বাঁহপালন আৰু উপাৰ্জন


Image Description

ভাৰতৰ উত্তৰ-পূব অঞ্চলক প্ৰকৃতিয়ে বিশেষভাৱে অলংকৃত কৰি আহিছে৷ সকলো প্ৰাকৃতিক সম্পদৰ ভিতৰত বাঁহ এবিধ বিশেষ প্ৰাকৃতিক সম্পদ। বৰ্তমান সময়ত ইয়াৰ গুৰুত্বই বাঁহক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে৷

প্ৰথমতে বাঁহৰ পৰিচয় আছিল নবীকৰণীয় উৎস বুলি৷ প্ৰায়বিলাক প্ৰকৃতিক সম্পদৰ ভঁৰাল ব্যৱহাৰৰ পাছত কমি আহে৷ কিন্তু বাঁহৰ উৎপাদন প্ৰাকৃতিকভাৱেই প্ৰতি বছৰে বাঢ়ি থাকে৷ সাম্প্ৰতিক কালত বাঁহক নবীকৰণীয় উৎসৰ পৰা দ্ৰুতভাৱে নবীকৰণীয় উৎসলৈ উত্তৰণ ঘটোৱা হৈছে৷ কিয়নো প্ৰতি ৩ বছৰৰ মূৰত প্ৰাকৃতিকভাৱেই পূৰঠ হোৱা একোডাল বাঁহ কাটিব পৰা যায়৷

বাঁহৰ উৎপাদন, বাণিজ্য আৰু ৰপ্তানিৰ ক্ষেত্ৰত চীন দেশ পৃথিৱীৰ সকলো দেশতকৈ আগ বঢ়া৷ বাঁহ সম্পদত চীনৰ পিচতে ভাৰতৰ স্থান৷ ভাৰতৰ মুঠ বাঁহ সম্পদৰ ৫০ শতাংশ বাঁহ আমাৰ উত্তৰ-পূব অঞ্চলত পোৱা যায়৷ কিন্তু ইমান এটা ডাঙৰ সম্পদ থকাৰ পাছতো আমাৰ ইয়াত এতিয়াও চকুত পৰা বিধৰ ব্যৱসায় আৰম্ভ হোৱা নাই৷

বাঁহৰ বিশাল অৰ্থনৈতিক সম্ভাৱনা দেখি তেতিয়াৰ ভাৰতৰ প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ২০০৪ চনত বাঁহক 'সেউজীয়া সোণ' আখ্যা দিয়ে। লগতে আৰু ৮০ লাখ সংস্থাপন সৃষ্টি আৰু ৫০ লাখ পৰিয়ালক দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ উঠোৱাৰ বাবে ১০ম পঞ্চম বাৰ্ষিক পৰিকল্পনাত ২৬০০ কোটি টকা ধাৰ্য্য কৰে৷ কিন্তু পৰিতাপৰ কথা এয়ে যে আজি ১১ বছৰ পাছতো আমি এই ক্ষেত্ৰত বিশেষ আগবাঢ়িব নোৱাৰিলোঁ৷

অৰ্থনীতিৰ মতে য'তেই যি সম্পদৰ প্ৰাচুৰ্য্য বেছি তাতেই সেই সম্পদৰ বাণিজ্যই আগস্থান পায়৷ কিন্তু আমাৰ ইয়াত বাঁহৰ ইমান ডাঙৰ সম্পদৰ ভঁৰাল থকাৰ পাছতো আমি বাঁহক লৈ বিশেষ একো কৰিব পৰা নাই৷ ইয়াৰ বাবে দায়ী আমাৰ চৰকাৰ আৰু আমি নিজেই৷ চৰকাৰে সজাগতাৰ সৃষ্টি কৰিব পৰা নাই৷ ঘৰৰ পাছফালে থকা সম্পদৰ ওপৰত আমাৰ চকু নাই, আমাৰ অধ্যয়ন নাই যাৰ বাবে আমি বাঁহক উপযুক্ত মৰ্য্যাদা দিব পৰা নাই৷

বাঁহৰ কোনো অংশই পেলনীয়া নহয়৷ মানুহৰ প্ৰকৃতিৰ ওপৰত সজাগতা যিমানে বাঢ়িছে বাঁহৰ বজাৰখনো সিমানে বাঢ়িছে৷ বাঁহৰ পৰা উৎপাদিত বস্তুৰ বজাৰখন প্ৰতি বছৰে প্ৰায় ৫ শতাংশ হাৰত বৃদ্ধি হৈ আহিছে৷ বাঁহৰ উদ্যোগ স্থাপনৰ বাবে বিশেষভাৱে প্ৰয়োজন এখন বাঁহৰ বজাৰ য’ৰ পৰা উপযুক্ত মানসম্পন্ন বাঁহ কিনিব পাৰি, য’ত বাঁহবোৰ বয়স অনুসৰি, বেধ অনুসৰি, প্ৰজাতি অনুসৰি ভাগ ভাগ কৰি থোৱা থাকে ।তেনে এখন বাঁহৰ বজাৰ অসমত পোৱা নাযায়৷ ইযাৰ বাবেও বহুতে উদ্যোগ স্থাপন কৰিও থমকি ৰ’ব লগাত পৰে৷ গুৱাহাটীত বাঁহৰ বজাৰখন অনা-অসমীয়া মানুহে নিয়ন্ত্ৰণ কৰে৷

বাঁহৰ বজাৰখনক আজি-কালি কেচাঁ সামগ্ৰীৰ বেংক বুলিও কোৱা হয়৷ ইয়াৰ পৰা উদ্যোগীয়ে বাঁহবোৰ ক্ৰয় কৰে৷ গাঁও অঞ্চলত এনে ধৰণৰ বাঁহৰ বেংক খুলিব পৰা যায়৷ ইয়াৰ বাবে বাঁহপালনৰ বিষয়ে প্ৰয়োজন সম্যক জ্ঞান৷ বয়স অনুযায়ী বাঁহক চিহ্নিত কৰা, সময়ে সময়ে বাঁহৰ চোপ পাতলাই দিয়া যাতে বাঁহবোৰ ডাঙৰ হ’ব পাৰে আৰু বাঁহ কাটি কেনেকৈ চোপৰ পৰা সহজে উলিয়াই আনিব পাৰি আদি এনেবোৰ বিষয় বাঁহপালনত শিকিব পাৰি। বাঁহৰ বয়স জানিবলৈ সাধাৰণতে বাঁহৰ গুৰিত ৰঙৰ ব্যৱহাৰ কৰা হয়, যাতে পছলৈ সেই ৰং চাই আমি বাঁহৰ বয়স জানিব পাৰোঁ৷ ইয়া আছিল বাঁহৰ বজাৰখনৰ কথা ।

এতিয়া আহোঁ বাঁহৰ শিল্পকৰ্মৰ কথালৈ ।বাঁহেৰে বনোৱা সামগ্ৰীৰ বজাৰখন বৰ বিশাল৷ আন্তৰ্জাতিক মানসম্পন্ন বাঁহৰ বজাৰখনত সোমাব পাৰিলে আমাৰ হয়তো কৰ্মৰ অভাৱেই নহ’ব৷ ৰপ্তানিৰ বজাৰখনৰ বাবে অলপ জ্ঞানৰ প্ৰয়োজন। এই ক্ষেত্ৰত আমাক ন ন ডিজাইন, উৎপাদিত সামগ্ৰীৰ আকৰ্ষণ, ৰপ্তানি কৰিব খোজা দেশৰ পৰিৱেশ সম্পৰ্কীয় আইন আৰু পেকেজিংৰ ওপৰত জ্ঞানখিনি লাগিব ৷প্ৰয়োজনীয় জ্ঞানখিনি সংশ্লিষ্ট সংস্থাৰ লগত যোগাযোগ কৰিলে পাব পৰা যায়৷