দিনে হাজাৰ হাজাৰ টন বাঁহ বাহিৰলৈ


Image Description

অসমীয়াত এফাঁকি কথা আছে যে যাৰ নাই বাঁহ তাৰ নাই সাহ৷

এই বচনফাঁকিয়ে অসমীয়া মানুহৰ দৈনন্দিন জীৱনত বাঁহৰ যে কিমান প্ৰয়োজন তাকেই বুজায়৷ সাধাৰণতে অসমৰ প্ৰায়ভাগ বাৰীতে বাঁহ পোৱা যায়৷

অসমৰ বাঁহৰ গুণাগুণ পৃথিৱীতে জনাজাত। অথচ দুয়োটা কাগজ কল বন্ধৰ পথত। পৰিচালনাৰ ভুলৰ বাবেই এনে অৱস্থা হ'ল। ৰাজনৈতিক বিচক্ষণতাৰ অভাৱত অসম আজি জুৰুলা।

দুয়োটা কাগজ কল আকৌ চলাব পাৰি। লাগে মাঁথো ইচ্ছা আৰ ইচ্ছা। টকাৰ অভাৱত নহয়, ষড়যন্ত্ৰৰ বলি হ'ল অসমৰ সম্পদ। দিশপুৰে ৰং চাইছে।

হয়তো আঁৰত কাহিনী আছে!

এটা সময়ত আমাৰ ঘৰুৱা প্ৰয়োজনৰ সামগ্ৰীসমূহ বাঁহেৰেই বনোৱা হৈছিল৷ অসমৰ প্ৰায় সকলো হস্তশিল্প উদ্যোগ এই ঘৰুৱা বাঁহৰ ওপৰতেই নিৰ্ভৰশীল আছিল৷

আমি বাঁহক বাঁহ গছ বুলি কওঁ। ১৯২৭ চনৰ ভাৰতৰ বন আইনমতেও বাঁহ এবিধ গছ৷ গতিকে আনবোৰ বনজ সম্পদৰ দৰে বাঁহকো অনা-বনাঞ্চলৰ পৰা কটা আৰু পৰিবহণ কৰাত বাধা আছিল৷

বাঁহ পৰিবহণৰ বাবে বন বিভাগৰ পৰা অনুমতিৰ প্ৰয়োজন আছিল।

কিন্তু ২০ ডিছেম্বৰ ২০১৭ চনত ভাৰতৰ বন (সংশোধিত) বিল সংসদত গৃহীত হয় য’ত বাঁহক গছৰ শ্ৰেণীৰ পৰা উলিয়াই ঘাঁহৰ শ্ৰেণীলৈ পৰিৱৰ্তন কৰা হয়৷

ইয়াৰ ফলত বন বিভাগৰ অনা-বনাঞ্চলৰ বাঁহৰ ওপৰত থকা প্ৰতিবন্ধকতা নোহোৱা হয় আৰু বাঁহৰ পৰিবহণ ব্যৱস্থা সুচল হয়৷ বাঁহৰ লগত জড়িত প্ৰতিজন লোকে এই সংশোধনক আদৰণি জনায়।

আৰু প্ৰধান মন্ত্ৰী মোদীৰ বিচক্ষণতাক প্ৰশংসা কৰে৷ সেই সময়ত ভবা হৈছিল যে এতিয়া অসমত ডাঙৰ ডাঙৰ বাঁহৰ উদ্যোগ গঢ় লৈ উঠিব৷ কিন্তু পৰিতাপৰ বিষয় যে আজি এই বিলখন গৃহীত হোৱাৰ ৫ বছৰ পাছতো আমাৰ ইয়াত তেনে কোনো চকুতলগা উদ্যোগ গঢ়ি নুঠিল৷

২০১৭ চনৰ পাছত আমাৰ ৰাজ্যলৈ বাঁহৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা যিমান অনুদান আহে তাৰ সিংহভাগেই বাঁহ ৰোপণৰ বাবে৷ বাঁহৰ উদ্যোগীকৰণ বা প্ৰশিক্ষণৰ বাবে নহয়৷

ইয়াৰ পৰাই এটা কথাই ওলাই পৰে যে আমাৰ ৰাজ্যখনত বাঁহৰ উদ্যোগ স্থাপন কৰাতকৈ ইয়াত উৎপাদিত বাঁহৰ ওপৰতহে কেন্দ্ৰৰ চকু৷ আজি যিটো হাৰত অসমৰ পৰা বহিঃৰাজ্যলৈ বাঁহ ওলাই গৈ আছে সেইটো দেখিলে চকু কপালত উঠিব৷

ট্ৰাক আৰু ৰেলযোগে প্ৰতিদিনে অসমৰ পৰা হাজাৰ হাজাৰ বাঁহ বাহিৰলৈ গৈ আছে৷ বাঁহৰ উদ্যোগ স্থাপন হৈছে মহাৰাষ্ট্ৰত আৰু আমি ইয়াৰ পৰা বাঁহ পঠিয়াই সন্তুষ্ট হৈ আছোঁ৷

আৰু এটা ডাঙৰ কথা হ’ল যে চৰকাৰী বাঁহৰোপণ এটা প্ৰহসন মাত্ৰ৷ এতিয়ালৈকে কাগজে-পত্ৰে যিমান বাঁহ ৰোপণ কৰা হ’ল প্ৰায় ভাগৰে অস্তিত্ব কিন্তু দেখিবলৈ পোৱা নাযায়৷ যদিও আমাৰ বাঁহৰ ভঁৰাল বহুত চহকী তথাপিতো যিটো হাৰত বাঁহ বাহিৰলৈ গৈ আছে এদিন হয়তো আমাৰ ইয়াতো বাঁহৰ নাটনি আৰম্ভ হ’ব৷

পাৰিপাৰ্শ্বিকতাৰ ওপৰতো ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা যাব৷ কিয়নো বাঁহে অইন গছৰ তুলনাত ৩৫ শতাংশ বেছিকৈ বায়ুমণ্ডলত অক্সিজেন এৰি দিয়ে৷।