুৱা খণ্ডৰ বেংকসমূহক ব্যক্তিগত মালিকানাধীন কৰাৰ পৰিকল্পনা নব্য উদাৰ আৰ্থিক নীতিৰ অন্তৰ্ভুক্ত। এই নীতিৰ কথাটো হ'ল অৰ্থনৈতিক উন্নয়নৰ কাৰণে প্ৰচলিত ব্যবস্থাৰ 'সংস্কাৰ' সাধন কৰি দেশৰ আৰ্থিক স্থিতিক টনকিয়াল কৰিব লাগে আৰু তাৰ বাবে ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু সেৱাসমূহক ব্যক্তিগত খণ্ডলৈ ৰূপান্তৰিত কৰিব লাগে।

আমাৰ দেশত এই নীতিৰ প্ৰবৰ্ত্তন হৈছিল ১৯৯১ চনত, কংগ্ৰেছ চৰকাৰৰ সময়ছোৱাত -- তৎকালীন প্ৰধান মন্ত্ৰী নৰসিংহ ৰাও আৰু বিত্ত মন্ত্ৰী মনমোহন সিঙৰ বদান্যতাত। সময়ৰ সোঁতে প্ৰমাণিত কৰিছে যে এই নীতি ভাৰতবৰ্ষ তথা উন্নয়নশীল দেশসমূহৰ অৰ্থনীতিৰ কাৰণে তেনেই অপ্ৰয়োজনীয় আৰু ভ্ৰান্তহে। কিন্তু কংগ্ৰেছ দলক নিৰ্বাচন পৰাজিত কৰি বিজেপি দলে ক্ষতিকৰ নীতিকে অকল অনুসৰণ কৰায়ে নহয়, তাৰ ৰূপায়ণ কৰিবলৈ অহোপুৰুষাৰ্থ কৰা দেখা গ'ল।

আমাৰ আলোচ্য বিষয় হ'ল ৰাজহুৱা বিত্তীয় খণ্ড তথা বেংকশিল্পক ব্যক্তিগতকৰণৰ পৰিকল্পনা যে ভাৰতবৰ্ষৰ নিচিনা দেশ এখনৰ কাৰণে অৰ্থনৈতিক দিশত সৰ্বনাশ মাতি অনাৰ বাহিৰে আন একো নহয়, সেই কথাটো অকল বেংক কৰ্মচাৰীৰ অভিমতহে নহয়। দেশৰ আগশাৰীৰ অৰ্থনীতিবিদসকলেও দৃঢ় যুক্তি বাৰে বাৰে আগবঢ়াইছে।

মন কৰিবলগীয়া -- ২০০৮ চনৰ 'Global Meltdown' নামেৰে কুখ্যাত বিত্তীয় বিপৰ্য্যয়ে আমেৰিকা তথা অতি উন্নত দেশসমূহৰ বিশাল বিশাল বেংক আৰু বীমা ক'ম্পেনীক ৰাতিটোৰ ভিতৰতে দেউলীয়া কৰি পেলাইছিল। অতি উন্নত দেশবিলাকৰ অৰ্থনৈতিক অৱস্থা মাৰাত্মকভাৱে ক্ষতিগ্ৰস্ত হৈছিল। সেই প্ৰবল বিপৰ্য্যয়ে কিন্তু ভাৰতৰ বিত্তীয় ব্যৱস্থাক অকণো প্ৰভাৱিত কৰিব পৰা নাছিল।

তাৰ প্ৰধান কাৰণ হল ভাৰতৰ বিত্তীয় তথা বেংক খণ্ড আছিল ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণাধীন। এইটো কাৰণ উল্লেখ কৰি দেশৰ তৎকালীন প্ৰধান মন্ত্ৰী আৰু বিত্ত মন্ত্ৰীয়ে গৌৰৱ কৰিও দুয়োজনেই কিন্তু বেংক তথা বিত্তীয় খণ্ডক ব্যক্তিগতকৰণৰ হকে আকোঁৰগোজ প্ৰচাৰক আছিল!

বৰ্তমান সময়ত সংসদৰ দুয়োটা কক্ষতে বিজেপি দলৰ সংখ্যাগৰিষ্ঠতা থকাৰ কাৰণে ৰাজহুৱা বেংক বিক্ৰয় কৰিবলৈ প্ৰয়োজনীয় আইন সংশোধন কৰাত চৰকাৰে বাধাৰ সম্মুখীন নহ'ব পাৰে। সংসদৰ মজিয়াত বিৰোধী দলসমূহৰ আপত্তি তথা যুক্তিলৈ তিলমানো গুৰুত্ব দিয়াৰ মনোভাৱ যে শাসনাধিষ্টিত দলটোৰ মুঠেও নাই, তাকো সকলোৱেই জানে।

সংসদৰ শেহতীয়া বাৰিষা অধিৱেশনৰ কৰ্মকাণ্ডই স্পষ্টকৈ দেখুৱাই দিলে যে বৰ্তমান শাসক দলে গণতান্ত্ৰিক প্ৰমূল্য তথা সংসদীয় ৰীতি-নীতিক কোনোপধ্যে গ্ৰাহ্য কৰিবলৈ নিবিচাৰে। বিৰোধী দলক আলোচনাৰ সুযোগকণ নিদি অসাংবিধানিক ভাৱে সাধাৰণ বীমাৰ ব্যক্তিগতকৰণৰ তথা অন্য বহুতো গুৰুত্বপূৰ্ণ বিল একপক্ষীয়ভাৱে গৃহীত কৰোৱা হৈছে এইটো অধিবেশনতে।

গতিকে সংসদত সংখ্যাৰ জোৰত অৰ্থনীতিবিদৰ মূল্যবান পৰামৰ্শক সম্পূৰ্ণ অগ্ৰাহ্য কৰি, আৰু দেশৰ জনগণৰ স্বাৰ্থক জলাঞ্জলি দি -- এই চৰকাৰে ৰাষ্ট্ৰীয় মালিকানাত থকা বেংকসমূহক যে ব্যক্তিগত মালিকৰ হাতত বিক্ৰী কৰিবলৈ আগবাঢ়ি যাবই, সেই বিষয়ে কোনো সন্দেহ নাই।

পিছে আমাৰ কথাটো হ'ল সংসদত সংখ্যাগৰিষ্ঠতা আছে বুলিয়ে চৰকাৰী খণ্ডৰ বেংকক বেচৰকাৰী মালিকৰ হাতত বিক্ৰী কৰি দিব -- কথাটো ইমান সহজো নহয়।

বাজেট ঘোষণাত যদিও দুটাকৈ বেংকক ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰতে বিক্ৰী কৰাৰ কথা কোৱা হৈছিল, সংবাদ মাধ্যমত ইতিমধ্যেই এটা কথা বহলকৈ প্ৰচাৰিত হৈছে যে চৰকাৰে সেই কামটো উক্ত সময়ৰ ভিতৰত সম্পন্ন কৰাৰ সিদ্ধান্ত সলনি কৰি, পৰবৰ্তী আৰ্থিক বছৰত (২০২২-২৩) কৰা হব বুলি সিদ্ধান্ত লৈছে। ইয়াৰ একমাত্ৰ কাৰণ এইটো বুলি ভাবিলে ভুল হ'ব যে প্ৰয়োজনীয় আইন সংশোধন কৰা প্ৰক্ৰিয়াৰ জটিলতাৰ কাৰণেহে কামটো পিছুৱাই দিবলগীয়া হ'ল। দৰাচলতে চৰকাৰে আৰু কিছুদিন তেওঁলোকে লোৱা এনে সিদ্ধান্তৰ প্ৰতি দেশৰ জনগণৰ প্ৰতিক্ৰিয়া কেনে ধৰণৰ হব পাৰে, তাৰে বুজ ল'বলৈ বিচাৰিছে।

দেশৰ অৰ্থনৈতিক ভাৰসাম্য ৰক্ষাৰ কাৰণে অপৰিহাৰ্য্য ৰাজহুৱা বেংক ব্যৱস্থাক থানবান কৰি অকল এচাম অতিশয় ধনীৰ হকে লোৱা সিদ্ধান্তক দেশৰ ৰাইজে বিনাপ্ৰশ্নত দুই হাত তুলি স্বাগত জনাব বুলি শাসক দলেও নিশ্চয় ভাবি থোৱা নাই। গতিকে নাও চলোৱাৰ আগত পানী জুখি লোৱাৰ প্ৰয়োজন হৈছে। ইয়াৰ বাহিৰে চৰকাৰৰ কাৰণে বৰকৈ ভাবিবলগীয়া আন এটা কথাও আছে -- সেয়া হল বেংকশিল্পত থকা কৰ্মচাৰী সংগঠনসমূহৰ ধাৰাবাহিক প্ৰতিবাদী ভূমিকা।

১৯৯১ চনৰ পৰা তথাকথিত উদাৰ আৰ্থিক নীতিৰ গইনা লৈ ৰাজহুৱা ক্ষেত্ৰক ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পৰাই বাৰংবাৰ বেংক ব্যক্তিগতকৰণৰ প্ৰচেষ্টা হাতত লোৱা হৈছে যদিও, বেংক কৰ্মচাৰীৰ ঐক্যবদ্ধ তথা দুৰ্বাৰ প্ৰতিৰোধ আন্দোলনৰ ঢৌৱে সেই প্ৰচেষ্টাসমূহক প্ৰতিহত কৰিছে। বৰ্তমান চৰকাৰেও বিগত বছৰকেইটাৰ ভিতৰত বেংক কৰ্মচাৰীসকলৰ ঐক্যবদ্ধ আন্দোলনৰ হেঁচাৰ উমান ভালদৰেই পাইছে।

আৰু এটা কথাও চৰকাৰে নজনা নহয়। সেয়া হল বেংক কৰ্মচাৰীসকলৰ অপ্ৰতিৰোধ্য জনসংযোগৰ ক্ষমতা, যাৰ জৰিয়তে তেওঁলোকৰ প্ৰতিবাদ আন্দোলনে ৰাইজৰ সমৰ্থন লাভ কৰি এটা অপ্ৰতিৰোধ্য গণ আন্দোলনৰ ৰূপ গ্ৰহণ কৰিব পাৰে।

এইটো কথা অস্বীকাৰ কৰিব নোৱাৰি যে চৰকাৰৰ অবিৰাম প্ৰচাৰৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ ফলত বেংকৰ গ্ৰাহকসকলৰ এটা অংশৰ মাজত বেচৰকাৰী বেংক ব্যৱস্থাৰ প্ৰতি সমৰ্থনৰ মনোভাৱ সৃষ্টি হৈছে । এইটো কথাও অস্বীকাৰ কৰিব নোৱাৰি যে গ্ৰাহকসকলৰ এটা অংশৰ মনত চৰকাৰী বেংকৰ সেৱাৰ মানক লৈ আসোঁৱাহ বা বিতুষ্ট মনোভাৱ আছে। দৰাচলতে এই বিষয়টোও চৰকাৰৰহে সৃষ্টি।

বেংকত নতুন নিয়োগ প্ৰায় বন্ধ কৰি থৈ এনে এটা অসহনীয় অৱস্থা সৃষ্টি কৰা হৈছে যে ক্ৰমবৰ্ধমান গ্ৰাহকৰ সংখ্যা আৰু বহুবিধৰ কামৰ বিপৰীতে বেংকবিলাকৰ প্ৰতিটো শাখাত কৰ্মচাৰীৰ সংখ্যা নগণ্য হৈ পৰিছে, তেওঁলোকৰ কামৰ বোজা সহ্যৰ সীমা চেৰাই যাব ধৰিছে। এনেকুৱা অৱস্থা সৃষ্টি কৰি দিয়া হৈছে যাতে গ্ৰাহক সমাজৰ মাজত বেংক কৰ্মচাৰীসকলৰ প্ৰতি বিৰূপ মনোভাৱ সৃষ্টি হয়।

এইদৰে গ্ৰাহক তথা সাধাৰণ ৰাইজক ৰাজহুৱা বেংকৰ সেৱাৰ বিৰুদ্ধে কৃত্ৰিমভাৱে বিৰূপ কৰিও চৰকাৰে বেংক ব্যক্তিগতকৰণৰ বাবে ক্ষেত্ৰ প্ৰস্তুত কৰিব বিচাৰিছে (এই কথা অন্যান্য ৰাজহুৱা খণ্ডৰ উদ্যোগৰ বা সেৱাৰ ক্ষেত্ৰতো একেদৰে প্ৰযোজ্য)। তথাপি গ্ৰাহক তথা সাধাৰণ ৰাইজৰ লগত বেংক কৰ্মচাৰীসকলে নিবিড় সম্পৰ্ক ইমান দুৰ্দশাৰ মাজতো বৰ্তাই ৰাখিছে। সচেতন বেংক কৰ্মচাৰীসকলে চৰকাৰৰ অভিসন্ধিমৃলক বেংক ব্যক্তিগতকৰণ প্ৰকল্পৰ বিৰুদ্ধে যেনেদৰে নিজাকৈ মাৰ বান্ধি থিয় হ'ব পাৰে, গ্ৰাহক তথা সৰ্বসাধাৰণ ৰাইজৰ মাজতো তেওঁলোকে চৰকাৰৰ প্ৰকৃত উদ্দেশ্যক চিনাক্ত কৰি দিবলৈ প্ৰস্তুত। এইদৰে দহ লাখ বেংক কৰ্মচাৰীৰ জৰিয়তে কৌটি কৌটি মানুহৰ মাজত সচেতনতা বিয়পাই পৰিব পাৰে। সেয়েহে অকল সংসদত থকা সংখ্যাগৰিষ্ঠতাৰ জোৰতে বেংক ব্যক্তিগতকৰণ সম্পন্ন হৈ যাব বুলি চৰকাৰেও নিশ্চয় নাভাবে।

(আগলৈ)

[ ইয়াৰ পৰৱৰ্তী অংশত বেংক ব্যক্তিগতকৰণৰ পক্ষত চৰকাৰৰ যুক্তিসমূহ আৰু বিপক্ষীয় যুক্তিবোৰ লৈ আলোচনা কৰা হ'ব। ]